ত্ৰিপুৰাত নতুন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 22, 2022, 10:52 AM IST

Tripura

কেন্দ্ৰীয় চৰকাৰে দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে (New dental college to be set up in Tripura)। ব্ৰু লোকসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই আলোচনা কৰিছে ।

আগৰতলা, ২২ ছেপ্টেম্বৰ : ত্ৰিপুৰাত স্থাপন হ'ব এখন নতুন দন্ত চিকিৎসা মহাবিদ্যালয় (New dental college to be set up in Tripura)। বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ মানিক সাহাই ঘোষণা কৰে এই কথা । আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত আয়োজিত ত্ৰিপুৰা বাতৰি কাকত সমাজৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Tripura CM attends news paper society program)।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, শেহতীয়াকৈ তেওঁ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াক সাক্ষাৎ কৰিছে (Tripura CM meet union health minister)। সাক্ষাতৰ সময়ত তেওঁলোকে ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ ওপৰত আলোচনা কৰিছে । দুয়োগৰাকী নেতাই ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন সম্পৰ্কেও বিভিন্ন আলোচনা কৰে ।

বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত এখন দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বিষয়টো উত্থাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ এই অনুৰোধক সঁহাৰি জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে অতি শীঘ্ৰে ৰাজ্যখনত দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা উল্লেখ কৰি ৰাজ্যবাসীৰ বাবে এয়া অতি ভাল খবৰ বুলিও কয় ।

উল্লেখ্য যে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা (Tripura CM meet Amit Shah)। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ব্ৰু লোকসকলৰ স্থায়ী পুনৰ সংস্থাপন সন্দৰ্ভত গৃহমন্ত্ৰীৰ সৈতে তেওঁ আলোচনা কৰে । তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্য চৰকাৰৰ এই পদক্ষেপক গৃহমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰা বুলিও অনুষ্ঠানত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে ব্ৰু লোকসকলৰ পুনৰ সংস্থাপনৰ চূড়ান্ত তাৰিখ বৃদ্ধি কৰিবলৈ গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে (Tripura CM on Bru people)। গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ অনুৰোধক সেউজ সংকেত প্ৰদান কৰি ৰাজ্যখনৰ ব্ৰু লোকসকলক স্থায়ীভাৱে পুনৰ সংস্থাপন কৰাৰ চূড়ান্ত তাৰিখ বৃদ্ধি কৰিব বুলি কৈছে ।

লগতে পঢ়ক :দুৰ্গা পূজা উপলক্ষে আগৰতলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.