ETV Bharat / bharat

Sleeper bus catches fire: দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱেত ভয়ংকৰ অগ্নিকাণ্ড; ২ জন নিহত, ১২ জন আহত

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 8:50 AM IST

গুৰুগ্ৰামৰ পৰা জয়পুৰ অভিমুখী চলন্ত নৈশবাছত হঠাতে সংঘটিত হয় অগ্নিকাণ্ডৰ ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল ৷ ইয়াৰে দুজন যাত্ৰী নিহত হোৱাৰ লগতে ১২ জন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ।

sleeper bus catches fire
দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱেত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ৯ নৱেম্বৰ: দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা এখন নৈশবাছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত দুজন যাত্ৰী নিহত হোৱাৰ লগতে ১২ জন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় । জয়পুৰৰ পৰা দিল্লী অভিমুখে গৈ আছিল এ আৰ ০১ কে ৭৭০৭ নম্বৰৰ ডাবল ডেকাৰ বাছখন । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা হৈছে ।

গুৰুগ্ৰামৰ চিগনেচাৰ টাৱাৰৰ সমীপত বুধবাৰে নিশা প্ৰায় ৯ বজাত হঠাৎ বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হয় । কিন্তু অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰালৈ বাছখন সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হয় ৷ অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

বাছখনত জুই লগাৰ লগে লগে যাত্ৰীসকলে বাহিৰলৈ ওলাই পলায়ন কৰিবলৈ ধৰে ৷ কিন্তু জুইয়ে কম সময়ৰ ভিতৰতে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু বাছখন জ্বলি ভস্মীভূত হয় ৷ এই ঘটনাত দুজন যাত্ৰী নিহত হোৱাৰ লগতে ১২ জন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় । আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আহতসকলৰ পাঁচজনক মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বাকীসকলক অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ।

অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, দিল্লীৰ পৰা জয়পুৰলৈ যোৱা মূল পথৰ ঝাৰছা ফ্লাই অভাৰৰ সমীপত নিশা প্ৰায় ৮.৩০ বজাত নৈশ বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰে ৷ নৈশ বাছত জুই লাগি যোৱাৰ তথ্য পোৱাৰ পিচতেই ততাতৈয়াকৈ তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উক্ত স্থানলৈ প্ৰেৰণ কৰা হয় । কিন্তু জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে দুজন যাত্ৰী মৃত্যুমুখত পৰে আৰু আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷

ইফালে অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৭ জন যাত্ৰী শৰীৰত ৩০ৰ পৰা ৫০ শতাংশ জুইত অগ্নিদগ্ধ হোৱাৰ কথা চিকিৎসকে জানিবলৈ দিয়ে ৷ তেওঁ লগতে আহতসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিয়ে । জানিব পৰা মতে, উপ আয়ুক্ত নিশান্ত কুমাৰ যাদৱ আৰু গুৰুগ্ৰাম আৰক্ষী আয়ুক্ত বিকাশ কুমাৰ অৰোৰাই এই অগ্নিকাণ্ডৰ পাচত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে । আৰক্ষীয়ে লগতে মৃত লোকদুজনৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Accidents on Samruddhi Expressway : বিগত ছমাহত সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে 88 জনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.