ETV Bharat / bharat

Ramayan Express controversy : ৱেইটাৰৰ গেৰুৱা পোছাকৰ বিৰোধিতা সাধু সমাজৰ

author img

By

Published : Nov 23, 2021, 1:05 PM IST

শেহতীয়াকৈ বিশেষ ৰে’ল ‘ৰামায়ণ এক্সপ্ৰেছ’ সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত (Ramayan Express controversy) ৷ ৰে’লখনত খাদ্যবস্তুৰ যোগান ধৰা ৱেইটাৰসকলৰ গেৰুৱা পোছাকৰ বিৰোধিতা দেশৰ সাধু সমাজৰ ৷

Saffron attire of Ramayan Express staff stokes controversy
Ramayan Express controversy : ৱেইটাৰৰ গেৰুৱা পোছাকৰ বিৰোধীতা সাধু সমাজৰ

নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ : বিতৰ্কৰ আৱৰ্তত ‘ৰামায়ণ এক্সপ্ৰেছ’ (Ramayan Express controversy) ৷ ‘ৰামায়ণ এক্সপ্ৰেছ’ত যাত্ৰীক খাদ্যবস্তু যোগান ধৰা ৱেইটাৰসকলৰ পোছাক সলনি কৰিলে Indian Railway Catering and Tourism Corporation চমুকৈ IRCTC এ ৷ ৱেইটাৰসকলৰ কমলা পোছাকৰ বাবে একাংশ সাধুৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হোৱা বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে Indian Railway Catering and Tourism Corporation এ ৷

শেহতীয়াকৈ ৰামায়ণ এক্সপ্ৰেছত ৱেইটাৰসকলে সাধুৰ দৰে কাপোৰ পৰিধান কৰি যাত্ৰীসকলক খাদ্যবস্ত যোগান ধৰাৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে উজ্জয়িনীৰ সাধুসকলে ইয়াৰ বিৰোধিতা কৰিছিল ৷ ইয়াকে লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰে’লমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰা হয় ৷

এই বিষয়টোক লৈ পৰমহংস আখাৰা পৰিষদেও আপত্তি দৰ্শাইছে ৷ পৰমহংস আখাৰা পৰিষদৰ সাধাৰণ সম্পাদক অৱদেশ পুৰীয়াই কয় যে, ৱেইটাৰসকলে সাধুৰ পোছাক পৰিধান কৰাটো সমাজৰ বাবে ঠাট্টা ৷ এই পোছাক শীঘ্ৰে সলনি কৰিব লাগে, অন্যথা সাধু সমাজে 12 ডিচেম্বৰত এই বিশেষ ৰে’লখনৰ বিৰোধিতা কৰিব ৷ ৰে’লৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ হিন্দুৱে ৷

উল্লেখ্য যে, ‘ৰামায়ণ এক্সপ্ৰেছ’ এ 7 নৱেম্বৰত যাত্ৰা আৰম্ভ কৰিছিল ৷ ৰে’লখনৰ দ্বিতীয় শ্ৰেণীৰ টিকটৰ মূল্য 82,950 টকা ৷ আনহাতে, প্ৰথম শ্ৰেণীৰ টিকটৰ মূল্য 1,02,095 টকা ৷ ৰে’লখনে মুঠ 7,500 কিল’মিটাৰ দূৰত্ব সামৰি ল’ব ৷ IRCTC এ সমগ্ৰ দেশতে পাঁচখন Ramayana circuit train ৰ ব্যৱস্থা কৰিছে ৷

বৰ্তমানলৈকে দুখন ৰে’ল চলাচল কৰি আছে আৰু তৃতীয় ৰে’লখনে 25 নৱেম্বৰত যাত্ৰা আৰম্ভ কৰিব ৷ ইয়াৰ বিপৰীতে চতুৰ্থ আৰু পঞ্চমখন ৰে’লে 27 নৱেম্বৰ আৰু 20 জানুৱাৰীত নিজৰ যাত্ৰা আৰম্ভ কৰিব ৷

লগতে পঢ়ক : ক'ত হ'ব দেশৰ আটাইতকৈ দীঘল Expressway ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.