ETV Bharat / bharat

Jana Shatabdi Express connects Tripura-Manipur : ত্ৰিপুৰা-মণিপুৰ সংযোগী জনশতাব্দী এক্সপ্ৰেছ মুকলি

author img

By

Published : Jan 9, 2022, 2:21 PM IST

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত মুকলি হ'ল ত্ৰিপুৰা আৰু মণিপুৰৰ মাজত প্ৰথমখন জনশতাব্দী এক্সপ্ৰেছ । কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে মুকলি কৰে এই সেৱা (Railway minister flags off Jan Shatabdi Express) । আগৰতলাৰ বধৰঘাট ৰে’ল ষ্টেচন আৰু মণিপুৰৰ জিৰিবাম ৰে’ল ষ্টেচনৰ মাজত সপ্তাহত তিনিবাৰকৈ চলাচল কৰিব ৰে'লখন ।

Jana Shatabdi Express
ত্ৰিপুৰা আৰু মণিপুৰৰ মাজত প্ৰথমখন জন শতাব্দী এক্সপ্ৰেছ মুকলি

আগৰতলা, ৯ জানুৱাৰী : ত্ৰিপুৰা আৰু মণিপুৰৰ ৰাইজৰ বাবে আন এক ভাল খবৰ । পোন প্ৰথমবাৰৰ বাবে দুয়োখন ৰাজ্যৰ মাজত আৰম্ভ হ'ল যাত্ৰীবাহী ৰে’ল সেৱা । শনিবাৰে প্ৰথমখন জনশতাব্দী এক্সপ্ৰেছ মুকলি কৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Railway minister flags off Jan Shatabdi Express)।

ৰে’লখন আগৰতলাৰ বধৰঘাট ৰে’ল ষ্টেচন আৰু মণিপুৰৰ জিৰিবাম ৰে’ল ষ্টেচনৰ মাজত সপ্তাহত তিনিবাৰকৈ চলাচল কৰিব (Jan Shatabdi express between Tripura and Manipur)। ৰে'লখন আগৰতলাৰ পৰা জিৰিবাম পাবলৈ ছয় ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব । আগৰতলা আৰু জিৰিবামৰ মাজত থাকিব পাঁচটা ষ্টপেজ । ষ্টপেজকেইটা হৈছে ক্ৰমে আম্বাচা, ধৰ্মনগৰ, নিউ কৰিমগঞ্জ, বদৰপুৰ আৰু নিউ অৰুণাচল ষ্টেচন ।

প্ৰথমখন ৰে'ল মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই এক্সপ্ৰেছে কেৱল দুয়োখন ৰাজ্যক সংযোগ কৰাই নহয়, দুয়োখন ৰাজ্যৰ মাজত বছৰ বছৰ ধৰি চলি অহা সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰে পৰা উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে ।

বিৰোধীক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল সমস্যাৰ কথা আলোচনা কৰা আৰু আনক সমালোচনা কৰা একাংশ লোকৰ বাবে ভাৰতৰ ৬০-৭০ বছৰ অথলে গ'ল । ইফালে ৰে'লখনৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন ৰাজ্যক পুনৰ ৰে'লৱেৰ জৰিয়তে সংযোগ কৰিছে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই নতুন ৰে'ল সেৱা সন্দৰ্ভত কয় যে এই ৰে'ল সেৱাই কেৱল দুয়োখন ৰাজ্যক সংযোগ কৰাই নহয়, সমগ্ৰ উত্তৰ-পূৱ ভাৰতক সংযোগ কৰিব ৷ ত্ৰিপুৰাত অনুষ্ঠিত এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক, ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰাণজিৎ সিংগা ৰয়, বিধায়ক মিমি মজুমদাৰ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : মনিপুৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক লৈ সৰৱ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.