ETV Bharat / bharat

Manhunt for Amritpal Singh: ভাতৃসহ অমৃতপাল সিঙৰ সহযোগীক ন্যায়িক আদালতত হাজিৰ

author img

By

Published : Mar 23, 2023, 4:45 PM IST

Manhunt for Amritpal Singh
Manhunt for Amritpal Singh

আদালতত হাজিৰ কৰোৱা হ’ল অমৃতপাল সিঙৰ ভাতৃসহ 11 খালিস্তানী সমৰ্থকক ৷ ইফালে পলাতক ঘোষণাৰ 6 দিনৰ পাচতো আৰক্ষীয়ে কোনো সম্ভেদ উলিয়াব পৰা নাই অমৃতপাল সিঙৰ (Amritpal Singh declared fugitive) ৷

নিউজ ডেস্ক, 23 মাৰ্চ: ‘‘ৱাৰিছ পঞ্জাৱ দে’’ৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা কৰাৰ পাচৰে পৰা ছদিন ধৰি খালিস্তানী সমৰ্থকজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বৰ্তমানলৈকে প্ৰায় ডেৰ শতাধিক খালিস্তানী সমৰ্থক তথা অমিতপাল সিঙৰ সহযোগীক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে অমৃতপাল সিঙৰ ভাতৃসহ 11 গৰাকী সমৰ্থকক বাবা বাকালা আদালতত হাজিৰ কৰোৱা হয় ৷ জিম্মাৰ ম্যাদ অন্ত পৰাত আজি তেওঁলোকক কটকটীয়া নিৰাপত্তাৰ মাজেৰে হাজিৰ কৰোৱা হয় আদালতত (Khalistani supporters produced in court) ৷

এতিয়া অজনলা আৰক্ষীও আদালতত হাজিৰ হ’ব:

আদালতে এই 11 গৰাকী অভিযুক্তৰ শুনানি গ্ৰহণ কৰি তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ মন কৰিবলগীয়া যে, ২৬ নং এজাহাৰত নাম লিপিবদ্ধ হোৱা যুৱকসকলৰ নাম জেললৈ প্ৰেৰণ কৰা হৈছে ৷ কিন্তু ২৯ আৰু ৩৯ নম্বৰ এজাহাৰত লিপিবদ্ধ হোৱা যুৱকসকলৰ নাম তৎক্ষণাত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় বাবা বাকালা আদালত । যুৱকসকলক ট্ৰেনজিট ৰিমাণ্ডত আজনলা আৰক্ষীলৈ প্ৰেৰণ কৰা হৈছে (Aides of Amritpal Singh sent to Judicial custody) ।

অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা ধাৰাসমূহ:

একে সময়তে অধিবক্তা শুক্ৰগুজাৰ সিঙে সংবাদ মাধ্যমক কয় যে, অস্ত্ৰ আইনৰ ২৬, ২৭৯, ১৮৬, ৫০৬, ৩২৬, ৪২৭, আইপিচি আৰু ২৫-২৭-৫৪ নম্বৰৰ এফআইআৰত থকা ধাৰাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁলোকক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে যদিও ২৯ নম্বৰ আৰু ৩৯ নম্বৰৰ ট্ৰেনজিট ৰিমাণ্ড বিচৰা হৈছে ৷ এতিয়া এই সকলোবোৰ ২৯ নম্বৰ আৰু ৩৯ নম্বৰৰ এজাহাৰৰ সন্দৰ্ভত আজনলা আদালতত দাখিল কৰা হ’ব (Amripal Singh case updates)।

এতিয়াও সন্ধান নাই অমৃতপাল সিঙৰ:

পলাতক ঘোষণাৰ ৬ দিন হৈ যোৱাৰ পিচতো পঞ্জাৱ আৰক্ষীয়ে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । অৱশ্যে মহানগৰৰ পৰা নগৰলৈ অৱৰোধৰ সময়সীমা বৃদ্ধি কৰিছে আৰক্ষীয়ে । পতাকা পদযাত্ৰা উলিওৱা হৈছে, আন ৰাজ্যৰ আৰক্ষীকো সতৰ্ক কৰি দিয়া হৈছে ৷ কিন্তু আৰক্ষীৰ হাতত এতিয়াও অমৃতপালৰ কোনো তথ্য নাই । আৰক্ষীয়ে অমৃতপালৰ ১৫০ জনতকৈ অধিক সমৰ্থকক গ্ৰেপ্তাৰ কৰা বুলিও দাবী কৰিছে যদিও সম্প্ৰতি অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে আৰক্ষী । অমৃতপালৰ পলায়নৰ নতুন নতুন ফটো আৰু চিচিটিভি ফুটেজ প্রতিদিনে প্রকাশ কৰি আছে আৰক্ষীয়ে ৷ অমৃতপাল সিঙক খুৰায়েকসহ 7 গৰাকী সমৰ্থনকাৰীক কাৰাবন্দী কৰি ৰখা হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ কেন্দ্ৰীয় কাৰাগাৰত (Amritpal Singh declared fugitive) ৷

লগতে পঢ়ক: Fugitive Amritpal Issue : শান্তি বিঘ্নিত কৰাৰ অপৰাধত পঞ্জাবত ১৫৪ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.