ETV Bharat / bharat

Drinking poisonous liquor: বিহাৰত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা 11জনলৈ বৃদ্ধি

author img

By

Published : Dec 14, 2022, 8:50 AM IST

Updated : Dec 14, 2022, 2:21 PM IST

Suspicious death of many people in Bihar
বিষাক্ত সুৰা পান কৰি মৃত্যু পাঁচজনৰ, সংকটজনক অৱস্থাত দুজন

বিহাৰত বিষাক্ত সুৰাপান কৰি মৃত্যু হৈছে সাতজন লোকৰ ৷ বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বহুকেইজন লোক ৷ বিষাক্ত সুৰা সেৱনৰ ফলতেই সাতজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰিছে চিকিৎসকে (Drinking poisonous liquor in Bihar) । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ দিয়ে চিকিৎসকে ৷

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ: বিহাৰৰ সাৰণ জিলাত অঘটন ৷ জিলাখনত 11জন লোকৰ অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ লগতে (Suspicious death of many people in chapra) আন কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে জনোৱা মতে বিষাক্ত সুৰাপান কৰাৰ বাবেই চাপৰাত বহু লোকৰ সন্দেহজনকভাৱে মৃত্যু হৈছে । অৱশ্যে বৰ্তমানলৈকে প্ৰশাসনে বিষাক্ত সুৰা সেৱনৰ ফলত লোককেইজনৰ মৃত্যু হোৱাটো নিশ্চিত কৰা নাই । সম্প্ৰতি চাপৰা সদৰ চিকিৎসালয়ত অব্যাহত আছে অসুস্থ লোকৰ চিকিৎসা ৷

বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা এজন ইছুৱাপুৰ থানা এলেকাৰ দোইলা গাঁৱৰ নিবাসী বকিল সিঙৰ পুত্ৰ সঞ্জয় সিং বুলি চিনাক্ত কৰা হৈছে (Isuapur police station) । আন এজন মৃত ব্যক্তি মশ্ৰক থানা এলেকাৰ যদু সিঙৰ পুত্ৰ কুনাল কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে । বাকী মৃতকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

আনহাতে সংকটজনক অৱস্থাত আছে ইছুৱাপুৰ থানা এলেকাৰ দোইলা গাঁৱৰ বাসিন্দা বিজেন্দ্ৰ কুমাৰ সিনহাৰ 38 বছৰীয়া পুত্ৰ অমিত ৰঞ্জন আৰু মশ্ৰক আৰক্ষীৰ বাসিন্দা গণেশ ৰামৰ পুত্ৰ হৰেন্দ্ৰ ৰাম ৷ সংকটজনক অৱস্থাত থকা এই দুয়োজন লোকৰ সুৰাপান কৰাৰ পিছতেই স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ এই ঘটনাৰ পিছতে জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

বিষাক্ত সুৰা সেৱনৰ ফলতেই সাতজন লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে চিকিৎসকে (Drinking poisonous liquor in Chapra Bihar)। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি মন্তব্য কৰে চিকিৎসকে । উল্লেখ্য যে বিষাক্ত সুৰাপানৰ ফলত জিলাখনত বহু লোকৰ মৃত্যু হোৱা এইটোৱে প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও জিলাখনত বিষাক্ত সুৰাপান কৰাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক: Illicit liquor trade in Assam :আমগুৰিত চাৰিটাকৈ চুলাই ভাটী উচ্ছেদ

Last Updated :Dec 14, 2022, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.