ETV Bharat / bharat

জলন্ধৰৰ দেৱালত কোনে লিখিলে 'খালিস্তান জিন্দাবাদ' ?

author img

By

Published : Jun 15, 2022, 11:35 AM IST

Slogans of Khalistan Zindabad written in Jalandhar
Slogans of Khalistan Zindabad written in Jalandhar

পাঞ্জাৱৰ জলন্ধৰৰ পৰা দিল্লী বিমানবন্দৰলৈ বিলাসী বাছসেৱা আৰম্ভ হ'ব । মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু আপৰ (AAP) সভাপতি অৰবিন্দ কেজৰিৱালে এই সেৱা শুভাৰম্ভ কৰিব (Punjab CM and Arvind Kejriwal in Jalandhar)। তাৰ পূৰ্বে জলন্ধৰৰ দেৱালত কোনোৱে লিখিলে খালিস্তান জিন্দাবাদ শ্ল'গান । সমগ্ৰ অঞ্চলতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

নেশ্যনেল ডেস্ক,১৫ জুন : পাঞ্জাৱৰ জলন্ধৰত চাঞ্চল্যকৰ ঘটনা । মুখ্যমন্ত্ৰীয়ে যাবলগীয়া পথৰ দেৱালত কোনো দুৰ্বৃত্তই লিখি থৈ গ'ল খালিস্তান জিন্দাবাদ শ্ল'গান (Khalistan Zindabad slogan written on wall in Jalandhar)। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, বুধবাৰে জলন্ধৰ ভ্ৰমণলৈ গৈছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ সভাপতি অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান (Punjab CM and Arvind Kejriwal in Jalandhar)। তেওঁলোকে জলন্ধৰত দিল্লী বিমানবন্দৰলৈ আৰম্ভ হ'বলগীয়া বাছসেৱা মুকলি কৰিব । কিন্তু দুয়োগৰাকী মুখ্যমন্ত্ৰী জলন্ধৰত উপস্থিত হোৱাৰ পূৰ্বেই জলন্ধৰৰ শ্ৰী দেৱী তালাব মন্দিৰৰ সমীপত কোনো লোকে দেৱালত খালিস্তান জিন্দাবাদ শ্ল'গান লিখিছে । যিটোৱে সকলোকে আচৰিত কৰি তুলিছে ।

চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ পাছতো এনেদৰে দেৱালত বিতৰ্কিত শ্ল'গান লিখি যোৱা কাৰ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে । ইফালে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ জলন্ধৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । নিৰাপত্তাজনিত কাৰণত কেইবাটাও পথ সলনি কৰা হৈছে আৰু যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ।

পুৱা স্থানীয় লোকসকলে দেৱালত খালিস্তান জিন্দাবাদ শ্ল'গান লিখা দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । কিন্তু কোনে এনেদৰে লিখি থৈ গ'ল সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত । অৱশ্যে জলন্ধৰত খালিস্তান জিন্দাবাদ লিখা ঘটনা পূৰ্বেও সংঘটিত হৈছে ।

ইফালে বিচ্ছিন্নতাবাদী সংগঠন এছএফজৰে মুৰব্বী গুৰপতৱন্ত পান্নুৱে এই সন্দৰ্ভত এটা ভিডিঅ' মুকলি কৰিছে । ভিডিঅ'টোত তেওঁ কয় যে সকলোৱে খালিস্তানক সমৰ্থন কৰা উচিত যাতে এখন পৃথক দেশ লাভ কৰিব পাৰে ।

লগতে পঢ়ক :Prophet Mohammad controversy : হায়দৰাবাদত নূপুৰ শৰ্মাৰ সমৰ্থনত সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.