Nupur Sharma controversy : উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৩০৪ লোকক গ্ৰেপ্তাৰ

author img

By

Published : Jun 12, 2022, 7:05 PM IST

Nupur Sharma controversy

নিলম্বিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাই হজৰত মহম্মদক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পাছতে সমগ্ৰ দেশতে উত্তাল পৰিৱেশে বিৰাজ কৰিছে (Protest against Nupur Sharma)। উত্তৰ প্ৰদেশৰ কেইবাটাও স্থানত প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছে । উক্ত ঘটনাৰ সৈতে জড়িত প্ৰায় ৩০০ গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে ।

নেশ্যনেল ডেস্ক,১২ জুন : হজৰত মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য (Prophet Mohammad controversy) কৰাৰ পাছতে বিজেপিৰ পৰা নিলম্বিত নূপুৰ শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । দেশৰ ভিন্ন প্ৰান্তত উক্ত মন্তব্যক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে । বহু স্থানত আকৌ প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনাও সংঘটিত হৈছে । শুকুৰবাৰে উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানতো হিংসাত্মক প্ৰতিবাদ হোৱা দেখা গৈছিল ।

হিংসাত্মক ঘটনা সন্দৰ্ভত ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যখনৰ প্ৰায় ৮ খন জিলাৰ পৰা ৩০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে । দেওবাৰে প্ৰকাশ কৰা এক বিবৃতিত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে কয় যে, ৰাজ্যখনৰ আঠখন জিলাৰ পৰা প্ৰায় ৩০৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (UP Police arrests 304 people for violence) ৷ আন ৯ খন জিলাত এই সন্দৰ্ভত ১৩ টা গোচৰ ৰুজু কৰা হৈছে ।

তেওঁ উল্লেখ কৰা মতে, প্ৰয়াগৰাজত ৯১ গৰাকী, চাহাৰনপুৰত ৭১ গৰাকী, হাথৰসত ৫১ গৰাকী, আম্বেদকাৰ নগৰ আৰু মোৰাদাবাদত ৩৪ গৰাকী, ফিৰোজাবাদত ১৫ গৰাকী, আলিগড়ত ৬ গৰাকী আৰু জালাউনত ২ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

জ্যেষ্ঠ বিষয়াগৰাকী কোৱা মতে, ৰুজু হোৱা ১৩ টা গোচৰৰ ভিতৰত প্ৰয়াগৰাজ আৰু চাহাৰনপুৰত তিনিটাকৈ গোচৰ ৰুজু হৈছে । ফিৰোজাবাদ, আম্বেদকাৰ নগৰ, মোৰাদাবাদ, হাথৰস, আলিগড়, লখিমপুৰ খেৰী আৰু জালাউনত এটাকৈ গোচৰ ৰুজু কৰা হৈছে । ইফালে ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শনিবাৰে এক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সকীয়নি প্ৰদান কৰি কয় যে, বিভিন্ন চহৰৰ পৰিৱেশ নষ্ট কৰাৰ প্ৰচেষ্টাত জড়িত অসামাজিক উপাদানসমূহৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁৰ মতে সভ্য সমাজত এনে অসামাজিক লোকৰ কোনো স্থান নাই । এগৰাকী দোষীকো এৰি দিব নালাগে বুলি বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে, নূপুৰ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যখনত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱা দেখা গৈছিল । একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহনত অগ্নি সংযোগ কৰাৰ লগতে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় । যাৰ বাবে আৰক্ষী তথা প্ৰশাসনে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছে ।

লগতে পঢ়ক :Protest against Nupur Sharma : নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ জামা মছজিদত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.