ETV Bharat / bharat

Supreme Court on Shinde Govt : শিন্দে চৰকাৰৰ প্ৰতি কোনো ভাবুকি নাই; উচ্চতম ন্যায়ালয়

author img

By

Published : May 11, 2023, 6:55 PM IST

দলত্যাগ বিৰোধী আইনত মহাৰাষ্ট্র মুখ্যমন্ত্রী একনাথ শিন্দেসহ ১৬ জন বিদ্রোহী শিৱসেনা বিধায়কৰ বিধায়ক পদ খাৰিজ নকৰিলে ছুপ্রিম কোর্টে । লগে লগে উদ্ধৱ থাকৰেৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত পুনৰ বহাৰ আশাত চেঁচাপানী পৰিল (Supreme court says no threat to Shinde govt) ।

Supreme Court on Shinde Govt
Supreme Court on Shinde Govt

নিউজ ডেস্ক, ১১ মে' : বৃহস্পতিবাৰ দেশৰ শীর্ষ আদালতে একনাথ শিন্দে আৰু তেওঁৰ অনুগামী বিধায়কসকলৰ পদক্ষেপক ‘দলত্যাগ বিৰোধী’ বুলি বিধায়ক পদ খাৰিজ কৰাৰ লগে লগে উদ্ধৱ থাকৰে নেতৃত্বাধীন ‘মহা বিকাশ আঘাড়ী’ জোঁটৰ পুনৰ মহাৰাষ্ট্ৰৰ শাসনলৈ প্রত্যাৱর্তনৰ সম্ভাৱনা আছিল (SC Constitution Bench on Shinde case) ।

কিন্তু উদ্ধৱ শিবিৰৰ সেই আশাত চেঁচাপানী ঢালি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নেতৃত্বাধীন ৫ ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে জনাইছে, যোৱা জুন মাহত শিন্দে গোটৰ বিদ্রোহৰ সময়ত বিধানসভাৰ উপাধ্যক্ষ তথা ভাৰপ্রাপ্ত অধ্যক্ষ নৰহৰি সীতাৰাম জিৰৱালে দলত্যাগী বিধায়কসকলৰ অৱস্থান স্পষ্ট কৰাৰ যি নির্দেশ দিছিল সেয়া তেওঁৰ অধিকাৰৰ বাহিৰৰ (CJM DY Chandrachud on Eknath Shinde case) ।

উল্লেখ্য, মহাৰাষ্ট্রৰ মু‌খ্যমন্ত্রী পদত উদ্ধৱ থাকৰেক পুনৰ বাহালৰ আর্জি বৃহস্পতিবাৰে পোনপটীয়াকৈ খাৰিজ কৰে ছুপ্ৰিম কোৰ্টে (Uddhav Thackeray plea against Shinde) । এই ক্ষেত্ৰত সাংবিধানিক বিচাৰপীঠৰ মন্তব্য, ‘‘বিধানসভাত আস্থাভোটৰ পূৰ্বে উদ্ধৱে নিজেই ইস্তফা দিছিল । সেয়ে তেওঁক পুনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত কৰোৱাটো সম্ভৱ নহয় ।’’

আনহাতে, উদ্ধৱৰ ইস্তফাৰ পিছত ৰাজ্যপাল ভগৎ সিং কোশিয়াৰীয়ে মহাৰাষ্ট্র বিধানসভাৰ বৃহত্তম দল বিজেপিৰ সমর্থিত শিন্দেক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাই কোনো অযৌক্তিক কাম কৰা নাই বুলি জনাইছে প্রধান ন্যায়াধীশৰ বিচাৰপীঠে (Uddhav Thackeray plea rejected in SC) । কিন্তু শিন্দে বাহিনীৰ বিদ্রোহৰ পিছতেই উদ্ধৱ থাকৰেক সংখ্যাগৰিষ্ঠতা প্রমাণৰ নির্দেশ দিয়াত ৰাজ্যপালৰ ভূমিকাক সমালোচনা কৰে শীর্ষ আদালতে । এই প্রসংগত আগতীয়া প্রশ্ন উত্থাপন কৰি মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয়, “ধৰা হওক কোনো বিষয়ত এটি দলৰ অভ্যন্তৰত মতবিৰোধ হ'ল । তেনে ক্ষেত্ৰত দলটোৰ নেতাজনক (এই ক্ষেত্রত উদ্ধৱ) আস্থাভোটত অৱতীৰ্ণ হোৱাৰ কথা ৰাজ্যপালে ক'ব নেকি (Maharashtra CM Eknath Shinde) ?”

এই প্রসংগত ২০১৬ চনৰ ‘নাবাম ৰিবিয়া বনাম উপাধ্যক্ষ’ গোচৰত ছুপ্রিম কোর্টৰ ৰায়ৰ প্রসংগও উল্লেখ কৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে । অৱশ্যে ক্ষমতাৰ সালসলনিৰ পিছত ক্ষমতাসীন শিবিৰৰ নতুন অধ্যক্ষ তথা বিজেপি বিধায়ক ৰাহুল নৰবেকে একপক্ষীয়ভাৱে শিন্দে শিবিৰৰ বিধায়ক ভৰত গোগাৱালক ‘শিৱসেনা হুইপ’ মর্যাদা দিয়াৰ যি সিদ্ধান্ত লৈছিল সেয়া ‘অসাংবিধানিক’ বুলি কয় শীর্ষ আদালতে । মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ মন্তব্য, ‘‘কোনো পৰিষদীয় দলৰ হুইপ স্থিৰ কৰাৰ অধিকাৰ অধ্যক্ষৰ নাই । সেই অধিকাৰ সংশ্লিষ্ট ৰাজনৈতিক দলটোৰ (Supreme Court verdict on Shinde case) ।’’

লগতে পঢ়ক :Almost peaceful polling in Karnataka : ২০১৮ ৰ তুলনাত ২০২৩ ত ভোটাৰৰ হাৰ ০.৬৮% বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.