ETV Bharat / bharat

দেশৰ প্ৰতিষ্ঠানসমূহক চাবি দিয়া পুতলাৰ দৰে নচুওৱা এজন বিশেষ ব্যক্তিৰ পোষ্টাৰক লৈ তোলপাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 2:08 PM IST

Poster Against PM Modi In Front Of RJD Office In Patna
দেশৰ প্ৰতিষ্ঠানসমূহক ছাবি দিয়া পুতলাৰ দৰে নচুওৱা এজন বিশেষ শিল্পী...

RJD Poster In Patna: সমাগত লোকসভা নিৰ্বাচন 2024 ৷ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে ৷ এইবাৰ প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি পাটনাত আৰজেডিয়ে লগালে পোষ্টাৰ...

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বিহাৰৰ ৰাজধানী পাটনাত আৰম্ভ হৈছে পোষ্টাৰ যুদ্ধ ৷ এই পোষ্টাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছে ৷ বিহাৰৰ ৰাজধানী পাটনাত RJD কাৰ্যালয়ৰ সন্মুখত লগোৱা পোষ্টাৰখনত প্ৰধানমন্ত্ৰীগৰাকীক এগৰাকী "কলাকাৰ" বুলি অভিহিত কৰা হৈছে ৷ "দেশৰ প্ৰতিষ্ঠানসমূহহক ছাবি দিয়া পুতলাৰ দৰে নচুওৱা এগৰাকী শিল্পী" বুলি শ্লোগান লিখি ব্যংগাত্মক ৰূপত প্ৰধানমন্ত্ৰীগৰাকীৰ এখন পোষ্টাৰ লগোৱা হৈছে ৷

পোষ্টাৰখনত নৰেন্দ্ৰ মোদীৰ এক ব্যংগাত্মক কাৰ্টুন স্পষ্টভাৱে অংকন কৰা হৈছে। য’ত এফালে প্ৰধানমন্ত্ৰীক পুতলা নচুৱাই থকা অৱস্থাত দেখুওৱা হয় আৰু লোকসভা, ৰাজ্যসভা, নিৰ্বাচন আয়োগ আৰু ইডিক পুতলা হিচাপে দেখুওৱা হয়। RJD ৰ পোষ্টাৰখনত এই প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কাম কৰে বুলি স্পষ্টভাৱে দেখুওৱা হৈছে ৷

পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হোৱা লালু প্ৰসাদ যাদৱ লেণ্ড ফৰ জব কেলেংকাৰী আৰু আইআৰচিটিচি কেলেংকাৰীৰ মুখ্য অভিযুক্ত। ইয়াৰ লগতে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আৰু ৰাজ্যসভাৰ সাংসদ মিশা ভাৰতীকে ধৰি লালু প্ৰসাদৰ কন্যাৰ ওপৰতো অভিযোগ উত্থাপন হৈছে ৷

ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদ যাদৱে ৰে'লৱেত চাকৰিৰ বিনিময়ত ভূমি অধিগ্ৰহণৰ গোচৰৰ সন্দৰ্ভত অহা 27 ডিচেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’ব ৷ এনে সময়তে আৰজেডিৰ কৰ্মীসকলে পোষ্টাৰ লগাই প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ৷ এই ঘটনাৰ পিচতে বিজেপিৰ কৰ্মীসকলে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ইফালে শেহতীয়াকৈ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বশ্ৰেষ্ঠ কলাকাৰ বুলি অভিহিত কৰিছিল ৷

লগতে পঢ়ক: 276 যাত্ৰীসহ ফ্ৰান্সত আবদ্ধ হৈ থকা বিমানখন অৱশেষত আহি পালে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.