ETV Bharat / bharat

বিৰাটৰ কথাত অসন্তুষ্ট হৈ দাদাই প্ৰেৰণ কৰিব বিচাৰিছিল জাননী : মাজত আহিল জয় শ্বাহ !

author img

By

Published : Jan 21, 2022, 11:14 AM IST

sourav-gangulys-show-cause-notice-to-virat
বিৰাটৰ কথাত অসন্তুষ্ট হৈ দাদাই প্ৰেৰণ কৰিব বিচাৰিছিল জাননী : মাজত আহিল জয় শ্বাহ !

বিগত ডিচেম্বৰ মাহত ভাৰতীয় ক্ৰিকেট দলৰ T-20 আৰু এদিনীয়াৰ অধিনায়ক পদত্যাগ সন্দৰ্ভত সাংবাদিকৰে হোৱা কথা বতৰাত সদ্য প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে প্ৰকাশ কৰা কিছু তথ্যক লৈ সৃষ্টি হৈছিল বিতৰ্ক (Controversy over Kohli's interview after leaving Captainship) ৷ এই কথাত অসন্তুষ্ট হৈ পৰিছিল দাদা সৌৰভ গাংগুলী ৷ এতিয়া ইয়াকে লৈ কোহলী আৰু দাদাৰ সংঘাতৰ বাতৰি পোহৰলৈ আহিছে ৷

নিউজ ডেস্ক, 21 জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু ভাৰতীয় দলৰ সদ্য প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ মাজৰ সংঘাতৰ (Ganguly Kohli spat) খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ উল্লেখযোগ্য যে, বিগত ডিচেম্বৰ মাহত ভাৰতীয় ক্ৰিকেট দলৰ T-20 আৰু এদিনীয়াৰ অধিনায়ক পদ ত্যাগ সন্দৰ্ভত সাংবাদিকৰে হোৱা কথা বতৰাত বিৰাটে প্ৰকাশ কৰা কিছু তথ্যক লৈ সৃষ্টি হৈছিল বিতৰ্ক (Controversy over Kohli's interview after leaving Captainship) ৷

জানিব পৰা মতে, এই কথাক লৈ অসন্তুষ্ট হৈ পৰিছিল বিচিচিআইৰ অধ্যক্ষ গাংগুলী (BCCI president Sourav Ganguly) ৷ সংবাদ মাধ্যমৰ আগত কোহলীয়ে প্ৰকাশ কৰিছিল যে, ভাৰতীয় দলৰ অধিনায়ক পদ ত্যাগ কৰা সন্দৰ্ভত বিচিচিআইৰ তৰফৰ পৰা কোনেও তেওঁক বাধা দিয়া নাই ৷ কিন্তু, দাদা অৰ্থাৎ সৌৰভ গাংগুলীয়ে জানিবলৈ দিছে যে, কোহলীয়ে T-20 ৰ অধিনায়ক পদ এৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ তেওঁ কোহলীক আহ্বান জনাইছিল ৷

অৱশ্যে, সংবাদ মাধ্যমৰ আগত কোহলীয়ে যেতিয়া ইয়াৰ বিপৰীতে মন্তব্য কৰে তেতিয়া ইয়াক লৈ ক্ষুন্ন হয় দাদা ৷ ইয়াৰ পিছতে তেওঁ এই সন্দৰ্ভত ষ্টাৰ বেটছমেন কোহলীক এখন কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিবলৈয়ো প্ৰস্তুত হৈছিল বুলি শেহতীয়াকৈ আলোচিত হৈছে (Sourav Ganguly's show cause notice to Virat) ৷

অৱশ্যে, দাদাৰ এই সিদ্ধান্তত দাদাক বাধা দিয়ে বিচিচিআইৰ সম্পাদক জয় শ্বাহে (BCCI secretary Jay Shah ) ৷ অৱশেষত কোহলীৰ বিৰুদ্ধে জাননী প্ৰেৰণ নকৰিবলৈ দাদাক সৈমান কৰিবলৈ সক্ষম হয় শ্বাহ ৷

জয় শ্বাহে এই পৰামৰ্শ দিছিল কিয়নো কোহলীৰ সংবাদমেলৰ পিছতে দলে দক্ষিণ আফ্ৰিকাত এটা হাই-প্ৰফাইল টেষ্ট শৃংখলাত অংশ লোৱাৰ সময়ত দলৰ ওপৰত কোনো ধৰণৰ মানসিক চাপ পৰাটো তেওঁ বিচৰা নাছিল ৷ অৱশ্যে এই চিৰিজটোতো ভাৰতীয় দল পৰাজিত হয় আৰু কোহলীয়ে টেষ্ট ক্ৰিকেটতো দলৰ নেতৃত্ব ত্যাগ কৰে ৷ ইয়াৰ পিছতে এতিয়া দলৰ ভিতৰচোৱাৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছে ৷ য’ত কোহলী আৰু দাদাৰ মাজত সৃষ্টি হোৱা দূৰত্বৰ দিশটোও আলোচিত হৈছে ৷

লগতে পঢ়ক : Sania Mirza announces retirement : অৱসৰ ল'ব টেনিছ তাৰকা ছানিয়া মিৰ্জাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.