ETV Bharat / bharat

Five Naxalites arrested : অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদী গ্ৰেপ্তাৰ

author img

By

Published : Mar 23, 2023, 7:07 PM IST

ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । ৫ টা মাওবাদী গ্ৰেপ্তাৰ লগতে কেইবাটাও আহত (5 Naxalites arrested in Chhattisgarh)। শুকুৰবাৰে অমিত শ্বাহে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ ল'ব ।

Five Naxalites arrested
অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদী গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,২৩ মাৰ্চ : ২৪ মাৰ্চত অৰ্থাৎ শুকুৰবাৰে ছত্তীশগড়ত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah Chhattisgarh visit)। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান । বৃহস্পতিবাৰে আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত ৫ টা মাওবাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাটাও আহত হয় (5 Naxalites arrested in Chhattisgarh)। আৰক্ষীয়ে কোৱা মতে এই সংঘৰ্ষটো পুৱা প্ৰায় ১১ মান বজাত সংঘটিত হৈছিল । চুকমা জিলাৰ কোট্টালেন্দ্ৰৰ বনাঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ ।

আৰক্ষীয়ে তথ্য পাইছিল যে মাওবাদীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কোনো কূটাঘাতৰ পৰিকল্পনা কৰি আছিল । লগে লগে জিলাখনৰ আৰক্ষী বাহিনী আৰু ডিআৰজিৰ এটা যুটীয়া দলে এৰাবৰ অঞ্চললৈ ৰাওনা হয় । অঞ্চলটোত উপস্থিত হোৱাৰ পাছতে লুকাই থকা মাওবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে (Clashes between naxalites and security forces)।

সাংবাদিকৰ আগত চুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই কোৱা মতে ডিআৰজি আৰু আৰক্ষীৰ দলটো কোন্টা আৰক্ষী থানা টিআই আৰু এৰাবোৰ আৰক্ষী থানা টিআইৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছিল । পুৱা প্ৰায় ১১ মান বজাত ঘাইপথৰ পৰা প্ৰায় ২-৩ কিলোমিটাৰ দূৰত্বত থকা কোট্টালেন্দ্ৰৰ অৰণ্যত তালাচী অভিযানৰ সময়তে এই সংঘৰ্ষ হোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

আৰক্ষী বিষয়াগৰাকীৰ মতে এই সংঘৰ্ষত ৫ টা মাওবাদী গ্ৰেপ্তাৰ হোৱাৰ লগতে প্ৰায় ৪-৫ টা আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে (Operation against naxalites)। আনহাতে আঘাতপ্ৰাপ্ত মাওবাদীকেইটাক আন সহযোগীৰ সৈতে অৰণ্যৰ ভিতৰলৈ পলাই যাবলৈ সক্ষম হয় ।

আৰক্ষী অধীক্ষকগৰাকীয়ে মাওবাদীসকলক মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায় । লগতে এই সফল অভিযানৰ বাবে আৰক্ষীসকলক অভিনন্দন জনায় । আৰক্ষী সূত্ৰৰ মতে সংঘৰ্ষৰ পাছতে অঞ্চলটোত এক তালাচী অভিযান চলোৱা হৈছে ।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে ২৪ মাৰ্চত বস্তাৰত উপস্থিত হ'ব (CRPF foundation day at Chhattisgarh)। তেওঁ বস্তাৰ জিলাৰ কৰণপুৰত অৱস্থিত চিআৰপিএফ কোব্ৰা ২০১ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত দিনটো কটাব আৰু চিআৰপিএফ শিবিৰত জোৱানসকলৰ সৈতে এক নৈশ ভোজত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :Khalistani leader in Assam : কাৰাগাৰত ৰাজ আতিথ্যত ৰখা হৈছে খালিস্তানী নেতাক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.