ETV Bharat / bharat

276 যাত্ৰীসহ ফ্ৰান্সত আবদ্ধ হৈ থকা বিমানখন অৱশেষত আহি পালে ভাৰত

author img

By PTI

Published : Dec 26, 2023, 8:07 AM IST

Updated : Dec 26, 2023, 10:20 AM IST

Plane lands in Mumbai
276 যাত্ৰী লৈ ফ্ৰান্সত বন্দী হৈ থকা বিমানখন অৱতৰণ কৰিলেহি মুম্বাইত

ফ্ৰান্সত তিনিদিন ধৰি আবদ্ধ হৈ থকা বিমানখন অৱশেষত মুম্বাইত (Mumbai) উপস্থিত হ’ল (Airbus A340) ৷ মুম্বাই প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি বিমানখনত 276 জন যাত্ৰী আছে ৷

নিউড ডেস্ক, 26 ডিচেম্বৰ : বিগত প্ৰায় তিনিদিন ধৰি ফ্ৰান্সৰ ভাট্ৰি বিমানবন্দৰত আবদ্ধ হৈ থকা নিকাৰাগুয়া অভিমুখী বিমানখন অৱশেষত মুম্বাইত উপস্থিত হয় ৷ মঙলবাৰে পুৱা 4 বজাত বিমানখন মুম্বাইত অৱতৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, মানৱ সৰবৰাহ কৰাৰ সন্দেহত ফ্ৰান্সত তিনিদিনকৈ আবদ্ধ কৰি ৰখা হৈছিল বিমানখনক ৷ য’ত 303 জন যাত্ৰী আছিল ৷ সেই যাত্ৰীসকলৰ ভিতৰত বেছিভাগে আছিল ভাৰতীয় ৷

আজি এয়াৰবাছ A340 নামৰ বিমানখন ফ্ৰান্সৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পাচতে মুম্বাইৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, বৰ্তমান বিমানখনত 276 জন যাত্ৰী আছে ৷ এই সন্দৰ্ভত ফৰাচী কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, মুম্বাইলৈ উৰা মৰাৰ সময়ত বিমানখনত 276 জন যাত্ৰী আছিল ৷ কিয়নো দুজন নাবালকসহ 25 জন ব্যক্তিয়ে আশ্ৰয়ৰ বাবে আবেদন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু বৰ্তমানেও তেওঁলোক ফ্ৰান্সতে আছে ৷

উল্লেখ্য যে, ৰোমানিয়ান চাৰ্টাৰ কোম্পানী লেজেণ্ড এয়াৰলাইনছৰ দ্বাৰা পৰিচালিত বিমানখন বৃহস্পতিবাৰে ডুবাইৰ পৰা উৰা মাৰিছিল নিকাৰাগুয়ালৈ ৷ কিন্তু কিছু কাৰিকৰী অসুবিধাৰ বাবে ফ্ৰান্সৰ ভাট্ৰি বিমান বন্দৰত অৱতৰণ কৰিছিল বিমানখন ৷ তেতিয়াই ফৰাচী আৰক্ষীয়ে হস্তক্ষেপ কৰিছিল । কিয়নো সন্দেহজনক মানৱ সৰবৰাহৰ সন্দেহ ওপজিছিল বিমান কৰ্তৃপক্ষৰ ৷

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত আশ্ৰয় বিচৰাসকলৰ বাবে নিকাৰাগুয়া এখন জনপ্ৰিয় গন্তব্য স্থান হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাষ্টমছ আৰু বৰ্ডাৰ পেট্ৰ'লৰ দ্বাৰা উপলব্ধ তথ্য অনুসৰি, 2023 বৰ্ষত প্ৰায় 96,917 জন ভাৰতীয়ই অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল ৷ যি পূৰ্বৰ বছৰৰ তুলনাত 51.61 শতাংশ বৃদ্ধি পাইছে ৷

চি বি পিৰ তথ্য অনুসৰি, সেই ভাৰতীয়সকলৰ কমেও 41,770 জনে মেক্সিকোৰ মাজেৰে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ।

লগতে পঢ়ক : মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সত তিনিদিনে আবদ্ধ বিমানখন যাবলৈ অনুমতি দিলে ফ্ৰান্স কৰ্তৃপক্ষই

Last Updated :Dec 26, 2023, 10:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.