ETV Bharat / bharat

Bihar Hooch Tragedy: বিহাৰত পুনৰ বিষাক্ত সুৰা সেৱন কৰি ৭ জনৰ মৃত্যু

author img

By

Published : Jan 23, 2023, 7:55 PM IST

Bihar Hooch Tragedy
বিহাৰত বিষাক্ত সুৰা সেৱন কৰি ৭ জনৰ মৃত্যু

বিহাৰৰ চাপ্ৰাৰ পাছত এইবাৰ ছিৱানত বিষাক্ত সুৰাপান কৰি প্ৰায় ৭ জন লোকৰ মৃত্যু ৷ চিকিৎসাধীন হৈ আছে আন কেইবাজনো লোক ৷ কলকাতাস্থিত এটা ইথানল কোম্পানীৰ পৰা চেনিটাইজাৰৰ নামত অনা স্পিৰিত পৰা এই সুৰা তৈয়াৰ কৰাৰ অভিযোগ ৷ তদন্তৰ বাবে কলকাতালৈ যাব বিহাৰ আৰক্ষী (Suspicion death after drinking poisonous liquor) ৷

নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী: বিহাৰৰ ছিৱান জিলাৰ নাভিগঞ্জ আৰক্ষী থানা অন্তৰ্গত বালা গাঁৱত বিষাক্ত সুৰাপান কৰি প্ৰায় ৭ জন লোকৰ মৃত্যু হৈছে (Suspicion death after drinking poisonous liquor) । আন কেইবাজনো লোকক ছিৱান সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ছপ্ৰাৰ বিষাক্ত সুৰা কেলেংকাৰীৰ পিছত এইবাৰ বালা গাঁৱত বিষাক্ত সুৰাপান কৰি লোককেইজনৰ মৃত্যু হোৱাক লৈ বিহাৰৰ ৰাজনীতি উত্তাল হৈ পৰিছে ৷

বিষাক্ত সুৰাৰ ফলত লোককেইজনৰ মৃত্যু হোৱাৰ সম্ভেদ লাভ কৰাৰ পাচতেই আৰক্ষী তথা প্ৰশাসনৰ লোক চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় (Poisonous liquor in Bihar) । আৰক্ষীয়ে লগে লগে ঘটনাৰ তদন্ত আৰম্ভ কৰি প্ৰায় ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে ৷

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছত বিহাৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জীতেন্দ্ৰ সিং গাংৱাৰেও এই সন্দৰ্ভত বিস্ফোৰক তথ্য প্ৰকাশ কৰে ৷ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি কলকাতাস্থিত এটা ইথানল কোম্পানীৰ পৰা চেনিটাইজাৰৰ নামত অনা স্পিৰিতৰ পৰা এই সুৰা তৈয়াৰ কৰা হৈছিল ৷

জীতেন্দ্ৰ সিং গাংৱাৰে এই ঘটনাৰ মূল অভিযুক্ত সন্দীপ চৌহানৰ লগতে আন ১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । সন্দীপ আৰু তেওঁৰ ভাতৃয়ে তেওঁলোকৰ কেইজনমান সহযোগীৰ লগত মিলি এই সুৰা তৈয়াৰ কৰিছিল ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি, ১৮ জানুৱাৰীত কলকাতাৰ পৰা মুজাফৰপুৰলৈ এই স্পিৰিত অনা হৈছিল । আৰক্ষীয়ে ইতিমধ্যে স্পিৰিতখিনি পৰিবহনৰ লগত জড়িত থকা লোকসকলকো গ্ৰেপ্তাৰ কৰিছে ।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই ঘটনাৰ তদন্তৰ বাবে বিহাৰ আৰক্ষীৰ এটা দল কলকাতালৈ যাব বুলি জানিবলৈ দিয়ে । ইফালে ছিৱানৰ বিষাক্ত সুৰাৰ ঘটনাত সাতজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও প্ৰশাসনে মাত্ৰ চাৰিজনলোকৰ মৃত্যু নিশ্চিত কৰিছে ৷ তেওঁলোক ক্ৰমে নৰেশ বিন্দ, জনক বিন্দ, ৰাজেশ ৰাৱট আৰু ধুৰেন্দ্ৰ মাঁঝি বুলি জানিব পৰা হৈছে ৷ আনহাতে শংকৰ মাঁঝি, জিতেন্দ্ৰ মাঁঝি, ৰাজু মাঁঝি, বিৰল ৰাৱাট, সুৰেন্দ্ৰ ৰাৱত আৰু মুন্না মাঁঝি সম্প্ৰতি চিকিৎসাধীন হৈ আছে ।

ইফালে এই ঘটনাৰ পাছত বিহাৰ চৰকাৰক আক্ৰমণ লক্ষ্য কৰি লৈছে বিৰোধীয়ে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ নেতৃত্ব বহন কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰি তেওঁক বিশ্ৰাম কৰাৰ পৰামৰ্শ দিয়ে বিৰোধীয়ে ৷ উল্লেখ্য যে, বিগত মাহত বিহাৰৰ ছাপ্ৰা জিলাত বিষাক্ত সুৰাপান কৰি ৭৫ জন লোকৰ মৃত্যু হৈছিল (Death in siwan after drinking poisonous liquor) ।

লগতে পঢ়ক : Chapra Hooch Tragedy: বিহাৰৰ বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 গৰাকীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.