ETV Bharat / bharat

ত্ৰিপুৰা বিজেপিত খহনীয়া আৰম্ভ !

author img

By

Published : Oct 5, 2021, 10:54 AM IST

ত্ৰিপুৰাত টিএমচিয়ে ৰাজনৈতিক স্থিতি শক্তিশালী কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছে । ইতিমধ্যে কংগ্ৰেছ, বাওঁপন্থী নেতাৰ লগতে শাসকীয় দলৰো বহু নেতা কৰ্মীয়ে টিএমচিত যোগদান কৰিছে । এইবাৰ এগৰাকী বিজেপি বিধায়ক টিএমচিত যোগদানৰ বাবে সাজু হৈছে ।

TMC
ত্ৰিপুৰা বিজেপিত খহনীয়া আৰম্ভ

আগৰতলা, ৫ অক্টোবৰ : ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে (TMC) দলৰ ভেটি শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । এইবাৰ টিএমচিত যোগদান কৰিবলৈ সাজু হৈছে বিজেপি বিধায়ক তথা বিসম্বাদী শিবিৰৰ অন্যতম নেতা আশীষ দাস । বিশেষ সূত্ৰই জনোৱা মতে তৃণমূল কংগ্ৰেছ ভৱনত সুৰমা বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীক দেখা গৈছে আৰু টিএমচিৰ সভাপতি সুব্ৰত বক্সীক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে ।

কেৱল এয়াই নহয় বিজেপি বিধায়কগৰাকীয়ে টিএমচিৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে টিএমচিত যোগদান কৰাৰো সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই সন্দৰ্ভত মঙলবাৰে কালীঘাটত এখন বৈঠক আহ্বান কৰা হৈছে কিন্তু তেওঁৰ যোগদান বুধবাৰে হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে ।

উল্লেখ্য যে, বিজেপি দলৰ বিৰুদ্ধে বিভিন্ন সময়ত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে বিধায়কগৰাকীয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত দাসে ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ চেষ্টা চলাইছিল কিন্তু সেই সময়ত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে (Chief Minister Biplab Kumar Deb) তেওঁক নীৰৱ হৈ থাকিবলৈ বাধ্য কৰিছিল ।

তেতিয়াৰ পৰা বিজেপি দল আৰু বিধায়ক দাসৰ মাজৰ দূৰত্ব কিছু পৰিমাণে বৃদ্ধি হৈছিল । আনকি তেওঁৰ নিজৰ সমষ্টিৰ ক্ষেত্ৰতো বিভিন্ন সিদ্ধান্ত লোৱাৰ পৰা তেওঁক বঞ্চিত কৰা হৈছিল । পৰৱৰ্তী সময়ত আশীষ দাসে বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনৰ নেতৃত্বৰ বিধায়কসকলৰ বিসম্বাদী শিবিৰত যোগদান কৰে ।

ৰাজ্যিক নেতৃত্বৰ সৈতে হোৱা মত-বিৰোধৰ বাবে বিজেপি বিসম্বাদী শিবিৰে কেইবাদিনো ধৰি দিল্লীত বাহৰ পাতিছিল । দলৰ কেইবাগৰাকী শীৰ্ষ নেতাকো তেওঁলোকে সাক্ষাৎ কৰিছিল । বিধায়কসকলে আশা কৰিছিল যে শীৰ্ষ নেতৃত্বই তেওঁলোকৰ সপক্ষে থিয় দিব । ইয়াৰ মাজতে, দাসে দলটোৰ অৱস্থাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল ।

মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য কৰাৰ পাছতো কিন্তু শাসকীয় বিজেপিয়ে বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল । এগৰাকী ৰাজনৈতিক বিশ্লেষকৰ মতে দাসে গম পাইছে যে বিজেপিয়ে তেওঁক কেতিয়াও টিকট নিদিয়ে । আনহাতে, তেওঁৰ ৰাজনীতি সদায় বাওঁপন্থী দলৰ বিৰুদ্ধে আছিল । সেয়েহে টিএমচি হৈছে তেওঁৰ একমাত্ৰ আৰু সৰ্বশ্ৰেষ্ঠ বিকল্প ।

অৱশ্যে টিএমচিত যোগদান কৰি তেওঁ কি ধৰণৰ স্থান লাভ কৰে সেয়া তেওঁৰ ৰাজনৈতিক ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও উল্লেখ কৰে ৰাজনৈতিক বিশ্লেষক গৰাকীয়ে । ইয়াৰ মাজতে বিজেপি বিধায়ক দাসে সামাজিক মাধ্যমত দিয়া এটা বিশেষ পোষ্টে ৰাজ্যখনত ব্যাপক চৰ্চা লাভ কৰিছে । পোষ্টটোত তেওঁ টিএমচিৰ শীৰ্ষ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰশংসা কৰা দেখা গৈছে ।

উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা মমতা বেনাৰ্জীয়ে (Mamata Banerjee) বিপুল জয় সাব্যস্ত কৰাত বিধায়কগৰাকীয়ে আনন্দ প্ৰকাশ কৰে । বিজেপিক সমালোচনা কৰি তেওঁ কয় যে বিজেপি শাসিত সকলো ৰাজ্যতে সকলো ঠাইতে এক স্বৈৰাচাৰী শাসন চলি আছে । উত্তৰ প্ৰদেশ, গুজৰাট আৰু ত্ৰিপুৰাও ইয়াৰ ব্যতিক্ৰম নহয় । মঙলবাৰে কালীঘাটত এখন সভা আছে আৰু তাৰ পিছতে তেওঁৰ সকলোবোৰ সিদ্ধান্ত ৰাইজে গম পাব বুলি বিধায়কগৰাকীয়ে পোষ্টটোত উল্লেখ কৰে ।

লগতে পঢ়ক :পাকিস্তানে শান্তিৰ কথা কয়; কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.