ETV Bharat / bharat

বিজেপিৰে একত্ৰিত হোৱাৰ দিশে কেপ্টেইন অমৰিন্দৰ সিঙৰ দল

author img

By

Published : Sep 16, 2022, 1:39 PM IST

Punjab
বিজেপিৰে একত্ৰিত হোৱাৰ দিশে কেপ্টেইন অমৰিন্দৰ সিঙৰ দল

অহা ১৯ ছেপ্টেম্বৰত পাঞ্জাৱ লোক কংগ্ৰেছ আৰু বিজেপি দল একত্ৰিত হ'ব (Punjab Lok Congress party will merge with BJP )। পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ দল পাঞ্জাৱ লোক কংগ্ৰেছ । কেপ্টেইন অমৰিন্দৰ সিঙৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যইও বিজেপিত যোগদান কৰিব ।

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : দেশৰ ৰাজনীতিৰ আন এক গুৰুত্বপূৰ্ণ খবৰ । বিজেপিৰ সৈতে এইবাৰ একত্ৰিত হ'বলৈ গৈ আছে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ দল পাঞ্জাৱ লোক কংগ্ৰেছ (Punjab Lok Congress party of Captain Amarinder Singh)। সূত্ৰৰ মতে অহা ১৯ ছেপ্টেম্বৰত পাঞ্জাৱ লোক কংগ্ৰেছ আৰু বিজেপি দল একত্ৰিত হ'ব (Punjab Lok Congress party will merge with BJP )।

নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত কেপ্টেইন অমৰিন্দৰ সিঙে বিজেপিৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰিব (Captain Amarinder Singh will join BJP)। কেপ্টেইনৰ লগতে পাঞ্জাৱৰ প্ৰায় ৬ ৰ পৰা ৭ জন প্ৰাক্তন বিধায়ক, কেপ্টেইনৰ পুত্ৰ ৰণ ইন্দৰ সিং, কন্যা জয় ইন্দৰ কৌৰ, নাতি নিৰ্বন সিঙেও বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে । এই খবৰে নিশ্চিতভাৱে পাঞ্জাৱৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে কেপ্টেইন অমৰিন্দৰ সিঙে শেহতীয়াকৈ তেওঁৰ নতুন দলটো ঘোষণা কৰিছিল । কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে তেওঁৰ নেতৃত্বত এই দলটো গঠন হৈছিল ।

লগতে পঢ়ক :বন্যহস্তীয়ে চোঁচা ললে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কনভয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.