ETV Bharat / bharat

Rahul Gandhi Slams Modi : মোদীয়ে নতুন সংসদ ভৱন উদ্বোধনক ৰাজ অভিষেক বুলি গণ্য কৰে; ৰাহুল গান্ধী

author img

By

Published : May 28, 2023, 4:45 PM IST

Rahul Gandhi Slams Modi
Rahul Gandhi Slams Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নতুন দিল্লীত নতুন সংসদ ভৱন উদ্বোধন কৰে । এই কাৰ্যসূচীৰ পিচতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে দেওবাৰে দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱনৰ উদ্বোধনক 'ৰাজ অভিষেক' হিচাবে গণ্য কৰি আছে (Rahul slams Modi on parliament inauguration) । তেওঁ টুইট কৰি কয় যে সংসদ হৈছে জনসাধাৰণৰ কণ্ঠস্বৰ ।

নিউজ ডেস্ক, ২৮ মে' : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে দেওবাৰে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) সংসদৰ উদ্বোধনক 'ৰাজ অভিষেক' হিচাবে গণ্য কৰি আছে । প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন উদ্বোধনৰ পিচত দেওবাৰে মোদীক কটাক্ষ কৰি কয় যে সংসদ হৈছে জনসাধাৰণৰ কণ্ঠস্বৰ । প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱনৰ উদ্বোধনক ৰাজ্যাভিষেক হিচাবে ভাবি আছে (Rahul slams Modi on parliament inauguration) । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ লগতে লোকসভাৰ অধ্যক্ষৰ আসনৰ ওচৰত ঐতিহাসিক 'ছেংগোল' ৰাজদণ্ড স্থাপন কৰে (sengol set up at parliament) ।

আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শনিবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে সংসদীয় পৰম্পৰাক ঘৃণা কৰা এজন 'আত্মকেন্দ্ৰিক একনায়ক'ৰ দ্বাৰা ইয়াক উদ্বোধন কৰা হৈছে । ৰমেশে লগতে অভিযোগ কৰে যে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা দেশৰ প্ৰথমগৰাকী জনজাতীয় ব্যক্তি দ্ৰৌপদী মুৰ্মূক তেওঁৰ সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ অনুমতি দিয়া হোৱা নাই । একে সময়তে জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে কয় যে মোদীজীৰ যি ইচ্ছা ইচ্ছা আছিল সেয়া আজি পূৰণ হৈছে (Modi inaugurated new parliament) ।

উল্লেখ্য, পৰম্পৰাগত পোছাক পৰিধান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক নম্বৰ গে'টেৰে সংসদ ভৱন চৌহদত প্ৰৱেশ কৰে । তেওঁক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আদৰণি জনায় । নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত ভগৱানৰ আশীৰ্বাদ বিচাৰি কৰ্ণাটকৰ শ্ৰীংগেৰী মঠৰ পুৰোহিতসকলৰ দ্বাৰা বৈদিক মন্ত্ৰ উচ্চাৰণ কৰাৰ মাজতে প্ৰধানমন্ত্ৰীয়ে 'গণপতি হোম' অনুষ্ঠান পালন কৰে ।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে 'ছেংগোল'ক সাষ্টাংগ প্ৰণাম জনাই হাতত পৱিত্ৰ ৰাজদণ্ড লৈ তামিলনাডুৰ বিভিন্ন অধিনামৰ পৰা অহা পুৰোহিতসকলৰ আশীৰ্বাদ হাতত লয় । ইয়াৰ পিচত 'নাদেশ্বৰম'ৰ ধ্বনিৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ছেংগোলক নতুন সংসদ ভৱনলৈ লৈ যায় আৰু লোকসভা কক্ষত অধ্যক্ষৰ আসনৰ সোঁফালে এক বিশেষ স্থানত স্থাপন কৰে ।

লগতে পঢ়কRJD New Parliament Building Row : নতুন সংসদ ভৱনক কফিনৰ সৈতে তুলনা; আৰজেডিৰ টুইটক লৈ বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.