ETV Bharat / bharat

শিক্ষকৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ব ত্ৰিপুৰা

author img

By

Published : Nov 6, 2021, 5:39 PM IST

Tripura
শিক্ষকৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ব ত্ৰিপুৰা

ৰাজ্যৰ বৰ্খাস্ত ১০,৩২৩ গৰাকী শিক্ষকে পুনৰ আন্দোলনৰ হুংকাৰ দিছে । বৰ্তমানৰ চৰকাৰে অহা ডিচেম্বৰৰ ভিতৰত স্থায়ী সমাধান প্ৰদান নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব বঞ্চিত শিক্ষকে । সংবাদমেলযোগে এই ঘোষণা 'আমৰা ১০,৩২৩'ৰ ।

আগৰতলা,৬ নৱেম্বৰ : ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বঞ্চিত শিক্ষকৰ প্ৰতিবাদ । বছৰৰ শেষৰ ফালে বঞ্চিত 'আমৰা ১০,৩২৩' শিক্ষকে আৰম্ভ কৰিব প্ৰতিবাদ । ডিচেম্বৰৰ ভিতৰত যদি চৰকাৰে তেওঁলোকৰ সমস্যাৰ স্থায়ী সমাধান নকৰে, তেনেহ'লে প্ৰতিবাদত বহাৰ হুংকাৰ দিয়ে ত্ৰিপুৰাৰ বৰ্খাস্ত ১০,৩২৩ গৰাকী শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে ।

'আমৰা ১০৩২৩'ৰ আহ্বায়ক ডালিয়া দাসে এক সংবাদমেল সম্বোধন কৰি কয় যে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰা নাই । তেওঁ উল্লেখ কৰা মতে বৰ্খাস্ত শিক্ষক সকলে যেতিয়াই মুখ খুলিবলৈ চেষ্টা কৰে তেতিয়াই আক্ৰমণৰ সন্মুখীন হয় । তেওঁৰ অভিযোগ ৰাজ্য চৰকাৰে বহুতো কথা কৈছে আৰু বহুতো প্ৰতিশ্ৰুতি দিছে; কিন্তু সকলো ফালৰ পৰা চৰকাৰ বিফল । চৰকাৰৰ বৰ্বৰতা আৰু একনায়কত্ববাদে ৰাজ্যখনত অৰাজকতাৰ সৃষ্টি কৰিছে আৰু বৰ্খাস্ত শিক্ষকসকলকো আক্ৰমণৰ পৰা ৰক্ষা কৰা হোৱা নাই বুলি দাবী কৰে আহ্বায়কগৰাকীয়ে ।

সেয়েহে, বৰ্খাস্ত শিক্ষকসকলে ১০ নৱেম্বৰত এক ডেপুটেশনত শিক্ষা সঞ্চালকক সাক্ষাৎ কৰিব । ডেপুটেচনৰ পূৰ্বে এক শোভাযাত্ৰাৰো আয়োজন কৰা হ'ব বুলি উল্লেখ কৰে আহ্বায়ক গৰাকীয়ে ।

সংবাদমেলত উপস্থিত থকা আন এগৰাকী বৰ্খাস্ত শিক্ষক বিজয় কৃষ্ণ সাহাই কয় যে, ৰাজ্য চৰকাৰে তদন্ত সমিতি গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই তদন্ত সমিতিৰ প্ৰতিবেদন এতিয়াও ৰাজহুৱা কৰা হোৱা নাই । তেওঁৰ অভিযোগ চৰকাৰে তদন্তৰ প্ৰতিবেদন লুকুৱাব বিচাৰে আৰু উচ্চতম ন্যায়ালয়ত এক গোচৰো ৰুজু কৰা হৈছে । কেৱল ৰাজনৈতিকভাৱেই নহয়, আইনগতভাৱেও বৰ্খাস্ত শিক্ষকসকল ষড়যন্ত্ৰৰ ভুক্তভোগী বুলি উল্লেখ কৰে ।

শিক্ষকগৰাকীয়ে দাবী কৰা মতে তৃণমূল কংগ্ৰেছে শেহতীয়াকৈ আগৰতলাত এখন ৰাজহুৱা সভাত কৈছিল যে বৰ্খাস্ত শিক্ষকসকলৰ বাবে স্থায়ী সমাধান বিচাৰি সকলো সম্ভৱ সহযোগিতা আগবঢ়াৱ । সেয়ে বৰ্খাস্ত শিক্ষকসকলে পৰৱৰ্তী ২০২৩ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্থায়ী সমাধানৰ দাবী জনাইছে । যদি বৰ্তমানৰ চৰকাৰে অহা ডিচেম্বৰৰ ভিতৰত স্থায়ী সমাধান প্ৰদান নকৰে, তেন্তে তেওঁলোকে ৰাজ্যজুৰি এক বৃহত্তৰ আন্দোলন আৰম্ভ কৰিব । প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'লপথ অৱৰোধ কৰিব বুলিও হুংকাৰ দিয়ে বঞ্চিত শিক্ষকসকলে ।

লগতে পঢ়ক :দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.