ETV Bharat / bharat

কৰ্ণাটকত ধৰ্ষণ কৰি হত্যা মাতৃক

author img

By

Published : Nov 15, 2020, 6:15 PM IST

Son raped and killed his Mother in Haveri etv bharat news
কৰ্ণাটকত ধৰ্ষণ কৰি হত্যা মাতৃক

কৰ্ণাটকৰ শিৱপ্পা লামানি নামৰ এজন যুৱকে বিগত 12 নৱেম্বৰত মাতৃক গংগীৱাবী ৰোডৰ সমীপৰ এক জনশূন্য এলেকালৈ নি ধৰ্ষণ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰে ৷

হাভেৰী,15 নৱেম্বৰ: কৰ্ণাটক সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ শিগানবী তালুকৰ গংগিৱাবী ৰোডত এগৰাকী 21 বছৰীয়া যুৱক শিৱপ্পা লমানীয়ে মাতৃক ফুচুলাই নি নিৰ্জন স্থানত ধৰ্ষণ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰে ৷ বিগত 12 নৱেম্বৰত সংঘটিত হৈছে এই ঘটনা ৷

যুৱকগৰাকীৰ পিতৃৰ 6 বছৰ পূৰ্বে মৃত্যু ঘটিছিল ৷ স্বামীৰ মৃত্যুৰ পিছৰে পৰা শিৱপ্পাৰ মাতৃয়ে আন এগৰাকী পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল ৷ এই কথাতে পুত্ৰই অসন্তুষ্ট হৈ মাতৃক নিৰ্মমভাৱে হত্যা কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় শিগগাংৱ টাউন আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা হৈছিল ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে চাওকঃ বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ লেখিকা শিখা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.