ETV Bharat / bharat

RJD New Parliament Building Row : নতুন সংসদ ভৱনক কফিনৰ সৈতে তুলনা; আৰজেডিৰ টুইটক লৈ বিতৰ্ক

author img

By

Published : May 28, 2023, 1:29 PM IST

Updated : May 28, 2023, 2:46 PM IST

দেশে আজি লাভ কৰিছে এক নতুন সংসদ ভৱন । কিন্তু এই গৌৰৱময় মুহূৰ্ততো বিৰোধী দলবোৰে নতুন সংসদ ভৱনকেন্দ্ৰিক বিতৰ্ক তথা প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ সময়তে বিহাৰত শাসনাধিস্থিত ৰাষ্ট্ৰীয় জনতা দলে অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা বিতৰ্কিত টুইট পোষ্ট কৰিছে (RJD controversial tweet on parliament building) ।

RJD New Parliament Building Row
RJD New Parliament Building Row

নিউজ ডেস্ক, ২৮ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে উদ্বোধন কৰে দেশৰ নৱনিৰ্মিত সংসদ ভৱন (PM Modi inaugurated new parliament) । চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ হোৱা এই নতুন সংসদ ভৱন চৌহদ আনুষ্ঠানিক উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰাৰ্থনা জনায় । ইফালে উদ্বোধনৰ পিছতে আৰজেডিয়ে এটা বিতৰ্কিত টুইট কৰে (RJD controversial tweet on parliament building) । দলটোৱে কফিনৰ সৈতে সংসদ ভৱনৰ এখন ফটো পোষ্ট কৰিছে (RJD compared Parliament Building with coffin) । যাৰ বাবে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে । বিজেপিয়ে এই কাৰ্যক নিৰ্লজ্জতাৰ চৰম সীমা বুলি অভিহিত কৰিছে ।

বিহাৰৰ শাসনাধিষ্ঠিত দল ৰাষ্ট্ৰীয় জনতা দলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰকাশ পাইছে এই বিতৰ্কিত পোষ্টটো । ফটোখনত এফালে এটা কফিন আৰু আনফালে নতুন সংসদ ভৱনটোৰ এখন ফটো আছে । লগতে টুইটটোত প্ৰশ্নটো সোধা হৈছে, 'এইটো কি (oppositions boycott parliament inauguration) ?'

টুইটটোৰ পৰা এইটো কথা স্পষ্ট হৈছে যে ছবিখনৰ জৰিয়তে আৰজেডিয়ে নতুন সংসদ ভৱনক কফিনৰ সৈতে তুলনা কৰিছে । উল্লেখ্য যে এই নতুন সংসদ ভৱনটো ত্ৰিভুজাকৃতিত ডিজাইন কৰা হৈছে । আনহাতে, পুৰণি সংসদ ভৱনটো হৈছে বৃত্তাকাৰ । নতুন ভৱনটোত লোকসভাত ৮৮৮ জন সাংসদ আৰু ৰাজ্যসভাত ৩৮৪ জন সাংসদে বহাৰ ক্ষমতা আছে । আনহাতে, ৰাষ্ট্ৰপতিয়ে নতুন সংসদ ভৱন উদ্বোধন নকৰাৰ প্ৰতিবাদত উদ্বোধনী অনুষ্ঠানৰ পৰা নিজকে আঁতৰাই ৰখা ২১ টা দলৰ ভিতৰত আৰজেডিও অন্যতম ।

আৰজেডিৰ উপৰি কংগ্ৰেছ, জেডি(ইউ), টিএমচি, এনচিপি, ডিএমকে, এডিএমকে, আপ, শিৱসেনা (উদ্ধৱ গোট), এছপি, চিপিআই, চিপিএম, জেএমএম, আৰএলডি, নেচনেল কনফাৰেন্স, কেৰালা কংগ্ৰেছ (মণি), এআইএমআইএম, এআইইউডিএফ, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, ৰিভলিউচনৰী ছ'চিয়েলিষ্ট পাৰ্টী আৰু বিদুথালাই চিৰুথিগালী কাচিকে ধৰি ২১ টা দলে উদ্বোধন অনুষ্ঠান বৰ্জন কৰে ।

লগতে পঢ়ক :Story of Sengol: ছেংগোলক লৈ ৰাজনৈতিক মহলত চলিছে টনা-আঁজোৰা

Last Updated : May 28, 2023, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.