ETV Bharat / bharat

Odisha Train Tragedy: ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী পৱন খেৰাৰ

author img

By

Published : Jun 4, 2023, 9:18 PM IST

Updated : Jun 4, 2023, 10:17 PM IST

ওড়িশা ৰে’ল দুৰ্ঘটনাৰ পিচতে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰচাৰ আৰু মিডিয়া বিভাগৰ মুৰব্বী পৱন খেৰাৰ (Pawan Khera demands to resign Railway Minister) ৷ ৰে’ল বিভাগৰ সম্পূৰ্ণ অৱহেলা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি অৱজ্ঞাৰ বাবে মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হ’ল ।

Odisha Train Tragedy Congress demands Railway Minister Ashwini Vaishnaw's resignation
ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী পৱন খেৰাৰ

নিউজ ডেস্ক, 4 জুন : "ওড়িশা ৰে’ল দুৰ্ঘটনাৰ পাচত নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে মোদী চৰকাৰে ৷ পদত্যাগ কৰিব লাগে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Odisha Train Tragedy news) ৷ ৰে’ল বিভাগৰ সম্পূৰ্ণ অৱহেলা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি অৱজ্ঞাৰ বাবে মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হ’ল । সম্পূৰ্ণ অৱহেলা, ব্যৱস্থাপনাত আসোঁৱাহ আৰু মোদী চৰকাৰৰ জ্ঞাতে হোৱা এক মানৱ সৃষ্ট ধ্বংসযজ্ঞ ৷" ওড়িশাৰ ত্ৰিপল ৰে’ল দুৰ্ঘটনাৰ পিচতেই দেওবাৰে এক সংবাদমেলযোগে ক্ষোভ উজাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰচাৰ আৰু মিডিয়া বিভাগৰ মুৰব্বী পৱন খেৰাৰ (Pawan Khera demands to resign Railway Minister) ৷

খেৰাই লগতে কয়, "এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি দিয়া হ'ব বুলি ঘোষণা কৰা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ৰে’লমন্ত্ৰীক শাস্তি প্ৰদানৰ পৰা আৰম্ভ কৰিব লাগিব (AICC press meet on Odisha Train Tragedy) ৷ 1956 চনৰ নৱেম্বৰ মাহত আৰিয়ালুৰ ৰে'ল দুৰ্ঘটনাৰ পাচত তেতিয়াৰ মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে পদত্যাগ কৰিছিল ৷ একেদৰে নীতিশ কুমাৰে ১৯৯৯ চনৰ আগষ্টত সংঘটিত ভয়ংকৰ গাইচাল ৰে'ল দুৰ্ঘটনাৰ পিচত পদত্যগ কৰিছিল ৷ গতিকে পূৰ্বৰ মন্ত্ৰী সকলৰ দৰে বৰ্তমানৰ ৰে’লমন্ত্ৰীয়েও নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে (Odhisha Triple train accident)৷"

"বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদী নিজেই দায়বদ্ধ। তেওঁ নিজেই ভাৰতীয় ৰে’লত ‘সকলো ঠিকেই আছে’ৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে দায়বদ্ধ ৷ ভাৰতীয় ৰে'লৰ গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল আন্তঃগাঁথনিক অৱহেলা কৰিছে চৰকাৰে ৷" খেৰাই চৰকাৰক সমালোচনা কৰি এই মন্তব্য প্ৰকাশ কৰে (publicity and media department head Pawan Khera) ৷

খেৰাই প্ৰশ্ন কৰিছিল যে স্বাধীন ভাৰতত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ বাবে কোন দায়ী। তেওঁ প্ৰশ্ন কৰে যে কেৱল নিম্ন বা মধ্যপৰ্যায়ৰ বিষয়াসকলক জবাবদিহি কৰা হ'ব নে 'বন্দে ভাৰত' ৰে'লৰ বাবে সকলো কৃতিত্ব লোৱা ব্যক্তিজনক সুৰক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰতই স্পষ্টভাৱে অৱজ্ঞা কৰাৰ বাবে দায়বদ্ধ কৰা হ'ব? কংগ্ৰেছী নেতাজনে লগতে প্ৰশ্ন উত্থাপন কৰে যে এইবাৰ পৰীক্ষণৰ পিচত সমগ্ৰ দেশতে ৰে'লৰ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ মোদী চৰকাৰে কেতিয়া বহুচৰ্চিত 'কৱচ' প্ৰণালী ৰূপায়ণ কৰিব (Congress demands Railway Minister resignation )।

লগতে কংগ্ৰেছী নেতাজনে চৰকাৰে কেতিয়া ৰাষ্ট্ৰীয় ৰে'ল সুৰক্ষা পুঁজিক (আৰআৰএছকে) অধিক পুঁজি দিব আৰু ভাৰতীয় ৰে'লত তিনি লাখতকৈও অধিক খালী পদ পূৰণ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ওড়িশাৰ বালাচোৰ জিলাত এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হৈ ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হৈ ওলটি যায় ৷

একে সময়তে, ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ কিছু ডবাই বেংগালুৰু-হাওৰা এক্সপ্ৰেছৰ শেষৰ দুটা ডবাত খুন্দা মাৰে ৷ এই ভয়ংকৰ দুৰ্ঘটনা ২৭৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে ১,১০০ ৰো অধিক লোক আহত হৈছে।

লগতে পঢ়ক: Odisha Train accident : বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত আহত অসমৰ ৰূপক দাস, ওড়িশালৈ ৰাওনা অসমৰ স্বাস্থ্য বিষয়া

Last Updated :Jun 4, 2023, 10:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.