ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ লেখিকা শিখা শৰ্মা

author img

By

Published : Nov 15, 2020, 3:56 PM IST

বিজেপিৰ নীতিসমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লেখিকা শিখা শৰ্মা ৷ সামাজিক মাধ্যমত সততে চৰকাৰৰ ভুল নীতিক আঙুলিয়াই দিয়া লেখিকাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ক্ষোভ ৷

sikha sarma reaction against bjp guwahati assam etv bharat news
বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ লেখিকা শিখা শৰ্মা

গুৱাহাটী,15 নৱেম্বৰ: পুনৰ বিজেপিৰ নীতিসমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লেখিকা শিখা শৰ্মা ৷ সামাজিক মাধ্যমত সততে চৰকাৰৰ ভুল নীতিক আঙুলিয়াই দিয়া লেখিকাগৰাকীয়ে এতিয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ক্ষোভ ৷ ২০২১ চনত বিজেপিক বিদায় দিবলৈ ৰাইজক আহ্বান জনাইছে লেখিকা শিখা শৰ্মাই ৷ মূল্যবৃদ্ধি, SI-JEE পৰীক্ষা কেলেংকাৰীৰ প্ৰসংগ দাঙি ধৰি লেখিকাগৰাকীয়ে কয়, "ৰাজ্যৰ জলন্ত সমস্যাসমূহ ঢাকি বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতিত ব্যস্ত আছে ৷ এইক্ষেত্ৰত সকলো বিৰোধী এক হৈ ২০২১ ত গেৰুৱা দলটোক উৎখাত কৰিব লাগিব ৷ যদিহে এইক্ষেত্ৰত ৰাইজে এক বলিষ্ঠ ভূমিকা নলয়, তেন্তে অনাগত দিনত আৰু অৰাজক পৰিৱেশৰ সন্মূখীন হ'বলৈ সকলো প্ৰস্তুত থাকক ৷"

বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ লেখিকা শিখা শৰ্মা

ইফালে সাংবাদিক অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত বিজেপিৰ দৰদ আৰু মৃত্যুক আঁকোৱালি লোৱা সাংবাদিক পৰাগ ভূঞাৰ ক্ষেত্ৰত দেখুওৱা স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে লেখিকা শৰ্মাই ৷ লেখিকাগৰাকীৰ অভিযোগ অনুসৰি, অৰ্ণৱ গোস্বামী বিজেপিৰ মুখপাত্ৰ ৷ যাৰ বাবে সাংবাদিকগৰাকীক এটা আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতো বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰি দেশ তোলপাৰ লগাইছিল ৷ কিন্তু সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ড সন্দৰ্ভত বিজেপিৰ স্থিতি সম্পূৰ্ণ বিপৰীত ৷ এতিয়া বিজেপিৰ মতে দেশৰ আইন চলে বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিখা শৰ্মাই ৷ শাসকীয় পক্ষৰ বিৰুদ্ধে সততে আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰা শিখা শৰ্মা কোনোদিনে ৰাজনীতিত প্ৰৱেশ নকৰে বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে ৷

লগতে চাওকঃ বিগ ব্ৰেকিং : অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.