IAF aircraft crash : দুবছৰত ভাৰতীয় বায়ুসেনাৰ 7 খন বিমান দুৰ্ঘটনাত পতিত

author img

By

Published : Dec 21, 2021, 8:58 AM IST

IAF aircraft crash

বিগত দুবছৰত ভাৰতীয় বায়ু সেনাৰ সাতখনকৈ বিমান দুৰ্ঘটনাগ্ৰস্ত (IAF aircraft crash) হৈছে ৷ সোমবাৰে কেন্দ্ৰই ৰাজ্যসভাত দাখিল কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পায় ৷ কিন্তু এই শ্ৰেণীত তেজছ বিমানক অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷ ইয়াৰ বিপৰীতে ভাৰতীয় বায়ু সেনাৰ অংশ হিচাপেহে উল্লেখ কৰা হৈছে ৷

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : বিগত দুবছৰত ভাৰতীয় বায়ু সেনাৰ সাতখনকৈ বিমান দুৰ্ঘটনাত পতিত (IAF aircraft crash) হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ৰাজ্যসভাত এই কথা সদৰী কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটে সদনত এক প্ৰশ্নৰ উত্তৰ হিচাপে এই তথ্য সদৰী কৰে ৷

এইসমূহ দুৰ্ঘটনাগ্ৰস্ত সাতখন বিমানৰ ভিতৰত শেহতীয়াকৈ মধ্যপ্ৰদেশত দুৰ্ঘটনাত পতিত হোৱা মিৰাজ 2000 ক অন্তৰ্ভূক্ত কৰা হৈছে ৷ মন্ত্ৰীগৰাকীয়ে এই দুৰ্ঘটনাসমূহৰ প্ৰকৃত কাৰণ জানিবলৈ আদালত (COI) ৰ দ্বাৰস্থ হ’ব বুলি সদৰী কৰে ৷ সদনত উত্থাপিত এক প্ৰশ্নৰ উত্তৰ হিচাপে মন্ত্ৰীগৰাকীয়ে এই প্ৰতিবেদন দাখিল কৰে ৷ ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই শ্ৰেণীত তেজছ বিমানক অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷ বৰং ভাৰতীয় বায়ু সেনাৰ দ্বাৰা নিৰ্মিত বিমানৰ আধুনিকীকৰণৰ অংশ হিচাপে ইয়াক সন্নিৱিষ্ট কৰা হৈছে ৷

উল্লেখ্য যে, বিগত 30 ছেপ্তেম্বৰলৈকে প্ৰায় 24 খন তেজছ জেট বিমান নিৰ্মাণৰ নামত চৰকাৰে ব্যয় কৰিছিল 6,653 কোটি টকা ৷ পৰৱৰ্তী সময়ত চৰকাৰে 123 খন তেজছ যুঁজাৰু বিমান নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও সদৰী কৰে ভাটে ৷

চৰকাৰে যুৱক-যুৱতীসকলৰ বাবে বাধ্যতামূলক সামৰিক প্ৰশিক্ষণৰ প্ৰস্তাৱ দিয়াৰ পৰিকল্পনা কৰিছে নেকি বুলি সদনত এক প্ৰশ্ন উত্থাপিত হৈছিল ৷ এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে সদ্যহতে এনে পৰিকল্পনা নকৰা বুলি জানিবলৈ দিয়ে ৷

ইয়াৰ বিপৰীতে মন্ত্ৰীগৰাকীয়ে "আমাৰ সশস্ত্ৰ বাহিনীৰ ওচৰত বহুসংখ্যক স্বেচ্ছাসেৱক আছে ৷ পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰাত কোনো সমস্যা নাথাকে ৷ সেয়েহে দেশৰ সকলো সক্ষম ব্যক্তিক বাধ্যতামূলকভাৱে সামৰিক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন নাই" বুলি মন্তব্য কৰে ৷

লগতে চাওক: ওড়িশাত গুটখা প্ৰস্তুত কৰা কাৰখানাত ভয়াৱহ অগ্নিকাণ্ড; ২৫ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.