ETV Bharat / bharat

Fugitive Amritpal Issue : শান্তি বিঘ্নিত কৰাৰ অপৰাধত পঞ্জাবত ১৫৪ জনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 22, 2023, 11:46 AM IST

পলাতক অমৃতপাল সিঙে একেৰাহে পঞ্চম দিন আৰক্ষীৰ পৰা হাত সাৰি থকাৰ সময়তে পঞ্জাব আৰক্ষীয়ে মঙলবাৰে কয় যে তেওঁলোকে ৰাজ্যখনত 'শান্তি আৰু সম্প্ৰীতি' বিঘ্নিত কৰাৰ বাবে ১৫৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে (Punjab police arrested 154 persons) ।

Fugitive Amritpal Issue
শান্তি বিঘ্নিত কৰাৰ অপৰাধত পঞ্জাবত ১৫৪ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২২ মাৰ্চ : পঞ্জাব আৰক্ষীৰ মহাপৰিদৰ্শক (IGP Punjab) সুখচেইন গিলে জানিবলৈ দিয়া মতে, ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰাৰ বাবে ১৫৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (154 people arrested disturbing peace and harmony in Punjab) । পলাতক অমৃতপাল সিঙে একেৰাহে পঞ্চম দিন ধৰি আৰক্ষীৰ পৰা নিৰাপদ দূৰত্বত থকাৰ সময়তে পঞ্জাব আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে (fugitive Amritpal Singh) । লগতে আইজিপি গিলে পুনৰ নিশ্চিত কৰিছে যে ৰাজ্যখনৰ পৰিস্থিতি সম্পূৰ্ণৰূপে সুস্থিৰ আৰু নিয়ন্ত্ৰণত আছে ।

ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰাৰ অপৰাধত মুঠ ১৫৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আইজিপি গিলে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে । উল্লেখ্য যে পঞ্জাব আৰক্ষীয়ে শনিবাৰে অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । তেওঁ কয় যে অমৃতপাল সিঙৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ (lookout circular against Amritpal Singh) আৰু জামিনবিহীন ৱাৰেণ্ট (non bailable warrant against Amritpal) জাৰি কৰা হৈছে । পলাতক অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলাই থকা হৈছে । আনহাতে, পঞ্জাব আৰক্ষীয়ে এই কাৰ্যত আন ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিছে বুলিও তেওঁ লগতে কয় ।

ইতিমধ্যে বিভিন্ন চেহেৰাৰ সৈতে অমৃতপালৰ ফটো শ্বেয়াৰ কৰি আইজিপিয়ে জনসাধাৰণক পলাতক অমৃতপালৰ অৱস্থান প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে (Punjab police shared photo of Amritpal) । এই বিষয়ত অধিক বিৱৰণ দি আইজিপিয়ে কয় যে জলন্ধৰ গ্ৰাম্য আৰক্ষীয়ে এখন ব্ৰেজা গাড়ী (পিবি-02-ইই-3343) উদ্ধাৰ কৰিছে । এই গাড়ীখন অমৃতপালে পলাই যাবলৈ ব্যৱহাৰ কৰিছিল । আৰক্ষীয়ে শ্বাহকোটৰ নৱা কিল্লাৰ মনপ্ৰীত সিং ওৰফে মান্না (২৮), নাকোদাৰৰ বল নাউ গাঁৱৰ গুৰদীপ সিং ওৰফে দীপা (৩৪), হোচিয়াৰপুৰৰ কোটলা নোধ সিং গাঁৱৰ হৰপ্ৰীত সিং ওৰফে হেপ্পী (৩৬) আৰু ফাৰিদকোটৰ গোণ্ডাৰা গাঁৱৰ গুৰভেজ সিং ওৰফে ভেজা নামৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

এই চাৰিজন অভিযুক্ত ব্যক্তিয়ে অমৃতপালক পলাই যোৱাত সুবিধা প্ৰদান কৰিছিল বুলি তেওঁ কয় । লগতে এইটোও পোহৰলৈ আহিছে যে অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলেও তেওঁলোকৰ পোছাক সলনি কৰিবলৈ নাংগল আম্বিয়া গাঁৱৰ এটা গুৰুদ্বাৰ চাহিবলৈ গৈছিল আৰু তেওঁলোকে তাত কাপোৰ সলনি কৰি দুখন মটৰচাইকেলত উঠি তাৰ পৰা পলায়ন কৰে । আইজিপি সুখচেইন সিং গিলে কয় যে আৰক্ষীৰ দলে মোগাৰ ৰাওকে গাঁৱৰ কুলৱন্ত সিং ৰাওকে আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (National Security Act) অধীনত কাপুৰথালাৰ গুৰিন্দৰপাল সিং ওৰফে গুৰি ঔজলাকো গ্ৰেপ্তাৰ তথা আটক কৰিছে ।

আইজিপিয়ে জনাইছে যে জলন্ধৰ গ্ৰাম্য আৰক্ষীয়ে অমৃতসৰৰ কাল্লু খেদাৰ অমৃতপালৰ খুৰাক হৰজিৎ সিং আৰু মোগাৰ মাদোকা গাঁৱৰ তেওঁৰ গাড়ীচালক হৰপ্ৰীত সিঙৰ বিৰুদ্ধে মেহাটপুৰৰ উদোৱাল গাঁৱৰ চৰপঞ্চ মনপ্ৰীত সিঙৰ ঘৰত দুদিনৰ বাবে অনধিকাৰ প্ৰৱেশ আৰু আশ্ৰয় লোৱাৰ কথা এফআইআৰত পঞ্জীয়ন কৰিছে । দুয়োজন অভিযুক্ত ব্যক্তিয়ে তেওঁলোকৰ মাৰ্চিডিজ গাড়ীত আহিছিল (এইচআৰ72ই1818) ।

২০ মাৰ্চ তাৰিখে এখন এজাহাৰ নং ২৮ আইপিচিৰ ৪৪৯, ৩৪২, ৫০৬ আৰু ৩৪ ধাৰা আৰু আৰক্ষী থানা মেহাতপুৰত অস্ত্ৰ আইনৰ ২৫ আৰু ২৭ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে । তেওঁ এই কথাও জানিবলৈ দিয়ে । ইফালে আইজিপিয়ে লগতে জনায় যে ৩৭ জন লোকক প্ৰতিৰোধমূলক জিম্মাত লোৱা হৈছে ।

লগতে পঢ়ক :Amritpal Singh Case : অমৃতপাল সিঙৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ, জামিনবিহীন ৱাৰেণ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.