ETV Bharat / bharat

Prophet Mohammad controversy : হায়দৰাবাদত নূপুৰ শৰ্মাৰ সমৰ্থনত সমদল

author img

By

Published : Jun 14, 2022, 2:19 PM IST

সোমবাৰে নিশা হায়দৰাবাদৰ হাচমাথপেট অঞ্চলত একাংশ ব্যক্তিয়ে নূপুৰ শৰ্মাৰ সমৰ্থনত মমবাতিৰ ৰেলী উলিয়াই (Rally in support of Nupur Sharma)। একাংশ লোকে এই সমদলক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আৰু সংঘৰ্ষত লিপ্ত হয় । পৰস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অতিৰিক্ত আৰক্ষী মোতায়েন ।

Prophet Mohammad controversy
হায়দৰাবাদত নুপুৰ শৰ্মাৰ সমৰ্থনত সমদল

নেশ্যনেল ডেস্ক,১৪ জুন : হজৰত মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা নূপুৰ শৰ্মাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে (Protest against Nupur Sharma)। ইতিমধ্যে বিজেপিৰ পৰা নিলম্বন কৰা হৈছে নূপুৰ শৰ্মাক । নিলম্বিত নুপুৰ শৰ্মাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাও দেখা গৈছে ।

এইবাৰ আকৌ নুপুৰ শৰ্মাৰ সমৰ্থনত দেখা গ'ল সমদল । হায়দৰাবাদত নূপুৰ শৰ্মাৰ সমৰ্থনত উলিওৱা সমদলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰে (Rally in support of Nupur Sharma in Hyderabad)। নূপুৰ শৰ্মাৰ সমৰ্থনকাৰী আৰু আন এটা পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাও দেখা যায় । সম্প্ৰতি সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

উল্লেখ্য যে দেশজুৰি নূপুৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে হায়দৰাবাদৰ বোৱেনপল্লী অঞ্চলত একাংশ লোকে নূপুৰ শৰ্মাৰ সমৰ্থনত সমদল উলিয়ায় । লোকসকলে নূপুৰ শৰ্মাৰ সমৰ্থনত মমবাতিৰে ৰেলী উলিয়ায় । হাতে হাতে প্লেকাৰ্ড লৈ নিলম্বিত নেত্ৰীগৰাকীৰ সমৰ্থনত শ্ল'গান দিয়াও দেখা গৈছিল ।

এই সমদল প্ৰত্যক্ষ কৰি আন এটা পক্ষ অসন্তুষ্ট হয় আৰু সেই সময়তে নূপুৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দিয়ে । যাৰ বাবে দুয়োটা পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । অৱশ্যে সঠিক সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ঘটনাটোৰ পিছতে, অঞ্চলটোত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয় ।

লগতে পঢ়ক :Nupur Sharma controversy : উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৩০৪ লোকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.