ETV Bharat / bharat

লখিমপুৰ খেৰী হিংসাৰ প্ৰতিবাদত কংগ্ৰেছৰ মৌন ব্ৰত

author img

By

Published : Oct 11, 2021, 2:24 PM IST

লখিমপুৰ খেৰী হিংসাৰ প্ৰতিবাদত কংগ্ৰেছৰ মৌন ব্ৰতৰ কাৰ্যসূচী গ্ৰহণ ৷ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ তথা কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিক বৰ্খাস্ত কৰাৰ দাবীত সমগ্ৰ দেশতে মৌন ব্ৰতৰ কাৰ্যসূচী লৈছে কংগ্ৰেছে ৷ আশীষ মিশ্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যদিও অজয় মিশ্ৰ তেনিক এতিয়াও বৰ্খাস্ত কৰা হোৱা নাই ৷

priyanka gandhi maun vrat in lucknow
লখিমপুৰ খেৰী হিংসাৰ প্ৰতিবাদত কংগ্ৰেছৰ মৌন ব্ৰত

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ : কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিক বৰ্খাস্ত কৰাৰ দাবীত কংগ্ৰেছ দলে সোমবাৰে সমগ্ৰ দেশতে মৌন ব্ৰতৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । সেই অনুসৰি, উত্তৰ প্ৰদেশতো দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে মৌন ব্ৰতৰ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

প্ৰথমে এই কাৰ্যসূচী ৰাজভৱনত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী এতিয়া জিপিঅ'স্থিত গান্ধী প্ৰতিমূৰ্তিত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

priyanka gandhi maun vrat in lucknow
প্ৰতিবাদথলীত ইতিমধ্যে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে

দেখা গৈছে যে, লখিমপুৰ খেৰী হিংসাৰ ঘটনা সন্দৰ্ভত অন্য ৰাজনৈতিক দলৰ তুলনাত কংগ্ৰেছে অধিক তৎপৰতাৰে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ প্ৰিয়ংকা গান্ধীয়ে লখিমপুৰ ঘটনাৰ মৃত কৃষক পৰিয়ালক লগ কৰিবলৈ যোৱাৰ সময়ত প্ৰথমে বাধাৰ সন্মুখীন হৈছিল যদিও পিছত আৰক্ষী প্ৰশাসনে প্ৰিয়ংকাৰ দাবী মানিবলগীয়া হৈছিল ৷

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যদিও অজয় মিশ্ৰ তেনিক এতিয়াও বৰ্খাস্ত কৰা হোৱা নাই ৷ সেয়ে, এতিয়া কংগ্ৰেছ দলে তেওঁৰ পদত্যাগ বা বৰ্খাস্তৰ দাবীত ৰাজপথলৈ ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, এই মৌন ব্ৰত কাৰ্যসূচীত যোগদান কৰাৰ বাবে কংগ্ৰেছ কৰ্মীসকলক পুৱা 9 বজাতে কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হোৱাৰ আহ্বান জনোৱা হৈছিল ৷ ইফালে প্ৰতিবাদথলীত ইতিমধ্যে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ৷

priyanka gandhi maun vrat in lucknow
কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিক বৰ্খাস্ত কৰাৰ দাবীত এই প্ৰতিবাদ

লখিমপুৰ খেৰী হিংসাৰ অভিযুক্ত আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ 302, 304 A, 147, 148, 149, 279, 120বB সহ সকলো গুৰুতৰ ধাৰাৰ অধীনত আশীষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক : লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.