ETV Bharat / bharat

নৰেন্দ্ৰ মোদীৰ জীৱনত মাতৃ হীৰাবেনৰ ভূমিকা

author img

By

Published : Sep 17, 2022, 11:10 AM IST

Updated : Sep 17, 2022, 1:14 PM IST

হীৰাবা পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যাৰ মাতৃ । হীৰাবেনৰ ডাঙৰ পুত্ৰ সোমভাই মোদী গুজৰাটৰ স্বাস্থ্য বিভাগৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া । অমৃতভাই মোদীয়ে লেথ মেচিন অপাৰেটৰত কাম কৰিছিল । প্ৰহ্লাদভাই মোদীয়ে এখন সুলভ মূল্যৰ দোকান চলায় । নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী (Prime Minister Narendra Modi) । পংকজ মোদীয়ে গুজৰাট চৰকাৰৰ তথ্য বিভাগত কাম কৰি আছে । হীৰাবাৰ বাসন্তীবেন নামৰ এগৰাকী জীয়ৰী আছে । আপুনি জানি আচৰিত হ'ব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমগ্ৰ পৰিয়ালটোৱেই এটা সাধাৰণ জীৱন যাপন কৰে ।

modi
modi

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : বিশ্বৰ অন্যতম শক্তিশালী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(world most powerful leader Narendra Modi) আজি জন্মদিন (Birthday of Narendra Modi) । আজিৰ এই প্ৰতিবেদনত তেওঁৰ মাতৃ হীৰাবেনৰ বিষয়ে কিছু কথা আলোকপাত কৰিব বিচৰা হৈছে । নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনে অতি সৰল জীৱন যাপন কৰি আছে (mother of Prime Minister Narendra Modi Hiraba)। বৰ্তমান হীৰাবাৰ বয়স ১০০ বছৰ (Hiraba completed 100 years)। তেওঁ গুজৰাটৰ গান্ধীনগৰত তেওঁৰ সৰু পুত্ৰ পংকজ মোদীৰ বাসগৃহত বাস কৰে ।

হীৰাবেনে মহেছানাৰ ওচৰৰ ভাদনগৰৰ দামোদৰদাস মূলচান্দ মোদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল (Hiraba married to Damodardas Moolchand Modi)। দামোদৰদাসৰ ভাদনগৰ ৰে'ল ষ্টেচনত এখন চাহৰ দোকান আছিল । তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া আছিল । সেয়েহে হীৰাবেনে ঘৰুৱা কাম কৰিছিল আৰু ঘৰ চলাবলৈ তেওঁৰ স্বামীক সহায় কৰিছিল । কিন্তু দামোদৰ দাসৰ কম বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

হীৰাবেন পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যাৰ মাতৃ । হীৰাবেনৰ ডাঙৰ পুত্ৰ সোমভাই মোদী গুজৰাটৰ স্বাস্থ্য বিভাগৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া । অমৃতভাই মোদীয়ে লেথ মেচিন অপাৰেটৰত কাম কৰিছিল । প্ৰহ্লাদভাই মোদীয়ে এখন সুলভ মূল্যৰ দোকান চলায় । নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী । পংকজ মোদীয়ে গুজৰাট চৰকাৰৰ তথ্য বিভাগত কাম কৰি আছে । হীৰাবেনৰ বাসন্তীবেন নামৰ এগৰাকী জীয়ৰী আছে । আপুনি জানি আচৰিত হ'ব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমগ্ৰ মধ্যবিত্ত পৰিয়ালটোৱেই এটা সাধাৰণ জীৱন যাপন কৰে ।

নৰেন্দ্ৰ মোদীৰ জীৱনত মাতৃ হীৰাবাৰ ভূমিকা
নৰেন্দ্ৰ মোদীৰ জীৱনত মাতৃ হীৰাবাৰ ভূমিকা

যেতিয়া নৰেন্দ্ৰ মোদীৰ বয়স 13 বছৰ আছিল, তেতিয়া তেওঁ যশোদাবেনৰ সৈতে বাগদান কৰিছিল । নৰেন্দ্ৰ মোদীয়ে ১৮ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হৈছিল (Narendra Modi married to Jashodabehan)। অৱশ্যে তাৰ পিছত নৰেন্দ্ৰ মোদী হিমালয়লৈ গুচি যায় । নৰেন্দ্ৰ মোদীয়ে সৰুৰে পৰাই সংঘৰ নীতি অনুসৰণ কৰিছিল আৰু সংঘ পৰিয়ালৰ অংশ হৈছিল । তাৰ পৰৱৰ্তী সময়ত তেওঁ ৰাজনীতিৰ পথাৰলৈ আহে আৰু তাৰ পিছত লাহে লাহে সফলতাৰ চিৰি বগাবলৈ আৰম্ভ কৰে ।

2001 চনত যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল তেতিয়া তেওঁ মাতৃ হীৰাবেনৰ পৰা আশীৰ্বাদ বিচাৰি গৈছিল । তাৰ পিছত নৰেন্দ্ৰ মোদী চাৰিবাৰ গুজৰাটৰ মুখ্যমন্ত্ৰী হয় আৰু গুজৰাটৰ দীৰ্ঘতম কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ গঢ়ে ।

2014 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বৃহৎ সফলতা অৰ্জন কৰে । নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ১৬ মে'ত বিজয়ী হোৱাৰ পিছত পুনৰ হীৰাবেনৰ আশীৰ্বাদ ল'বলৈ যায় । তাৰ পিছত তেওঁ হীৰাবাৰ ভৰিত পৰি তেওঁৰ আশীৰ্বাদ লয় । 26 মে' 2014 তাৰিখে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে (Prime Minister of India Narendra Modi) ।

2014 চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে হীৰাবেনক এখন শাৰী উপহাৰ দিছিল । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱাজ শ্বৰীফৰ মাতৃক এখন শ্বল প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে জীৱনত মাতৃৰ এটা অতি গুৰুত্বপূৰ্ণ অৱদান আছে আৰু ই তেওঁৰ জীৱনৰ আধাৰ ।

নৰেন্দ্ৰ মোদীৰ জীৱনত মাতৃ হীৰাবাৰ ভূমিকা
নৰেন্দ্ৰ মোদীৰ জীৱনত মাতৃ হীৰাবাৰ ভূমিকা

প্ৰধানমন্ত্ৰী মোদী যেতিয়া 2015 চনত আমেৰিকালৈ যায়, ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ সৈতে তেওঁৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে টাউন হলত এক বাৰ্তালাপত হয় । তাত তেওঁ কয় যে তেওঁৰ মাতৃয়ে ঘৰুৱা সকলো কাম নিজে কৰে । তেওঁ শিক্ষিত নহয়, কিন্তু টিভিত ৰাষ্ট্ৰীয় আৰু বিশ্বৰ বাতৰি চায় । ঘৰৰ খৰচ উলিয়াবৰ বাবে হীৰাবেনে ঘৰুৱা কাম কৰিবলৈ চুবুৰীয়াৰ ওচৰলৈ গৈছিল । বাচন পৰিষ্কাৰ কৰা, আৱৰ্জনা পেলোৱা, বনুৱা আদিৰ কাম কৰিছিল । এই কথা কোৱাৰ সময়ত তেওঁৰ চকুত চকুপানী ওলাই আহিছিল আৰু এক মুহূৰ্তৰ বাবে তেওঁ কথা ক'ব নোৱাৰা হৈ পৰিছিল ।

2016 চনৰ 16 মে'ত প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত তেওঁৰ মাতৃ হীৰাবেনক সাক্ষাৎ কৰে আৰু 7 ৰেচ কোৰ্চৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহ দেখুৱায় । প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত টুইট কৰিছিল আৰু হুইলচেয়াৰত বহুৱাই বাগিচাৰ চাৰিওফালে লৈ যোৱা হীৰাবেনৰ ফটো শ্বেয়াৰ কৰিছিল । তেতিয়া সকলোৱে গম পায় যে হীৰাবা দিল্লী পাইছেগৈ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ ৮ নৱেম্বৰত বিমুদ্ৰাকৰণ কৰে । ৫০০ আৰু ১০০০ চকীয়া নোট বন্ধ কৰে । তাৰ পিছত তেওঁৰ পুত্ৰৰ সিদ্ধান্তক সমৰ্থন কৰিবলৈ হীৰাবেনে নিজেই 15 নৱেম্বৰ, 2017 তাৰিখে নোট সলনি কৰিবলৈ বেংকলৈ গৈছিল আৰু বিৰোধীসকলৰ মুখৰ মাত বন্ধ কৰি দিছিল ।

প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিক জয়লাভ কৰাইছিল । তাৰ পিছত ২০১৯ চনৰ ২৩ মে'ত হীৰাবেনে পংকজভাইৰ ঘৰৰ পৰা ওলাই আহি সংবাদ মাধ্যম আৰু ৰাইজক হাতযোৰ কৰি ধন্যবাদ জ্ঞাপন কৰে । 26 মে', 2019 তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে আশীৰ্বাদ বিচাৰি হীৰাবেনৰ ঘৰত উপস্থিত হয় আৰু তেওঁৰ স্বাস্থ্যৰ বিষয়ে খা-খবৰ কৰে । তাৰ পিছত 30' মে, 2019 তাৰিখে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লয় । শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত হীৰাবেনে টিভিত পোনপটীয়া সম্প্ৰচাৰ চাই আছিল । সেই সময়ত তেওঁ তেওঁৰ পুত্ৰৰ প্ৰশংসা কৰিছিল আৰু আনন্দৰ চকুলো নিগৰিছিল ।

হীৰাবেনৰ পুত্ৰ পংকজ মোদীৰ সৈতে হীৰাবায়ে বাস কৰে । পংকজভায়ে ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত কয় যে হীৰাবেনে এটা অতি নিয়মীয়া জীৱন যাপন কৰে । প্ৰত্যেক দিনা পুৱা তেওঁ সোনকালে উঠি পূজা কৰে । মালা জপ কৰে । পুৱাৰ চাহ-নাস্তা তৈয়াৰ কৰে । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় টিভিত বাতৰি চাই আৰু ধৰ্মীয় কাহিনী শুনি তেওঁ ভালপায় ।

তেওঁৰ পাচন শক্তিও অতি ভাল । হীৰাবেনে ঘৰত যি তৈয়াৰ কৰা হয় সেয়া খায় । তেওঁৰ স্মৃতিশক্তিও সমানে ভাল । তেওঁৰ ৰক্তচাপ বা ডায়েবেটিছৰ দৰে কোনো ৰোগ নাই আৰু হীৰাবেনে কোনো ঔষধ গ্ৰহণ নকৰে । তেওঁ এটা অতি স্বাস্থ্যৱান আৰু নিয়মীয়া জীৱন যাপন কৰে ।

লগতে পঢ়ক :72 বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Last Updated :Sep 17, 2022, 1:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.