ETV Bharat / bharat

Uri encounter : উৰিৰ এনকাউণ্টাৰত ৩ সন্ত্ৰাসবাদী নিহত, উদ্ধাৰ মাৰণাস্ত্ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:52 PM IST

উৰিত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । ৩ পাকিস্তানী সন্ত্ৰাসবাদী নিহত । অভিযানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয় ।

Uri encounter
উৰিৰ এনকাউণ্টাৰত ৩ সন্ত্ৰাসবাদী নিহত

উৰিৰ এনকাউণ্টাৰত ৩ সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে । তেনে এক অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হৈছে উৰি সীমান্তত । অৱশ্যে সেনাৰ তাৎক্ষণিক প্ৰচেষ্টাৰ বাবে পাকিস্তানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল হয় । সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হোৱাও দেখা যায় । য'ত ৩ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ দাবী কৰিছে ভাৰতীয় সেনাই । উৰি এনকাউণ্টাৰ সন্দৰ্ভত উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাত সেনাই শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই কয় যে উৰিৰ সীমান্তৱৰ্তী হাটলিঙ্গা গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয় । য'ত ৩ টা পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয় ।

তেওঁ কোৱা মতে পুৱা সন্ত্ৰাসবাদীকেইটাই অনুপ্ৰৱেশৰ চেষ্টা কৰে । লগে লগে সেনা আৰু আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ তালাচী অভিযান আৰম্ভ কৰে । সন্ত্ৰাসবাদী কেইটা লুকাই থকাৰ উমান পাই নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান চলায় । সেই সময়ত সন্ত্ৰাসবাদীকেইটাই নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰে আৰু তাৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে ।

সেনা বিষয়াগৰাকীয়ে জনোৱা মতে অঞ্চলটো সুৰক্ষা বাহিনীয়ে ঘেৰাও কৰি ৰাখে । বিষয়াগৰাকীৰ মতে পাকিস্তানে উৰিৰ সীমান্তৰ পৰা নিৰন্তৰ সন্ত্ৰাসবাদীসকলক ভাৰতলৈ প্ৰেৰণৰ চেষ্টা কৰে । কিন্তু ভাৰতৰ নিৰাপত্তা বাহিনীয়ে পাকিস্তানৰ সেই উদ্দেশ্য বিফল কৰাত সফল হয় ।

বিষয়াগৰাকীৰ মতে জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ লগতে অন্যান্য বাহিনীও এই সংঘৰ্ষত জড়িত আছিল । তেওঁ জনোৱা মতে অভিযানত সন্ত্ৰাসবাদী কেইটা নিহত হোৱাৰ সমান্তৰালকৈ বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ হয় । পিষ্টল আৰু গোলাবাৰুদো এই অভিযানত উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক :ISRO Espionage Case : ইছৰো চোৰাংচোৱা গোচৰ; নাম্বি নাৰায়ণন আৰু চিবিআই বিষয়াক জাননী প্ৰদানৰ নিৰ্দেশ কেৰালা হাইকোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.