ETV Bharat / bharat

Agnipath Scheme : অগ্নিপথৰ বিৰুদ্ধে পঞ্জাব বিধানসভাত প্ৰস্তাৱ গ্ৰহণ

author img

By

Published : Jun 30, 2022, 8:10 PM IST

Mann
Mann

যদি আঁচনিখন ইমানে ভাল, তেন্তে বিজেপিয়ে অগ্নিবীৰ হিচাপে নিজৰ পুত্ৰসকলক আগবঢ়াই দিয়ক (BJP make its own sons as Agniveers) । পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ মন্তব্য ৷ কেন্দ্ৰৰ একপক্ষীয় ঘোষণাৰ ফলত পঞ্জাবকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই নীতিয়ে আজীৱন দেশৰ সেৱা কৰিব বিচৰা যুৱ প্ৰজন্মৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিব ।

নিউজ ডেস্ক, ৩০ জুন : বৃহস্পতিবাৰে পঞ্জাব বিধানসভাত নতুন সশস্ত্ৰ বাহিনী নিযুক্তি আঁচনি 'অগ্নিপথ'ৰ বিৰুদ্ধে এক প্ৰস্তাৱ গৃহীত হয় (Resolution against 'Agnipath' passed in Punjab Legislative Assembly) । আঁচনিখনৰ কথা উল্লেখ কৰি পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে তেওঁ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগত দাঙি ধৰিব আৰু উচ্চ ক্ষতিপূৰ্ণ ব্যৱস্থাবোৰ প্ৰত্যাহাৰৰ দাবী জনাব (Bhagwant Mann rises the issue with Modi and Amit Shah) । উল্লেখ্য, প্ৰস্তাৱটোত কংগ্ৰেছ আৰু শিৰোমণি আকালি দল দুয়োৱে সমৰ্থন জনায় (Resolution supported by Congress and Shiromani Akali Dal) ।

"যদি আঁচনিখন ইমানে ভাল, তেন্তে বিজেপিয়ে অগ্নিবীৰ হিচাপে নিজৰ পুত্ৰসকলক আগবঢ়াই দিয়ক (BJP make its own sons as Agniveers) ।" মানে কয় । "কেন্দ্ৰৰ একপক্ষীয় ঘোষণাৰ ফলত পঞ্জাবকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই নীতিয়ে আজীৱন দেশৰ সেৱা কৰিব বিচৰা যুৱ প্ৰজন্মৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিব । এই আঁচনিয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীত (Indian armed forces) যোগদান কৰিব বিচৰা পঞ্জাবৰ বহু যুৱকৰ সপোন ভংগ কৰিছে (Punjab CM says Agnipath shattered dreams of youth) ।" তেওঁ লগতে উল্লেখ কৰে । আনহাতে, বিজেপিৰ দুই বিধায়ক অশ্বিনী শৰ্মা আৰু জংগীলাল মহাজনে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে (BJP MLAs opposed resolution) ।

অশ্বিনী শৰ্মাই প্ৰস্তাৱ গ্ৰহণৰ বিৰোধিতা কৰি কয় যে বিধানসভাত উপস্থিত থকাসকল 'বিশেষজ্ঞ নহয়'। "আমি বিশেষজ্ঞ নহয় । এইটো দেশৰ নিৰাপত্তা আৰু সশস্ত্ৰ বাহিনীৰ সৈতে সম্পৰ্কিত এটা সমস্যা (Issue related to security of country and armed forces) । আমি তিনিওটা সেৱাৰ মুৰব্বীসকলক বিশ্বাস কৰিব লাগিব ।" তেওঁ এনেদৰে কয় ।

উল্লেখ্য, অগ্নিপথ আঁচনি প্ৰৱৰ্তনৰ ফলত সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদ হয় (Agnipath scheme led to widespread protests across country) । উক্ত প্ৰতিবাদে বহু ঠাইত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে । আঁচনিখনৰ লক্ষ্য হৈছে চাৰি বছৰৰ কাৰ্যকালৰ বাবে 17ৰ পৰা 21 বছৰ বয়সৰ ভিতৰত চুক্তি ভিত্তিত সোনা নিয়োগ কৰা । ইয়াৰ পিছত তাৰে 25% স্থায়ীকৰণ কৰা হ'ব । কিন্তু প্ৰবল প্ৰতিবাদৰ পিছত কেন্দ্ৰই এই বছৰৰ নিযুক্তিৰ বাবে ঊৰ্ধ্বতন বয়সৰ সীমা 23 বছৰলৈ বৃদ্ধি কৰে ।

লগতে পঢ়ক :মণিপুৰত ভয়াৱহ ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.