ETV Bharat / bharat

PM Modi in Indonesia: ২০ সংখ্যক এছিয়ান-ভাৰত সন্মিলনৰ বাবে জাকাৰ্টাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:09 AM IST

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ আমন্ত্ৰণ মৰ্মে বৃহস্পতিবাৰে পুৱাই জাকাৰ্টাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তাৰ পাচত জাকাৰ্টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মহিলা সৱলীকৰণ আৰু শিশু সুৰক্ষা মন্ত্ৰী আই.গুষ্টি আয়ু বিনটাং দৰমাৱতীয়ে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীক ৷

PM Modi gets rousing welcome from Indian diaspora in Indonesia
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত মোদী

নেশ্যনেল ডেস্ক, ৭ ছেপ্টেম্বৰ : বুধবাৰে বিয়লিভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ জাকাৰ্টালৈ ৰাওনা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ২০ সংখ্যক এছিয়ান-ভাৰত সন্মিলন (২০th ASEAN-Indian Summit) আৰু ৭ ছেপ্টেম্বৰ অৰ্থাৎ আজি জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব ।

জাকাৰ্টালৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ১০ খন দেশৰ প্ৰভাৱশালী গোট এছিয়ানৰ নেতাসকলৰ সৈতে ভাৰতৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ ৰূপৰেখাৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহী ।

তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱাই জাকাৰ্টাত অৱতৰণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকী জাকাৰ্টাত উপস্থিত হোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে মহিলা সৱলীকৰণ আৰু শিশু সুৰক্ষা মন্ত্ৰী আই.গুষ্টি আয়ু বিনটাং দৰমাৱতীয়ে আদৰণি জনায় ৷ লগতে জাকাৰ্টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত ইণ্ডোনেছিয়াৰ সাংস্কৃতিক নৃত্যও পৰিৱেশন কৰা হয় ৷

ইফালে জাকাৰ্টাৰ ৰিটজ কাৰ্লটন হোটেলত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে ত্ৰিৰংগ পতাকা লৈ ‘বন্দে মাতৰম’ আৰু ‘মোদী মোদী’ ধ্বনি দি তেওঁক উষ্ম আদৰণি জনায় ৷ উপস্থিত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত উপস্থিত আছিল বহু শিশুও ৷ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ আমন্ত্ৰণত জাকাৰ্টা ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে ৷

উল্লেখ্য যে, বুধবাৰে ইণ্ডোনেছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এক বিবৃতিত কয় যে বিশ্বজনীন প্ৰত্যাহ্বানসমূহ সামূহিকভাৱে মোকাবিলা কৰিবলৈ ব্যৱহাৰিক সহযোগিতাৰ ব্যৱস্থাসমূহৰ ওপৰত অন্যান্য নেতাসকলৰ সৈতে মত বিনিময় কৰিবলৈ তেওঁ আগ্ৰহী । তেওঁ এছিয়ান গোটৰ সৈতে হোৱা যোগাযোগক ভাৰতৰ ‘‘Act East Policy’’ৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলিও অভিহিত কৰে ।

যোৱা বছৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণৰ কথা সুঁৱৰি মোদীয়ে আস্থা প্ৰকাশ কৰে যে এই ভ্ৰমণে এছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (পূব) সৌৰভ কুমাৰে মঙলবাৰে এক সংবাদমেলত কয় যে, মোদীয়ে এই সন্মিলনত এছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰি অধিক দিশ নিৰ্দেশনা দিব ।

৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীলৈ উভতি আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

লগতে পঢ়ক : Karnataka News: তীব্ৰ খৰাং; 12 ছেপ্টেম্বৰৰ পৰা তামিলনাডুলৈ পানী এৰাত ব্যৰ্থ হ’ব কৰ্ণাটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.