ETV Bharat / sitara

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

author img

By

Published : Nov 6, 2021, 12:22 PM IST

লাহে লাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীৰ বায়ু প্ৰদূষণে । দীপাৱলীৰ পাছতে ধোঁৱা-কুঁৱলীয়ে আৱৰি ধৰিছে সমগ্ৰ দিল্লী চহৰ । ৰাজধানী চহৰৰ এনে পৰিৱেশক লৈ চিন্তিত হৈ পৰিছে শ্বাহিদৰ পত্নী মীৰা ৰাজপুত ।

Delhi
দিল্লীৰ প্ৰদূষণক লৈ হতাশ শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুত

চিটাৰা ডেস্ক, ৬ নৱেম্বৰ : শেহতীয়াকৈ দিল্লীৰ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দীপাৱলীৰ এদিন পাছতে পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে প্ৰদূষণ । একপ্ৰকাৰ সমস্যাত পৰিছে দিল্লীবাসী । দীপাৱলীৰ পাছতে ধোঁৱাময় হৈ পৰিছে সমগ্ৰ দিল্লী চহৰ ।

ৰাজধানী চহৰৰ এনে অৱস্থা দেখি বহুতে উদ্বেগ প্ৰকাশ কৰিছে । দিল্লীৰ বাসিন্দা তথা অভিনেতা শ্বাহিদ কাপুৰৰ (Shahid Kapoor) পত্নী মীৰা ৰাজপুতে সামাজিক মাধ্যমত দিল্লীৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । মীৰা ৰাজপুতে (Mira Rajput) ইনষ্টাগ্ৰামত লিখিছে যে, এয়া তেওঁৰ বাসস্থান হ'ব নোৱাৰে । সকলোকে প্ৰদূষণ ৰোধৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় অভিনেতাগৰাকীৰ পত্নীয়ে ।

ৰাজধানী চহৰখনৰ ধোঁৱাৰে পৰিপূৰ্ণ এখন ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি মীৰাই সকলোকে ফটকা নুফুটাবলৈ আহ্বান জনোৱাৰ লগতে জ্বলি নোযোৱা আৱৰ্জনাবোৰ একাষৰীয়া কৰিবলৈ অনুৰোধ জনায় ৷ ইয়াৰ উপৰিও যিসকলে প্ৰদূষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি আহিছে, তেওঁলোকক এইক্ষেত্ৰত দিল্লীবাসীক সহায় কৰিবলৈ আহ্বান জনায় মীৰাই ৷

Delhi
দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

আন এটা পোষ্টত মীৰাই সকলোকে ফটকা বৰ্জন কৰিবলৈ আহ্বান জনায় । এই বিষয়টো কিয় গুৰুত্ব সহকাৰে লোৱা নাই তাকলৈও প্ৰশ্ন কৰে ৷ যিসকলে সকলো দেখিও ফটকা ফুটাই আছে, অতি শীঘ্ৰে তেওঁলোকক ফটকা ফুটুওৱা বন্ধ কৰিবলৈ অনুৰোধ জনায় মীৰাই ৷

ইফালে স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰই(System of Air Quality and Weather Forecasting And Research) সদৰী কৰা অনুসৰি, দেওবাৰে সন্ধিয়ালৈ দিল্লীৰ বায়ুমণ্ডলৰ অৱস্থা উন্নত হোৱাৰ কোনো সম্ভাৱনা নাই ।

উল্লেখ্য যে, ৰাজধানী দিল্লীতে মীৰাৰ জন্ম হৈছিল আৰু তাতেই ডাঙৰ-দীঘল হয় । সাত বছৰ পূৰ্বে অভিনেতা শ্বাহিদৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত মীৰা মুম্বাইলৈ যায় ।

লগতে পঢ়ক : কেদাৰনাথ দৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন চাৰা আলী খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.