ETV Bharat / bharat

কৰ্ণাটকত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত, শিক্ষাৰ্থীসহ ৪ গৰাকী গুৰুতৰভাৱে আহত

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 3:00 PM IST

কৰ্ণাটকৰ হাভেৰী জিলাত দুৰ্ঘটনাত পতিত হয় এখন স্কুল বাছ (School bus accident in Karnataka)। বাছখনৰ চালক আৰু ৩ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Karnataka accident
কৰ্ণাটকত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,২৬ ডিচেম্বৰ : কৰ্ণাটকত ভয়ংকৰ দুৰ্ঘটনা । মঙলবাৰে পুৱাই হাভেৰী জিলাৰ চাভানুৰ তালুকৰ আল্লিপুৰ ক্ৰছৰ সমীপত এখন স্কুল বাছ দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটোত বাছ চালক আৰু ৩ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয় । আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাছখন ৰাইচুৰ জিলাৰ লিঙ্গাচুগুৰ তালুকৰ সজ্জনাগুড্ডাৰ চৰকাৰী বিদ্যালয়ৰ । আল্লিপুৰ ক্ৰছৰ সমীপত পুৱা প্ৰায় ৬ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । সজ্জনাগুড্ডাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মঙলবাৰে হাভেৰী জিলাৰ বিভিন্ন স্থানলৈ ভ্ৰমণৰ বাবে ৰাওনা হৈছিল । যাত্ৰাৰ সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু চাভানুৰ তালুকৰ আল্লিপুৰা ক্ৰছৰ সমীপত পথৰ দাঁতিত বাগৰি পৰে ।

দুৰ্ঘটনাৰ সময়ত বাছখনত ৫৩ গৰাকী শিক্ষাৰ্থী আৰু ৬ গৰাকী শিক্ষক আছিল । দুৰ্ঘটনাটোত বাছ চালক আৰু ৩ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হোৱাৰ কথা জানিব পৰা গৈছে । প্ৰায় ১২ গৰাকী শিক্ষাৰ্থী সামান্য আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তসকলক ততালিকে হুবলিৰ কিমছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কোনো প্ৰাণহানি হোৱা নাই । ইফালে স্থানীয় বিদ্যালয় এখনত শিক্ষাৰ্থীসকলৰ আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে ।

দুৰ্ঘটনাটোৰ পাছতে সেই স্থানত প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত হয় আৰু পৰিস্থিতিৰ পৰ্যালোচনা কৰে । চাভানুৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলেও দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱাৰ লগে লগে শিক্ষাৰ্থীসকলৰ বাসগৃহত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে । কিন্তু দুৰ্ঘটনাটো কাৰ ভুলৰ বাবে হৈছে ? ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:ঘন কুঁৱলীৰ আচ্ছাদনত দিল্লী এনচিআৰ; শীত প্ৰৱাহে কপাঁইছে ৰাজধানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.