ETV Bharat / bharat

মমতাই গমেই নাপায়, নীতিশৰ আছে কাম, তাৰ পাচতো বুধবাৰে হ’ব নতুন দিল্লীত I.N.D.I.A গুৰুত্বপূৰ্ণ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 12:37 PM IST

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাচতে পুনৰ আৰম্ভ হৈছে I.N.D.I.A মিত্ৰজোঁটৰ কাৰ্যকলাপ । 6 ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব মিত্ৰজোঁটৰ এক বৈঠক ৷ বৈঠকত উপস্থিত নথকাৰ সম্ভাৱনা মমতা আৰু নীতিশ কুমাৰৰ ৷

INDIA Alliance Meets
পুনৰ আৰম্ভ হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰ্যকলাপ

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : কলিতে মৰহিব নেকি I.N.D.I.A মিত্ৰজোঁট ! পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে প্ৰধানমন্ত্ৰী পদক লৈ সংঘাত আৰম্ভ হৈছে নেকি I.N.D.I.A মিত্ৰজোঁটত ! বিজেপিৰ নেতাসকলে কোৱাৰ দৰে আদৰ্শগত আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বাবে I.N.D.I.Aৰ মিত্ৰজোঁটত ফাঁট মেলিব নেকি ! তাৰে যেন এখন ছবি প্ৰতিফলিত হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৷ কিয়নো, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে 6 ডিচেম্বৰ অৰ্থাৎ বুধবাৰে নতুন দিল্লীত আহ্বান জনাইছে I.N.D.I.A মিত্ৰজোঁটৰ এখন বৈঠক ৷ কিন্তু উক্ত বৈঠকক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স্থিতিয়ে চিন্তিত কৰিছে কংগ্ৰেছক ৷

বিশেষকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ কাৰণ I.N.D.I.A মিত্ৰজোঁটৰ সভাসমূহত লোৱা কিছু কামৰ পৰা বিৰত আছে মুখ্যমন্ত্ৰীগৰাকী ৷ সেয়ে আগন্তুক কাৰ্যপন্থা সম্পৰ্কে আহ্বান কৰা সভাতো উপস্থিত নাথাকে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিপৰীতে সভাত জে ডি ইউৰ হৈ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং আৰু মন্ত্ৰী সঞ্জয় ঝা ৷

আনহাতে, লালু প্ৰসাদ যাদৱ আৰু আৰ জে ডিৰ পৰা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এই সভাত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ ইফালে সভাত মুখ্যমন্ত্ৰী নীতিশৰ অনুপস্থিতক লৈ জে ডি ইউৰ নেতাই কয় যে, স্বাস্থ্যজনিত সমস্যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এসপ্তাহৰো অধিক দিন ধৰি বিভিন্ন কাৰ্যসূচীৰ পৰা আঁতৰত আছিল ৷ লগতে বুধবাৰে কেবিনেটো আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ সেয়ে I.N.D.I.A মিত্ৰজোঁটৰ সভাত নীতিশ উপস্থিত নাথাকিব বুলি জানিবলৈ দিছে জে ডি ইউৰ নেতাগৰাকীয়ে ৷

ইফালে মিত্ৰজোঁটৰ বৈঠকৰ সন্দৰ্ভত একো নাজানো বুলি উল্লেখ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ I.N.D.I.A মিত্ৰজোঁট দল গঠনত মুখ্য ভূমিকা পালন কৰা দুই নেতাৰ স্থিতিয়ে কিহৰ ইংগিত দিছে ! সেয়া বুধবাৰে অনুষ্ঠিত হ’ব লগা মিত্ৰজোঁটৰ বৈঠকলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ৷

লগতে পঢ়ক : কোন বহিব ৰাজস্থানৰ মচনদত ? বসুন্ধৰা ৰাজেক প্ৰস্তাৱ একাংশ বিজেপি বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.