ETV Bharat / bharat

Encounter in Shopian: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:22 AM IST

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ ৷ সংঘৰ্ষৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী ৷ সন্ত্ৰাসবাদীৰ দলটোৱে কোনো বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে নিৰাপত্তা বাহিনীয়ে । সম্প্ৰতি সন্ত্ৰাসবাদীটোৰ সহযোগীসকলক বিচাৰি নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত অব্যাহত ৰাখিছে অভিযান ।

Encounter in Shopian
সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

নিউজ ডেস্ক, ৯ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ শ্বপিয়ানৰ কাতোহলান অঞ্চলত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্ট চমুকৈ টিআৰএফৰ এটা সন্ত্ৰাসবাদী নিহত হয় । কাশ্মীৰ মণ্ডল আৰক্ষীৰ তথ্য অনুসৰি, সন্ত্ৰাসবাদীটোৰ পৰা অস্ত্ৰ-শস্ত্ৰকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । নিৰাপত্তাৰক্ষীৰ দলে নিহত সন্ত্ৰাসবাদীটোৰ সহযোগীসকলক বিচাৰি অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে ।

তথ্য অনুসৰি, কাটোহলান অঞ্চলত টি আৰ এফ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰে । এই তথ্য় লাভ কৰাৰ পিচতেই নিৰাপত্তাৰক্ষীৰ এটা দলে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলায় । নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত অঞ্চলটোত আবদ্ধ হৈ থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও সন্ত্ৰাসবাদীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷

এই গুলীচালনাত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য লাভ কৰা হৈছে । বৰ্তমানলৈ জানিব পৰা হোৱা নাই নিহত সন্ত্ৰাসবাদীটোৰ পৰিচয় । আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীটোৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । সন্ত্ৰাসবাদীৰ দলটোৱে কোনো বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে নিৰাপত্তা বাহিনীয়ে ।

এই এনকাউণ্টাৰৰ পিচত সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে । সমান্তৰালভাৱে অঞ্চলটোত তালাচী অভিযানো চলোৱা হৈছে ।নিহত সন্ত্ৰাসবাদীটোৰ সহযোগীসকলে অঞ্চলটোত আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইফালে চোৰাংচোৱাৰ সহায়ত আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ দলটোৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Sleeper bus catches fire: দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱেত ভয়ংকৰ অগ্নিকাণ্ড; ২ জন নিহত, ১২ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.