ETV Bharat / bharat

Karnataka Election 2023 : কৰ্ণাটকত সংৰক্ষণ বিষয়ত সোচ্চাৰ ৰাহুল গান্ধী

author img

By

Published : Apr 18, 2023, 8:12 AM IST

সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ স্থিতি পুনৰ দোহাৰি কয় যে সংৰক্ষণৰ ওপৰত থকা ৫০ শতাংশৰ সীমা উঠাই ল'ব লাগে (Rahul Gandhi reiterates call for caste census) । লগতে তেওঁ কয় যে জাতিগত লোকপিয়ল ৰাজহুৱা কৰিব লাগে যাতে অ'বিচিসকলক উন্নত প্ৰতিনিধিত্ব দিয়া হয় । আনহাতে, দলিত আৰু আদিবাসীসকলক দেশত তেওঁলোকৰ জনসংখ্যাৰ সমানুপাতিকভাৱে সংৰক্ষণ দিয়াৰো পৃষ্ঠপোষকতা কৰে ।

Rahul Gandhi on OBC
কৰ্ণাটকত এক নিৰ্বাচনী প্ৰচাৰ সভাত নেতা ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৮ এপ্ৰিল : কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজ্যখনত চলিছে তীব্ৰ ৰাজনৈতিক আক্ৰমণ তথা প্ৰত্যাক্ৰমণ (Karnataka election 2023) । সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰ্ণাটকত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে (Rahul Gandhi in Karnataka election campaign) । তাত তেওঁক পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক ৰূপত দেখা গ'ল । এইবাৰ তেওঁৰ আক্ৰমণৰ বিষয়বস্তু আছিল সংৰক্ষণ ব্যৱস্থা (Rahul Gandhi reiterates call for caste census) ।

শেহতীয়াভাৱে বিজেপি চৰকাৰে গ্ৰহণ কৰা সংৰক্ষণ বিধেয়কৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে (Rahul Gandhi slams BJP on reservation issue) । আনহাতে, সোমবাৰে সংৰক্ষণৰ ওপৰত ৰাহুল গান্ধীয়ে নিজৰ স্থিতি পুনৰ দোহাৰে । তেওঁ কয় যে সংৰক্ষণৰ ৫০ শতাংশৰ সীমা উঠাই ল'ব লাগে । জাতিগত লোকপিয়ল ৰাজহুৱা কৰিব লাগে, যাতে অ'বিচিসকলক উন্নত প্ৰতিনিধিত্ব দিয়া হয় । লগতে দলিত আৰু আদিবাসীসকলক দেশত তেওঁলোকৰ জনসংখ্যাৰ সমানুপাতিকভাৱে সংৰক্ষণ দিয়া হওঁক ।

উত্তৰ-পূব কৰ্ণাটকৰ বিদাৰ জিলাৰ ভালকী আৰু হুমনাবাদত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে বিদাৰ আছিল দ্বাদশ শতিকাৰ সমাজ সংস্কাৰক বাসৱন্নাৰ 'কৰ্মভূমি' (12th century social reformer Basavanna) । কিন্তু বিজেপি আৰু আৰএছএছে বাসৱন্নাৰ সমান অংশীদাৰীত্ব, সমান সুযোগ আৰু সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ আদৰ্শক আক্ৰমণ কৰি আহিছে ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Prime Minister Narendra Modi) ২০১১ চনৰ লোকপিয়লৰ জাতিভিত্তিক অ'বিচি শ্ৰেণীবিভাজনৰ তথ্য ৰাজহুৱাভাৱে মুকলি কৰিবলৈ আৰু জনসংখ্যাৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ প্ৰদান কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে সংৰক্ষণৰ ৫০ শতাংশৰ সীমা আঁতৰাবলৈও দাবী জনায় । "মোডীয়ে কেৱল অ'বিচিৰ বিষয়ে কয়হে, কিন্তু তথ্য মুকলি নকৰে । মোডীয়ে কেৱল অ'বিচিৰ ভোট বিচাৰে... কিন্তু কংগ্ৰেছে ক্ষমতালৈ অহাৰ পিছতেই এইটো কৰিব ।" তেওঁ কয় যে কংগ্ৰেছে প্ৰকৃতাৰ্থত অ'বিচিসকলক ৰাজনৈতিক আৰু অৰ্থনৈতিক দুয়োধৰণে শক্তি প্ৰদান কৰিব বিচাৰিছে ।

"যদি আপুনি এইটো কৰিব নোৱাৰে তেন্তে আঁতৰি যাওঁক, আমি এইটো কৰিম... আমি (কংগ্ৰেছ) শাসনলৈ অহালৈকে আমি আমাৰ অ'বিচি আৰু সংৰক্ষণ সম্পৰ্কীয় দাবীৰে মোডী চৰকাৰৰ ওপৰত প্ৰয়োজনীয় সকলো চাপ প্ৰয়োগ কৰিম ।" তেওঁ লগতে কয় । "বিদাৰ হৈছে বাসৱন্নাৰ (দ্বাদশ শতিকাৰ সমাজ সংস্কাৰক) 'কৰ্মভূমি' । যদি কোনোবাই প্ৰথমে গণতন্ত্ৰৰ কথা কৈছিল আৰু গণতন্ত্ৰৰ পথ দেখুৱাইছিল, তেৱেঁই আছিল বাসৱন্না । কিন্তু দুখৰ বিষয় যে আজি সমগ্ৰ দেশতে আৰএছএছ আৰু বিজেপিৰ লোকসকলে গণতন্ত্ৰক আক্ৰমণ কৰিছে ।" ৰাহুল গান্ধীয়ে লগতে কয় ।

লগতে পঢ়ক : Mamata opposes NRC again : পুনৰ NRCৰ বিৰোধিতা মমতা বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.