ETV Bharat / bharat

TTAADC session : ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদত খালী হৈ আছে প্ৰায় ১০৪৭৪ টা পদ

author img

By

Published : Dec 21, 2021, 1:03 PM IST

10474 posts are lying vacant in Tripura district council
ত্ৰিপুৰা জিলা পৰিষদৰ বিভিন্ন বিভাগত খালী হৈ আছে প্ৰায় ১০৪৭৪ টা পদ

বৰ্তমান ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ বিভিন্ন বিভাগত খালী হৈ আছে প্ৰায় ১০৪৭৪ টা পদ(Vacancies in TTAADC) । পৰিষদৰ অধিৱেশনত মনোনীত সদস্য বিদ্যুৎ দেৱবাৰ্মাৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণচন্দ্ৰ জামাতিয়াই ।

নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অধিৱেশনত খালী পদ পূৰণৰ প্ৰসংগ উত্থাপন । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণচন্দ্ৰ জামাতিয়াই জনোৱা মতে, এতিয়া পৰিষদৰ বিভিন্ন বিভাগত প্ৰায় ১০৪৭৪ টা পদ খালী হৈ আছে(10474 posts are lying vacant in TTAADC) । অধিৱেশনৰ দ্বিতীয় দিনাৰ প্ৰশ্নোত্তৰ কালত মনোনীত সদস্য বিদ্যুৎ দেৱবাৰ্মাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত এই কথা জনায় পূৰ্ণচন্দ্ৰ জামাতিয়াই( Purnachandra Jamatia in TTAADC session) । বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহৰ ভিতৰত উপ-আঞ্চলিক বিষয়াৰ ৩৩ টা আৰু গাঁও সচিবৰ ২৯০ টা পদ খালী হৈ আছে ।

খালী পদসমূহত অস্থায়ী বিষয়া আৰু সচিব নিযুক্ত কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । তেওঁ কয় যে, যদি বিত্তীয় দিশৰ পৰা সুবিধা থাকে, তেন্তে খালী পদসমূহ পূৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব । অধিৱেশনৰ সময়ত ত্ৰিপুৰা জিলা পৰিষদ টি ই ডি(অনুজ্ঞা পত্ৰ আৰু নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক ২০২১ৰ সাধাৰণ আলোচনাকে ধৰি ৪ খন বিধেয়ক সন্দৰ্ভত আলোচনা কৰা হয় । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ(সংবিধান, নিৰ্বাচন আৰু ব্যৱসায় পৰিচালনা) বিংশ সংশোধনী বিধেয়ক ২০২১, টিটিএএডিচি আৰক্ষী সেৱা বিধেয়ক ২০২১ৰ সাধাৰণ আলোচনা আৰু টিটিএএডিচি গাঁও কমিটী(নিৰ্বাচন অনুষ্ঠিত কৰাৰ চতুৰ্থ সংশোধনী) বিধেয়ক ২০২১ৰ সাধাৰণ আলোচনাও কৰা হয় ।

পৰিষদৰ অধ্যক্ষ জগদীশ দেৱবাৰ্মাই অধিৱেশনত বিধেয়ককেইখন উপস্থাপন কৰে । তেওঁ কয় যে, শাসকীয় দল, বিৰোধী আৰু মনোনীত সদস্যকে ধৰি সকলো দলে বিধেয়কসমূহৰ প্ৰতি তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন জনাইছে । অৱশ্যে, জগদীশ দেৱবাৰ্মাই কয় যে, আৰক্ষী বিধেয়কখনৰ বিষয়ত অধিক আলোচনা কৰা প্ৰয়োজন আছে ।

লগতে পঢ়ক:IAF aircraft crash : দুবছৰত ভাৰতীয় বায়ুসেনাৰ 7 খন বিমান দুৰ্ঘটনাত পতিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.