ETV Bharat / bharat

Odisha Train Tragedy; বালাচোৰৰ দুয়োটা লাইনতে পুনৰ আৰম্ভ ৰে’ল সেৱা: অশ্বিনী বৈষ্ণৱ

author img

By

Published : Jun 5, 2023, 7:45 AM IST

Odisha Train Tragedy
ড়িশাৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ প্ৰায় ৪৮ ঘণ্টা পাৰ হ’ল

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ তিনিদিন অতিক্ৰম কৰিলে (Triple train crash in Odisha)৷ দুৰ্ঘটনা সংঘটিত হোৱা দুয়োটা লাইনতে ইতিমধ্যে ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে (Train services resume on both lines in Balasore) । ANI ৰ আগত এই কথা ব্যক্ত কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷

নেশ্যনেল ডেস্ক, ৫ জুন : ওড়িশাৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ প্ৰায় ৪৮ ঘণ্টা পাৰ হ’ল (Triple train crash in Odisha)৷ কিন্তু ৰে’ল বিভাগৰ তৰফৰ পৰা এই দুৰ্ঘটনা সন্দৰ্ভত বিতংকৈ জাৰি কৰা নাই কোনো বিবৃতি ৷ অৱশ্যে এই ৰে’ল দুৰ্ঘটনাৰ সমগ্ৰ বিষয়টো নিজে নিৰীক্ষণ কৰিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷ দেওবাৰে সংবাদ সংস্থা ANI ৰ সৈতে হোৱা বাৰ্তালাপত ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ লগতে ক্ষতিগ্ৰস্ত ট্ৰেকসমূহৰ পুনৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছে ।

এই দুৰ্ঘটনাৰ প্ৰায় ৫১ ঘণ্টাৰ পিচত দুয়োটা লাইনতে স্বাভাৱিক ৰে’ল সেৱা পুনৰ আৰম্ভ কৰা হৈছে । ইলেক্ট্ৰনিক ইন্টাৰলকৰ পৰিৱৰ্তনৰ বাবেই ওড়িশাত এই দুৰ্ঘটনা সংঘটিত হৈছে । এই কথা ব্যক্ত কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷ ইফালে দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া, ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দুৰ্ঘটনাত আহত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷

ইফালে ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই স্পষ্ট কৰি দিয়ে যে কিছুমান মৃতদেহ দুবাৰকৈ গণনা কৰা হৈছে ৷ এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৮৮ নহয়, ২৭৫ হে ৷ যাৰ ভিতৰত ৮৮ টা মৃতদেহ চিনাক্ত কৰা হৈছে । এই দুৰ্ঘটনাত আহতৰ সংখ্যা ১১৭৫ গৰাকী বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত, ৭৯৩ জনক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাইয়ে ANI ৰ আগত সদৰী কৰিছে এই কথা ৷

দেওবাৰে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ANI ৰ আগত উল্লেখ কৰা অনুসৰি, বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে (CBI to probe Odisha Train Accident Tragedy) ৷ আনহাতে, ওড়িশা ৰে’ল দুৰ্ঘটনাৰ পাচত নৈতিক দায়িত্ব মোদী চৰকাৰে স্বীকাৰ কৰিব লাগে বুলি মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰচাৰ আৰু মিডিয়া বিভাগৰ মুৰব্বী পৱন খেৰাই (Pawan Khera demands to resign Railway Minister) ৷ লগতে তেওঁ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পদত্যাগ কৰিব লাগে বুলিও মন্তব্য কৰে (Odisha Train Tragedy news) ৷

লগতে পঢ়ক : Odisha Train Tragedy: ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী পৱন খেৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.