ETV Bharat / bharat

Protest against Nupur Sharma : নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ জামা মছজিদত প্ৰতিবাদ

author img

By

Published : Jun 10, 2022, 3:58 PM IST

Updated : Jun 10, 2022, 4:54 PM IST

Protest agaist Nupur Sharma
নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ জামা মছজিদত প্ৰতিবাদ

ইছলাম ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিজেপিৰ পৰা নিলম্বিত হৈছে দিল্লীৰ বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মা (Nupur Sharma suspended from BJP)।এইবাৰ তেওঁক গ্ৰেপ্তাৰৰ দাবীত দিল্লী জামা মছজিদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে । ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত আছাদুদ্দিন ওৱেইচি আৰু বিতৰ্কিত পুৰোহিত য়াতি নৰসিংহানন্দকে ধৰি ৩১ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু ।

নেশ্যনেল ডেস্ক,১০ জুন : দেশত একাংশ ৰাজনীতিবিদে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি অব্যাহত ৰাখিছে । লগতে সাম্প্ৰদায়িক মন্তব্যৰে বিভিন্ন সময়ত দেশত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে । শেহতীয়াকৈ ইছলাম ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত দিল্লীৰ বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মা ।

নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত ইতিমধ্যে দিল্লীত প্ৰতিবাদ অব্যাহত আছে (Protest demanding arrest of BJP spokesperson Nupur Sharma)। ধৰ্মীয় অনুভূতিত আঘাত হানি বিতৰ্কত সোমাই পৰা বিজেপি নেত্ৰীগৰাকীক দলৰ পৰা নিলম্বন কৰা হৈছে যদিও তেওঁৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে একাংশ লোক । ইয়াৰ মাজতে ক্ষোভিত লোকসকলে নিলম্বিত বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে জামা মছজিদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে (Protest against suspended BJP spokesperson Nupur Sharma)।

শুকুৰবাৰে নামাজৰ পাছতে জামা মছজিদৰ বাহিৰত শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Jama Masjid)। হাতে হাতে প্লে কাৰ্ড লৈ নুপুৰ শৰ্মাৰ বিৰুদ্ধে শ্ল'গান দিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, একাংশ প্ৰতিবাদকাৰীয়ে কিছু সময়ৰ পাছতে সেই স্থান ত্যাগ কৰে যদিও আন কিছুমানে বহু সময়লৈ মছজিদৰ বাহিৰত প্ৰতিবাদ অব্যাহত ৰাখে । আৰক্ষীয়ে জনোৱা মতে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচি আৰু বিতৰ্কিত পুৰোহিত য়াতি নৰসিংহানন্দকে ধৰি ৩১ গৰাকী লোকৰ বিৰুদ্ধে ইতিমধ্যে ধৰ্মীয় আৱেগক আঘাত কৰা আৰু ঘৃণা বিয়পোৱাৰ অভিযোগত এজাহাৰ পঞ্জীয়ন কৰিছে । আনহাতে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ বিৰুদ্ধেও পৃথকে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে ।

দুয়োখন এজাহাৰ বুধবাৰে পঞ্জীয়ন কৰা হৈছে । আনহাতে বহিষ্কৃত দিল্লী বিজেপিৰ প্ৰাক্তন মিডিয়া গোটৰ মুৰব্বী নবীন কুমাৰ জিন্দল আৰু সাংবাদিক চাবা নকভিৰ নামো এজাহাৰত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :Hijab row : পোছাক বিধি পালনৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে শিক্ষাৰ্থীৰ নিলম্বন প্ৰত্যাহাৰ

Last Updated :Jun 10, 2022, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.