ETV Bharat / bharat

G-20 summit: জি-20 শীৰ্ষ সন্মিলনৰ বাবে পানী নসৰকা নিৰাপত্তা ৰাজধানী দিল্লীত

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 9:24 AM IST

G 20 summit
জি 20 শীৰ্ষ সন্মিলনৰ বাবে পানী নসৰকা নিৰাপত্তা গঢ়ি তোলা হৈছে ৰাজধানী দিল্লী

জি-20 শীৰ্ষ সন্মিলনৰ বাবে সাজু হৈছে ভাৰত ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৰাজধানী দিল্লীত ৷ সাজু হৈছে দিল্লী আৰক্ষীও ৷

নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ: বিশ্বৰ 20 খন ৰাষ্ট্ৰৰ নেতাক আদৰিবলৈ সাজু হৈছে ভাৰত ৷ আটক-ধুনীয়াকৈ সজাই তোলা হৈছে ৰাজধানী দিল্লী ৷ গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া জি-20 শীৰ্ষ সন্মিলনৰ বাবে উথপথপ পৰিৱেশ দিল্লী ৷ 9 আৰু 10 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগীয়া জি-20 শীৰ্ষ সন্মিলনৰ সময়ত যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ বাবে দিল্লী আৰক্ষীয়ে 24 ঘণ্টাই কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ৷

বৰ্তমানৰ নিৰাপত্তাৰ কেনেধৰণে গঢ়ি তোলা হৈছে এই সন্দৰ্ভত শ্বাহদ্ৰাৰ ভাৰপ্ৰাপ্ত ডিচিপি হৰ্ষ ইন্দোৰাই নিউজ এজেঞ্চি ANI ক জনোৱা অনুসৰি, ‘‘দিল্লীৰ লগতে বাহিৰৰ পৰাও আহিছে নিৰাপত্তাৰক্ষী ৷ 24 ঘন্টা নিৰাপত্তা দি থকা হৈছে ৷ নিয়মীয়াকৈ পেট্ৰ'লিং চলি আছে । বান্ধি দিয়া নিয়ম অনুসৰি সময়ত বন্ধ কৰি দিয়া হৈছে বজাৰসমূহ ৷ কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নিয়মীয়াকৈ তালাচি চলোৱা হৈছে ৷ আমি যমুনা খাদৰ অঞ্চলত নিয়মীয়া কৈ তালাচি চলাই আছো ৷ কাৰণ ই ৰাজঘাট স্থানৰ ওচৰ পৰে । কন্দুৱা গেছৰ বাবেও অনুশীলনো কৰা হৈছে ৷’’

ইফাল জি-20 শীৰ্ষ সন্মীলনৰ সময়ত দিল্লীৰ বতৰ কেনে থাকিব সেই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আই এম ডিয়ে ৷ 24 ঘণ্টাই বতৰ নিৰীক্ষণ কৰি থকা বিভাগটোৱে বৃহস্পতিবাৰে দিল্লীৰ লগতে বিভিন্ন স্থানৰ বতৰৰ আগলিবতৰা প্ৰদান কৰিব ৷ আনহাতে দিল্লীৰ 9টা গুৰুত্বপূৰ্ণ স্থান যেনে আই জি আই বিমানবন্দৰ, নতুন দিল্লী ৰে’ল ষ্টেচন, চান্দিনী চ’ক, অক্ষ্যৰধাম মন্দিৰ, ল’টাছ মন্দিৰ, কুটুব মিনাৰ, ৰাজঘাট, দিল্লী বিশ্ববিদ্যালয় আৰু লোধি ৰোডৰ দৰে মুখ্য পৰ্যটন আৰু ঐতিহাসিক স্থানসমূহত বতৰ ফৰকাল হৈ থাকিব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞানীয়ে ৷

লগতে পঢ়ক:PM Modi in Indonesia: ২০ সংখ্যক এছিয়ান-ভাৰত সন্মিলনৰ বাবে জাকাৰ্টাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.