ETV Bharat / bharat

Pollution Tax : ডিজেল বাহনৰ ওপৰত আৰোপ কৰা হ'ব ১০ শতাংশ অতিৰিক্ত জিএছটি

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:39 PM IST

Pollution Tax
ডিজেল বাহনৰ ওপৰত আৰোপ কৰা হ'ব ১০ শতাংশ অতিৰিক্ত জিএছটি

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কোৱা মতে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে ডিজেল বাহন আৰু জেনছেটৰ ওপৰত ১০ শতাংশ অতিৰিক্ত জিএছটি আৰোপ কৰিব । অতিৰিক্ত কৰক প্ৰদূষণ কৰ হিচাপে ধৰা হ'ব ।

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ : ডিজেল বাহন আৰু জেনছেটৰ ওপৰত ১০ শতাংশ অতিৰিক্ত জিএছটি আৰোপ কৰা হ'ব । এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মঙলবাৰে কয় যে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ডিজেল বাহন আৰু জেনছেটৰ ওপৰত ১০ শতাংশ অতিৰিক্ত জিএছটিৰ ৰূপত প্ৰদূষণ কৰ বিচৰা হ'ব । ৬৩ সংখ্যক বাৰ্ষিক ছিয়াম সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্ধিত প্ৰদূষণ নাগৰিকসকলৰ স্বাস্থ্যৰ বাবে বিপদজনক ।

মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ সন্ধিয়া বিত্ত মন্ত্ৰীক এখন পত্ৰ প্ৰেৰণ কৰিব য'ত ডিজেল চালিত বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ জিএছটিৰ কথা উল্লেখ কৰা হ'ব । দেশৰ বেছিভাগ বাণিজ্যিক বাহন বৰ্তমান ডিজেলত চলে । যাত্ৰীবাহী বাহন খণ্ডত, মাৰুতি চুজুকি ইণ্ডিয়া আৰু হোণ্ডাকে ধৰি বিভিন্ন বাহন নিৰ্মাতাই ইতিমধ্যে ডিজেল গাড়ী নিৰ্মাণ বন্ধ কৰি দিছে ।

গাডকাৰীয়ে কয় যে দেশত ইতিমধ্যে ডিজেল গাড়ীৰ অৱদান যথেষ্ট হ্ৰাস পাইছে আৰু নিৰ্মাতাসকলে সেইবোৰ বজাৰত বিক্ৰী কৰা বন্ধ কৰিব লাগিব । ডিজেলক বিপদজনক ইন্ধন বুলি অভিহিত কৰি তেওঁ কয় যে চাহিদা পূৰণৰ বাবে দেশখনে ইন্ধন আমদানি কৰিব লাগিব । তেওঁ লগতে ডিজেলক বিদায় দিবলৈ ৰাইজক আহ্বান জনায় । ডিজেল চালিত বাহনৰ নিৰ্মাণ বন্ধ কৰিবলৈও তেওঁ আহ্বান জনাই অন্যথা চৰকাৰে কৰ ইমানে বৃদ্ধি কৰিব যে ডিজেল গাড়ী বিক্ৰী কৰাটো কঠিন হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে ডিজেল চালিত জেনেৰেটৰৰ ওপৰতো অতিৰিক্ত জিএছটিৰ প্ৰস্তাৱ দিয়া হ'ব । বাহনৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অতিৰিক্ত উপকৰ ১ শতাংশৰ পৰা ২২ শতাংশলৈকে অতিৰিক্ত উপকৰৰ সৈতে বৰ্তমান ২৮ শতাংশ জিএছটিৰ ওপৰত কৰ আৰোপ কৰা হৈছে । এছইউভিবোৰত ২৮ শতাংশ হাৰত সৰ্বাধিক জিএছটি আছে আৰু লগতে ক্ষতিপূৰণ উপকৰ ২২ শতাংশ আছে । গাডকাৰীয়ে পৰিবহণ উদ্যোগটোক ইথানলৰ দৰে পৰিৱেশ-অনুকূল বৈকল্পিক ইন্ধনৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায় । তেওঁ লগতে উদ্যোগটোক সেউজ হাইড্ৰজেনৰ ওপৰত গুৰুত্ব দিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক :Land for jobs case : পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি লালু প্ৰসাদ যাদৱ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.