ETV Bharat / bharat

Rahul Gandhi controversial speech : মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী

author img

By

Published : Mar 23, 2023, 12:35 PM IST

মোডী উপাধিক লৈ প্ৰশ্ন কৰি বিপদত কংগ্ৰেছ নেতা ৰাহুল গান্ধী । চুৰাট আদালতে দোষী সাব্যস্ত কৰিলে কংগ্ৰেছ নেতাগৰাকীক (Surat court convicts Rahul Gandhi)। বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ দিছিল । অৱশ্যে জামিনত মুক্তি লাভ ৰাহুলৰ ।

Rahul Gandhi controversial speech
মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক,২৩ মাৰ্চ : মোডী উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্যৰ এক গোচৰত জামিন লাভ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । সকলো চোৰৰ উপাধি কেনেকৈ মোডী হ'ব পাৰে বুলি তেওঁ বিতৰ্কি মন্তব্য কৰিছিল । যাৰ বাবে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা হৈছিল । চুৰাট জিলা আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ডও প্ৰদান কৰে (Surat court sentences Rahul Gandhi to jail)।

অৱশ্যে তেওঁ জামিনত মুক্তি লাভ কৰে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এক প্ৰচাৰ সভাত ভাষণ প্ৰসংগত এই বিতৰ্কিত মন্তব্যটো কৰিছিল ৰাহুল গান্ধীয়ে (Rahul Gandhi controversial speech)। যিটোক লৈ চুৰাট আদালতত গোচৰ চলিছিল আৰু তেওঁক বৃহস্পতিবাৰে চুৰাট আদালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপাধি সম্পৰ্কীয় বক্তব্যৰ বাবে দোষী সাব্যস্ত কৰে ।

বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে নিজকে নিৰ্দোষী বুলি ঘোষণা কৰি ৰাহুল গান্ধীৰ বক্তব্যৰ বিৰুদ্ধে চুৰাট আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল । ভূপেন্দ্ৰ পেটেল চৰকাৰৰ প্ৰথম কাৰ্যকালত পূৰ্ণেশ মোডী এগৰাকী মন্ত্ৰী আছিল (Purnesh Modi case against Rahul Gandhi)। তেওঁ এই বিধানসভা নিৰ্বাচনত চুৰাট পশ্চিম বিধানসভা আসনৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল ।

আদালতে বুধবাৰে গোচৰটোৰ ৰায় প্ৰদান কৰে, যাৰ শুনানি যোৱা শুকুৰবাৰে সমাপ্ত হয় । গুজৰাট উচ্চ ন্যায়ালয়ে গান্ধীৰ ব্যক্তিগত উপস্থিতিৰ দাবীত অভিযোগকাৰীৰ দ্বাৰা আৰোপ কৰা আবেদনৰ কাৰ্যক্ৰমৰ ওপৰত স্থগিতাদেশ জাৰি কৰাৰ পাছত যোৱা মাহত চূড়ান্ত যুক্তি তৰ্ক পুনৰ আৰম্ভ হৈছিল ।

অভিযোগকাৰীজনে যুক্তি দিছিল যে ৰাহুলৰ গান্ধীৰ ভাষণ সন্দৰ্ভত আদালতক প্ৰদান কৰা ইলেক্ট্ৰনিক প্ৰমাণে স্পষ্ট কৰিছিল যে তেওঁ মোডী উপাধিক লৈ মন্তব্য কৰিছিল যিয়ে মোডী সম্প্ৰদায়ক বদনামো কৰিছিল । আনহাতে, ৰাহুলৰ অধিবক্তাই যুক্তি দিছিল যে আদালতৰ প্ৰক্ৰিয়াবোৰ ত্ৰুটিপূৰ্ণ আছিল কিয়নো চিআৰপিচিৰ ধাৰা ২০২ (ফৌজদাৰী প্ৰক্ৰিয়া বিধি)ৰ অধীনত নিৰ্ধাৰিত প্ৰক্ৰিয়াটো অনুসৰণ কৰা হোৱা নাছিল ।

তেওঁ লগতে যুক্তি দিছিল যে বিধায়ক পূৰ্ণেশ মোডী নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীহে অভিযোগকাৰী হ'ব লাগিছিল । কাৰণ ৰাহুল গান্ধীৰ ভাষণৰ মুখ্য লক্ষ্য আছিল প্ৰধানমন্ত্ৰী ।

সূত্ৰৰ মতে, ৰাহুল গান্ধী বিমানবন্দৰৰ পৰা পোনে পোনে গৈ আদালতত হাজিৰ হৈছিল । ৰাহুলৰ আগমনৰ পূৰ্বে ৰাজ্যিক সভাপতি জগদীশ ঠাকুৰ, ৰঘু শৰ্মা আৰু অমিত চাৱদাৰ দৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাসকল চুৰাটত উপস্থিত হৈছিল । ৰাহুল গান্ধীক ফুলেৰে স্বাগতম জনোৱাৰ বাবে আদালতলৈ যোৱাৰ পথত গুজৰাটৰ কংগ্ৰেছ কৰ্মীসকল উপস্থিত হৈছিল । ইফালে এই গোচৰটোৰ শুনানিৰ বাবে ৰাহুল গান্ধী তিনিবাৰকৈ পূৰ্বেও চুৰাটলৈ গৈছিল । চুৰাটৰ নিম্ন আদালতত কেইবাবাৰো গোচৰটোৰ শুনানি হৈছে ।

ঘটনাটো আছিল ২০১৯ চনৰ ১৩ এপ্ৰিল । যেতিয়া ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কৈছিল যে নীৰৱ মোডী, ললিত মোডী, নৰেন্দ্ৰ মোডী - সকলোৰে উপাধি একে । আদালতত, ৰাহুল গান্ধীয়ে সেই সময়ত তেওঁৰ বক্তব্যক ৰাজনৈতিক মন্তব্য বুলি উল্লেখ কৰি কয় যে তেওঁৰ উদ্দেশ্য কাৰো অনুভূতিক আঘাত কৰাৰ বাবে নাছিল ।

লগতে পঢ়ক :Delhi Budget 2023: এই বৰ্ষত 24 হাজাৰ শিক্ষকক নিযুক্তি দিব কেজৰিৱাল চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.