ETV Bharat / bharat

মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসা, দুই ফৈদৰ সংঘৰ্ষত এজন আহত

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:54 PM IST

মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে দিমানী বিধানসভাত সংঘৰ্ষ । দুই ফৈদৰ সংঘৰ্ষৰ ফলত এজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ সমষ্টিত এই সংঘৰ্ষ । ভিন্দত বিজেপি প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ ।

MP Election 2023
মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসা

নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ : মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজত তীব্ৰ উত্তেজনা । ভোটগ্ৰহণ চলি থকাৰ মাজতে মুৰেনাৰ দিমানী বিধানসভা সমষ্টিত গুলীচালনা আৰু শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হৈছে । ১৪৭ আৰু ১৪৮ নম্বৰ ভোটকেন্দ্ৰত দুই ফৈদৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে ঘটনাটো মিৰঘান গাঁৱত সংঘটিত হৈছে । এই আসনখন ৰাজ্যৰ ভিতৰতে 'হট ছীট' বুলি গণ্য কৰা হয় । কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সমষ্টিটোত বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

  • #WATCH | Madhya Pradesh Elections | Violence reported at polling booths 147-148 of Dimani Assembly constituency, in Mirghan, Morena when stone pelting ensued between two sides. One person injured in stone pelting. The situation is now under control. pic.twitter.com/AeqFhuEUQp

    — ANI (@ANI) November 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে চম্বলৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে । তাৰ পাছতে সংঘৰ্ষৰ খবৰটো পোৱা গৈছে । তেওঁ কয় যে নিৰ্বাচনত হিংসাৰ কোনো স্থান নাই । তেওঁৰ অভিযোগ নিৰ্বাচনক লৈ কংগ্ৰেছীসকল ভয় খাই আছে । বিএছপিৰ লোকসকলো এই ঘটনা জড়িত থকাৰ সন্দেহ কৰিছে । তেওঁৰ মতে ভোটদান শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ব আৰু বিজেপি জয়ী হ'ব ।

আৰক্ষীয়ে ঘটনাটোৰ কথা নিশ্চিত কৰিছে । আৰক্ষীৰ মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে । অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । ইফালে শিল নিক্ষেপৰ ফলত এজন লোক আহত হৈছে । ডিএছপি বিজয় সিং ভাদুৰিয়াই কোৱা মতে পুৱাই দুটা ফৈদৰ মাজত সংঘৰ্ষ আৰু শিলগুটি নিক্ষেপৰ খবৰ পোৱা গৈছিল । লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । একাংশ লোকে অভিযোগ কৰা মতে অঞ্চলটোত গুলীচালনাও হৈছিল । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত চলাই আছে ।

  • #WATCH | DSP Vijay Singh Bhadoriya says, "...Information was received this morning that a scuffle broke out between two sides and a stone pelting has ensued. Police reached here and both sides were removed from there. One person got injured in his head. Situation is peaceful… pic.twitter.com/2oD0DVsngn

ইয়াৰ মাজতে ভিন্দ জিলাত বিজেপি প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ হোৱাৰো খবৰ পোৱা গৈছে । মেহগাঁও বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাকেশ শুক্লা আক্ৰমণৰ বলি হৈছে । মনহাৰ গাঁৱত শিল নিক্ষেপ কৰাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈছে । তেওঁৰ বাহনো ক্ষতিগ্ৰস্ত হৈছে । ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :পুৱাৰে পৰা আৰম্ভ মধ্যপ্ৰদেশত ভোটগ্ৰহণ প্ৰক্ৰিয়া; ভগ্নীহঁতে কাৰ হাতত গতাব ক্ষমতাৰ বাঘজৰী?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.