ETV Bharat / bharat

হিমাচলত উদ্ধাৰ ৰাছিয়াৰ দুই নাগৰিকৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 5:33 PM IST

কুল্লু জিলাৰ মণিকৰ্ণৰ সমীপত গৰম পানীৰ পুখুৰীত মৃতদেহ দুটা উদ্ধাৰ হৈছে । মৃতদেহ দুটা ৰাছিয়াৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Russian citizens body recovered
হিমাচলত উদ্ধাৰ ৰাছিয়াৰ দুই নাগৰিকৰ মৃতদেহ

নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ : হিমাচল প্ৰদেশৰ কুল্লু জিলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বৃহস্পতিবাৰে সন্ধিয়া জিলাখনৰ মণিকৰ্ণৰ সমীপত গৰম পানীৰ পুখুৰীত দুটা মৃতদেহ উদ্ধাৰ হৈছে । স্থানীয় লোকে খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধলপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । একে সময়তে, ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃত দুয়োগৰাকী লোক ৰাছিয়াৰ নাগৰিক আছিল । কুল্লু আৰক্ষীয়ে ইতিমধ্যে ৰাছিয়াৰ দূতাবাসক এই বিষয়ে অৱগত কৰিছে ।

মণিকৰ্ণ উপত্যকাৰ টেগদীত উদ্ধাৰ হোৱা মৃতদেহ দুটা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে । ইফালে কুল্লুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ চৌহানে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে । কিন্তু তেওঁলোকে আত্মহত্যা কৰিছে নে কোনোৱে হত্যা কৰিছে সেই সম্পৰ্কে ৰহস্যৰ সৃষ্টি হৈছে ।

কুল্লু আৰক্ষীয়ে মৃত লোককেইগৰাকীৰ সামগ্ৰীবোৰ জব্দ কৰিছে । জব্দ কৰা সামগ্ৰী আৰু নথিপত্ৰৰ আধাৰত দুয়োকে ৰাছিয়াৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে । একে সময়তে দুয়োগৰাকীৰ শৰীৰত আঘাতৰ দাগো পোৱা গৈছে বুলি আৰক্ষীয়ে জনাইছে ।

লক্ষণীয়ভাৱে দুয়োটা মৃতদেহ উদ্ধাৰ হোৱা স্থানটোত এটা কেম্পিং চাইট আছিল । কিন্তু বৰ্তমান সেই কেম্পিং চাইটটো বন্ধ হৈ আছে । তেনে পৰিস্থিতিত তেওঁলোক কিয় তালৈ গৈছিল ? কোনে তেওঁলোকক তালৈ লৈ গৈছিল ? সেই সম্পৰ্কে ৰহস্যৰ সৃষ্টি হৈছে । অৱশ্যে কুল্লু আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ অনুসন্ধানত হে সকলো কথা স্পষ্ট হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসা, দুই ফৈদৰ সংঘৰ্ষত এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.