ETV Bharat / bharat

PoK issue : পাকিস্তানে অধিগ্ৰহণ কৰা কাশ্মীৰ শীঘ্ৰে ভাৰতৰ দখললৈ আহিব বুলি দাবী প্ৰাক্তন সেনা প্ৰধানৰ

author img

By ANI

Published : Sep 12, 2023, 11:16 AM IST

PoK issue
কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সেনা প্ৰধান জেনেৰেল ভি কে সিং

পাকিস্তানে অধিকৃত কাশ্মীৰ (PoK) অতি সোনকালে “নিজাববীয়াকৈ” ভাৰতৰ সৈতে একত্ৰিত হ’ব বুলি দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সেনা প্ৰধান জেনেৰেল ভি কে সিঙে । ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে সৰব সিং ৷

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ: কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সেনা প্ৰধান জেনেৰেল ভি কে সিঙে দাবী কৰিছে যে, পাকিস্তানে অধিগ্ৰহণ কৰা কাশ্মীৰ (PoK) অতি সোনকালে “নিজাববীয়াকৈ” ভাৰতৰ সৈতে একত্ৰিত হ’ব । ভাৰতৰ সৈতে সীমান্ত ক্ৰছিং মুকলি কৰিব বিচৰা পাকিস্তান অধিগ্ৰহণ কাশ্মীত থকা ছিয়া মুছলমানসকলৰ দাবী উল্লেখ কৰি দৌছাত এখন সংবাদমেলত সোধা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে, "পাকিস্তানে অধিগ্ৰহণ কৰা কাশ্মীৰ, নিজাববীয়াকৈ ভাৰতৰ সৈতে একত্ৰিত হ’ব, কিছু সময় অপেক্ষা কৰক ।"

বিজেপিৰ পৰিৱৰ্তন সংকল্প যাত্ৰা (PSY) কাৰ্যসূচীৰ সময়ত দৌছাত সংবাদমেল সম্বোধন কৰি এই কথা কয় মন্ত্ৰীগৰাকীয়ে । ভাৰতৰ অধ্যক্ষতাত সদ্য সমাপ্ত G 20 সন্মিলনৰ সফলতাৰ বিষয়েও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে এই সন্মিলনে বিশ্বৰ মঞ্চত ভাৰতক এক অনন্য পৰিচয় প্ৰদান কৰিছে আৰু দেশখনে বিশ্ববাসীৰ সমুখত নিজৰ মেধাৰ প্ৰমাণ দিছে ।

"G 20 ৰ বৈঠক আছিল অভূতপূৰ্ব । ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল আৰু ভাৰতৰ বাহিৰে আন কোনো দেশেই এনে এখন শীৰ্ষ সন্মিলনৰ আয়োজন কৰিব নোৱাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত নিজৰ মেধা প্ৰমাণ কৰিছে । G 20 গ্ৰুপত বিশ্বৰ সকলো শক্তিশালী দেশ অন্তৰ্ভুক্ত কৰা হৈছে" সিঙে এইদৰে কয় ।

ইয়াৰ উপৰিও আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে, "বৰ্তমান কংগ্ৰেছ চৰকাৰৰ অধীনস্থ ৰাজ্যখনত আইন-শৃংখলাজনিত পৰিস্থিতিয়ে সৰ্বসাধাৰণক অশান্তিত ভুগাইছে ৷"

"এই কাৰণেই বিজেপিয়ে ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ কথা শুনিবলৈ পৰিৱৰ্তন সংকল্প যাত্ৰা আয়োজন কৰিবলগীয়া হৈছে । ৰাইজে পৰিৱর্তন বিচাৰে আৰু তেওঁলোকে এই যাত্ৰাত আমাৰ সৈতে যুক্ত হৈ পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷" এই যাত্ৰাই ৰাজ্যজুৰি অপৰিসীম জনসমর্থন লাভ কৰি থকা বুলিও সিঙে কয় ৷

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিজেপিৰ মুখ্যমন্ত্ৰীৰ মুখ সন্দৰ্ভত প্ৰশ্ন সন্দৰ্ভত ভি কে সিঙে কয় যে, বিজেপিয়ে য’তেই নিৰ্বাচন অনুষ্ঠিত হয় তাতেই মুখ্যমন্ত্ৰীৰ মুখ ঘোষণা নকৰে ।

লগতে পঢ়ক : Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.