ETV Bharat / bharat

Manhunt for Amritpal Singh: আৰক্ষীৰ মতে অমৃতপাল সিঙৰ শেহতীয়া অৱস্থিতি কুৰুক্ষেত্ৰ

author img

By

Published : Mar 23, 2023, 9:43 PM IST

Updated : Mar 23, 2023, 9:52 PM IST

Amritpal Singhs last location in Haryana
Manhunt for Amritpal Singh

পঞ্জাৱ আৰক্ষীৰ হাতত পৰিছে পলাতক খালিস্তানপন্থী নেতা অমৃতপাল সিঙৰ শেহতীয়া অৱস্থিতিৰ তথ্য ৷ হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ এগৰাকী মহিলাৰ ঘৰত আশ্ৰয় লৈছিল ৷ মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৷ অতিশীঘ্ৰে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে (Manhunt for Amritpal Singh) ৷

নিউজ ডেস্ক, 23 মাৰ্চ: ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ সন্ধানত চলি থকা ব্যাপক অভিযানৰ মাজতে পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ তথ্য ৷ পঞ্জাৱ আৰক্ষীৰ মহাপৰিদৰ্শক (মুখ্যালয়) সুখচেইন সিং গিলে সদৰী কৰিছে যে, খালিস্তানপন্থী নেতা অমৃতপালৰ শেহতীয়া অৱস্থিতি ধৰা পৰিছে হাৰিয়ানাত (Last location of Amritpal Singh is Haryana) ৷

এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, ‘‘আমি এতিয়াও সক্ৰিয়ভাৱে অমৃতপাল সিঙৰ সন্ধান চলাই আছোঁ ৷ তেওঁৰ শেহতীয়া অৱস্থিতি ধৰা পৰিছে হাৰিয়ানাত ৷ আমি বলজিৎ কৌৰ নামৰ এগৰাকী মহিলাক জিম্মাত লৈছোঁ ৷ অমৃতপালে কুৰুক্ষেত্ৰত থকা এই মহিলাগৰাকীৰ ঘৰত আশ্ৰয় লৈছিল ৷ যোৱা প্ৰায় আঢ়ৈ বছৰ ধৰি এই মহিলাগৰাকীৰ সৈতে যোগাযোগ আছিল ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিং আৰু তেওঁৰ একান্ত সহযোগীৰ ৷’’ (Crackdown against Amritpal Singh)

আইজিপি গিলে আৰু কয় যে, বলজিৎ কৌৰে জেৰাৰ সময়ত স্বীকাৰ কৰিছে যে, অমৃতপাল সিং আৰু তেওঁ নিকটতম সহযোগী পাপলপ্ৰীট সিঙে 19 মাৰ্চৰ নিশা তেওঁৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল (Woman arrested in connection with Amritpal Singh) ৷

‘‘আমি হাৰিয়ানা আৰক্ষীৰ সহযোগত বলজিৎক গ্ৰেপ্তাৰ কৰিছোঁ ৷ তেওঁ জেৰাৰ সময়ত স্বীকাৰ কৰিছে যে, 19 মাৰ্চৰ নিশা পাপলপ্ৰীট সিং আৰু অমৃতপাল সিং তেওঁৰ ঘৰলৈ আহিছিল ৷ তেওঁ জনাইছে যে, পাপলপ্ৰীটৰ লগত তেওঁৰ বহু বছৰৰ পৰাই চিনাকী আছে আৰু বিভিন্ন কাৰণত পাপলে তেওঁৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল ৷’’ আইজিপি গিলে কয় (Punjab Police latest statement on Amritpal Singh) ৷

লগতে পঢ়ক: Manhunt for Amritpal Singh: ভাতৃসহ অমৃতপাল সিঙৰ সহযোগীক ন্যায়িক আদালতত হাজিৰ

জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, ‘‘নিশাটো কটোৱাৰ পিচত তেওঁলোক বলজিতৰ ঘৰৰ পৰা পিচদিনা গুচি যায় ৷ আমি চিচিটিভি ফুটেজ নিৰীক্ষণ কৰি আছোঁ ৷ অতি শীঘ্ৰে অমৃতপাল সিং গ্ৰেপ্তাৰ হ’ব ৷’’ পঞ্জাৱৰ আইজিপি গৰাকীয়ে অধিক তথ্য সদৰী কৰি কয় যে, অমৃতপাল সিং আৰু তেওঁৰ সহযোগীজনে জলন্ধৰৰ ছেহোৱাল গাঁৱৰ গুৰুদ্বাৰৰ সমীপত নিজৰ দুচকীয়া বাহনখন এৰি এখন নাৱেৰে নদী পাৰ হয় (Amritpal Singh declared fugitive) ৷

‘‘আমাৰ আৰক্ষীৰ দলে তেওঁক ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ আমি চিচিটিভিৰ ফুটেজসমূহ পৰীক্ষা কৰি তেওঁৰ গতি বিধি ধৰা পেলোৱাৰ চেষ্টা চলাইছোঁ ৷ তেওঁলোকে নিজৰ দুচকীয়া বাহনখন এৰি নাৱেৰে নদী পাৰ হয় ৷ কিয়নো অভাৰব্ৰীজখন পাৰ হোৱাত তেওঁলোক বিফল হৈছিল ৷’’ আইজিপি গিলে লগতে কয় ৷

‘‘আন এখন দুচকীয়া বাহনেৰে তেওঁলোকে যাতায়াত কৰাৰ পিচত দুয়ো এখন অটো ৰিক্সা ভাৰা কৰে ৷ তাৰ পিচত তেওঁলোকৰ অৱস্থিতি কুৰুক্ষেত্ৰত ধৰা পৰে ৷ অমৃতপাল সিঙক পলায়নত সহায় কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা চাৰি অভিযুক্তৰ মাজৰ গুৰপেজ আমাৰ জিম্মাত আছে ৷ তেওঁ এগৰাকী আন মহিলাৰ নাম কৈছে ৷ বলজিতৰ উপৰিও সেইগৰাকী মহিলাৰ ওচৰলৈ তেওঁ আশ্ৰয় বিচাৰি যোৱাৰ সম্ভাৱনা আছে ৷’’ আৰক্ষী বিষয়াগৰাকীয়ে কয় ৷

গিলে কয় যে, ২০৭ জন লোকক আটক কৰা হৈছে আৰু ইয়াৰে ৩০ জন লোকক বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোক অপৰাধমূলক গোচৰৰ সৈতে জড়িত বুলি আই জি পিয়ে জনায় (Close aide of Amritpal Singh arrested)।

"আমি এতিয়ালৈকে ২০৭ জন লোকক আটক কৰিছো । ইয়াৰে ৩০ জন লোকক বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকক অপৰাধমূলক গোচৰৰ সৈতে জড়িত বুলি ধৰা পৰিছে । আন ১৭৭ জন ব্যক্তিক শান্তি বজাই ৰখা আৰু আইন-শৃংখলা জনিত স্বাৰ্থত প্ৰতিৰোধমূলকভাৱে আটক কৰা হৈছে ৷" গিলে কয় ।

লগতে পঢ়ক: Rahul Gandhi controversial speech : মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী

ইয়াৰ পূৰ্বে পঞ্জাৱ আৰক্ষীয়ে পলাতক ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বীজনৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ধৃত ব্যক্তিজনক পঞ্জাৱৰ মংগেৱাল গাঁৱৰ বাসিন্দা তেজিন্দৰ সিং ওৰফে গোৰ্খা বাবা বুলি চিনাক্ত কৰিছে ।

"তেওঁ প্ৰায়ে অমৃতপালৰ লগত বাস কৰিছিল আৰু অজনলা হিংসাৰ লগতো জড়িত আছিল । গোৰ্খা বাবা বহুদিন অমৃতপালৰ বন্দুকধাৰী আছিল । তেজীন্দৰ ছ'চিয়েল মিডিয়াতো সক্ৰিয় আছিল । তেওঁৰ হাতত অস্ত্ৰ লৈ থকা ছবি প্ৰায়ে ছ'চিয়েল মিডিয়াত ওলাইছিল । ছবিসমূহ প্ৰকাশ পোৱাৰ পিচতে মালাউড থানাত তেজিন্দৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।’ এএনআইক এইদৰে কয় ডিএছপি পয়াল হৰচিমৰাট সিঙে (Amritpal Singhs last location in Haryana) ।

আৰক্ষীয়ে জনোৱা মতে, ভাৰতীয় দণ্ডবিধিৰ ১০৭ আৰু ১৫১ ধাৰাত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ডি এছ পি সিঙে লগতে কয় যে, তেজিন্দৰৰ সৈতে যোৱা আন দুজন লোকক আটক কৰি ৰখা হৈছে আৰু জেৰা চলি আছে । তেওঁ আৰু কয় যে, তেজিন্দৰৰ নাম এটা আক্ৰমণৰ গোচৰত সাঙুৰ খাই আছে আৰু তেওঁৰ বিৰুদ্ধে সুৰা সৰবৰাহৰ আন এটা গোচৰো ৰুজু কৰা হৈছে । পিচৰ গোচৰটোত তেজিন্দৰে শাস্তি ভুগিছিল ।

১৮ মাৰ্চত পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল আৰু তেওঁৰ সহায়কসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । যোৱা ২৩ ফেব্ৰুৱাৰীত অমৃতসৰৰ অমৃতসৰৰ উপকণ্ঠ অঞ্চলত অমৃতপালৰ এজন ঘনিষ্ঠ সহায়ক লাভপ্ৰীত টুফানক মুকলি কৰি দিয়াৰ দাবীত অমৃতপালৰ সমৰ্থকসকলে কৰ্তব্যৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ।

লগতে পঢ়ক: Five Naxalites arrested : অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদী গ্ৰেপ্তাৰ

তেওঁৰ সহস্ৰাধিক সমৰ্থকে আজনলা আৰক্ষী থানাত তাণ্ডৱৰ সৃষ্টি কৰি তৰোৱাল আৰু অত্যাধুনিক আগ্নেয়াস্ত্ৰ লৈ আৰক্ষীক ভাবুকি দিয়ে ৷ যদিহে এজন লোকক আক্ৰমণ আৰু অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লাভপ্ৰীত টুফানক মুকলি কৰি নিদিয়ে, তেন্তে ভয়াৱহ পৰিণতি হ’ব বুলি আৰক্ষীক ভাবুকি দিছিল অমৃতপাল সিঙৰ সহযোগীসকলে ।

Last Updated :Mar 23, 2023, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.