ETV Bharat / bharat

Almost peaceful polling in Karnataka : ২০১৮ ৰ তুলনাত ২০২৩ ত ভোটাৰৰ হাৰ ০.৬৮% বৃদ্ধি

author img

By

Published : May 11, 2023, 10:03 AM IST

অৱশেষত শান্তিপূৰ্ণভাৱে অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচন ২০২৩ ৰ ভোটদান প্ৰক্ৰিয়া (Almost peaceful polling in Karnataka) ৷ এইবাৰ ভোটদানৰ হাৰ ৭২.৮১ % ৷ বিগত ২০১৮ চনত ৭২.১৩% ভোটদান সম্পন্ন হৈছিল । ইয়াৰ বিপৰীতে এইবাৰ ভোটাৰৰ হাৰ ০.৬৮ শতাংশ বৃদ্ধি পাইছে ৷

Almost peaceful polling in Karnataka
অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া

নেশ্যনেল ডেস্ক, ১১ মে’ : বুধবাৰে অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া (Almost peaceful polling in Karnataka) ৷ বুধবাৰে বিয়লি ৬ বজাত সম্পন্ন হয় কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটদান (Karnataka Election 2023)৷ তথ্য অনুসৰি, এই নিৰ্বাচনৰ এইবাৰৰ ভোটদান হাৰ ৭২.৮১ শতাংশ ।

কৰ্ণাটকৰ বেংগালুৰু মহানগৰত ৫৬.৯৮ শতাংশ ভোটদান সম্পন্ন হৈছে ৷ কিন্তু পুৰণি মহীশূৰ অঞ্চলত ভোটদানৰ শতাংশ ৭৫ ৷ ৰাজ্যখনৰ উপকূলীয় অঞ্চলত ৭২%, মধ্য কৰ্ণাটকত ৭০%, কিত্তুৰ কৰ্ণাটকত ৬৮% আৰু কল্যাণ কৰ্ণাটকত ৬৫% ভোটদান সম্পন্ন হোৱাৰ তথ্য লাভ কৰা হৈছে । চিক্কাবল্লাপুৰ জিলাত সৰ্বাধিক ভোটদান হৈছে বুলি তথ্য লাভ কৰা হৈছে ৷ এই ভোটদানৰ হাৰ ৮৫.৮৩ শতাংশ ।

এডিজিপিৰ টুইট (ADGP Tweet) : এডিজিপিৰ টুইট অনুসৰি, ৫৮২৮২ টা বুথৰ আটাইকেইটাতে নিশা ১০.১৫ বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰে । এডিজিপি আলোক কুমাৰে টুইটত উল্লেখ কৰা অনুসৰি, শান্তিপূৰ্ণভাৱে সম্পন্ন হয় এই ভোটদান প্ৰক্ৰিয়া ৷ যাৰ বাবে তেওঁ কৰ্ণাটকবাসীৰ লগতে আৰক্ষীৰ প্ৰচেষ্টাকো শলাগ জনায় ৷

এইবাৰ অধিক ভোটদান : তথ্য অনুসৰি, বিগত ২০১৮ চনত ৭২.১৩% ভোটদান সম্পন্ন হৈছিল । ইয়াৰ বিপৰীতে এইবাৰ ভোটাৰৰ হাৰ ০.৬৮ শতাংশ বৃদ্ধি পাইছে । বুধবাৰে বিয়লি শেষৰ এঘণ্টাত ৰাজ্যৰ অধিকাংশ ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ভোটাৰ উপস্থিত আছিল । নিৰ্বাচন আয়োগে উল্লেখ কৰা তথ্য অনুসৰি, এইবাৰ ভোটদানৰ হাৰ ৭২.৮১ শতাংশ ।

বেংগালুৰুত হতাশাজনক ভোটগ্ৰহণ (Disappointing polling in Bangalore) : কৰ্ণাটকৰ অন্য জিলাৰ তুলনাত এইবাৰ বেংগালুৰুৰ ভোটদান হতাশাজনক বুলি বিবেচিত হৈছে । বেংগালুৰুত পুৱাৰ ভাগত ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ভিৰ দেখা গৈছিল যদিও দুপৰীয়া ভাগৰ পৰা ভোটাৰৰ সংখ্যা হ্ৰাস পোৱা দেখা যায় ৷ এইবাৰ বেংগালুৰু চহৰত মাত্ৰ ৫৪-৫৫% ভোটদানহে হৈছিল । বেংগালুৰুত ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন অনুশীলন চলাইছিল । কিন্তু বিশেষ কোনো প্ৰভাৱ পৰা দেখাহে নগ’ল বেংগালুৰুত ৷ বিগত নিৰ্বাচনত বেংগালুৰুত প্ৰায় ৫৫% ভোটগ্ৰহণ হৈছিল বুলি তথ্য লাভ কৰা হৈছে ।

প্ৰথমবাৰৰ বাবে ভাল সঁহাৰি (Good response from first timers) : সমগ্ৰ ৰাজ্যতে প্ৰথমবাৰৰ বাবে ভাল সঁহাৰি আহিছে । এইবাৰ প্ৰথমবাৰৰ বাবে যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৷ মাত্ৰাধিক গৰমৰ মাজতো যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ এইবাৰ ৰাজ্যখনত মুঠ ১১,৭১,৫৫৮ জন যুৱ ভোটাৰ আছিল । বেংগালুৰুকে ধৰি সমগ্ৰ ৰাজ্যতে যুৱ ভোটাৰ সংখ্যা বৃদ্ধিয়ে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলি আশা কৰিব পাৰি ৷

জ্যেষ্ঠ নাগৰিকৰ উৎসাহী ভোটদান (Enthusiastic Voting by Senior Citizens) : এই নিৰ্বাচনত জ্যেষ্ঠ নাগৰিকৰ ভোটদানৰ হাৰো কিছু উন্নত বুলি বিবেচিত হৈছে । ৮০ উৰ্ধৰ ভোটাৰেও হুইল চেয়াৰত বহি হ’লেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, ৰাজ্যখনৰ ২২৪ টা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় । ১৩ মে’ত প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় হ’ব ।

লগতে পঢ়ক : Karnataka elections 2023: প্ৰায় 70 শতাংশ ভোটদানেৰে অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.