ETV Bharat / state

Dibrugarh Road Accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:26 AM IST

মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগক সমালোচনা বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজৰ ৷ বিভাগটোৰ গুৰুত্বহীনতাৰ বাবে উজনিত প্ৰাণ গৈছে এজনৰ পাছত আন এজনৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবেই ডিব্ৰুগড়ৰ লেপেটকটাত পথ দুৰ্ঘটনাত দুগৰাকীকৈ লোকে প্ৰাণ হেৰুৱায় বুলি কয় স্থানীয় ৰাইজে ৷ হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজিছে শিশুসহ 6 গৰাকীকৈ লোকে ৷

Dibrugarh road accident
লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে গুৰুত্বহীনতাৰ অভিযাগ দল-সংগঠনৰ

লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে গুৰুত্বহীনতাৰ অভিযাগ দল-সংগঠনৰ

ডিব্ৰুগড়, 12 ছেপ্টেম্বৰ: পৰিৱৰ্তনৰ ৰঙীণ বিজ্ঞাপনহে প্ৰচাৰ কৰিছে ৰাজ্য চৰকাৰে । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ লোকনিৰ্মাণ বিভাগৰ গুৰুত্বহীনতাৰ বাবে উজনিত প্ৰাণ গৈছে এজনৰ পাছত আন এজনৰ । মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগ এতিয়াও ব্যস্ত পথ নিৰ্মাণৰ নামত চৰকাৰী ধন লুণ্ঠন কৰাত । ফলত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবেই ডিব্ৰুগড়ৰ লেপেটকটাত দেওবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ।

থিতাতে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হ'ল আন এজন লোকৰ । ইফালে গুৰুতৰভাৱে আহত হ'ল শিশুসহ 6 গৰাকীকৈ লোক । উল্লেখ্য যে, ডিব্ৰুগড় চহৰৰ শান্তিপাৰাৰ এটা পৰিয়ালৰ গৃহত অন্নপ্ৰাসন অনুষ্ঠানলৈ ভাগ লোৱাৰ উদ্দেশ্যৰে দেওবাৰে শিৱসাগৰ আৰু গুৱাহাটীৰ দুটা পৰিয়াল একেলগ হৈ আহিছিল । অনুষ্ঠানটো শেষ কৰি নিশা তেওঁলোক ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে AS 01 JC 3076 নম্বৰৰ ইন'ভা বাহনখনত উভতি গৈ থকাৰ সময়তে সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো ৷

নিশা প্ৰায় 8 বজাত ডিব্ৰুগড়ৰ লেপেটকটাৰ ঘূৰণীয়াত ডিব্ৰুগড় অভিমুখে আহি থকা HR 68 C 5838 নম্বৰৰ এখন পঞ্জাৱ ব’ডী ট্ৰাকৰ সৈতে মুখামুখি সংঘর্ষ হয় ইন'ভাখনৰ । ফলত ইন'ভাখনৰ চালক আবু বাক্কাৰ দেৱান নিহত হোৱাৰ লগতে পুষ্পা সুৰেখা আগৰৱালা (65) নামৰ মহিলাগৰাকী থিতাতে নিহত হয় । ঘটনাত আহতসকল ক্ৰমে সতিশ কুমাৰ আগৰৱালা (45), পম্পী আগৰৱালা(42), কৃষ্ণ কুমাৰ আগৰৱালা (25), নিৰ্মল কুমাৰ আগৰৱালা(70), গোলো আগৰৱালা আৰু নমল আগৰৱালা । আহত আটাইকেইজনকে ডিব্ৰুগড়ৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও থকা পৰিয়ালৰ অধিকাংশ লোকৰে অৱস্থা সংকটজনক ।

এই দুৰ্ঘটনাৰ চৰ্চাৰ সমান্তৰালভাৱে চৰ্চালৈ আহিছে ৰাজ্যৰ বিয়াগোম লোকনিৰ্মাণ বিভাগটোৰ গুৰুত্বহীন ক্ৰিয়া-কৰ্মৰ কথা ৷ মন কৰিবলগীয়া যে ঘটনা সংঘটিত হোৱা ঠাইডোখৰ অতি জৰাজীৰ্ণ । গেছ ক্ৰেকাৰৰ ট্ৰাকবিলাকো নিশা সেই স্থানতে ৰাখি থোৱা হয় । নিৰ্মীয়মান ঘাইপথৰ ডিভাইডাৰটো সেই স্থানতে শেষ হৈছে । যাৰ বাবে ট্ৰাকখন কাষৰ পথটোৰে পাৰ হ'ব বুলি ভাবি নিৰ্দিষ্ট পথেৰে আহি থকাৰ বাবেই হয়তো ইন'ভাখনে ট্ৰাকখনত খুন্দা মাৰিলে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

ঘটনা সংঘটিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথচোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ ঠায়ে ঠায়ে সৃষ্টি হৈছিল পুখুৰী সদৃশ গাঁতৰ । জিলা উপায়ুক্তক অঞ্চলটোৰ সচেতন ৰাইজে পথচোৱা নিৰ্মাণৰ বাবে দাবী কৰি আহিছিল যদিও ৰাইজৰ কথাত গুৰুত্ব প্ৰদান নকৰাত দেওবাৰে ৰাজ্যবাসীক শোকাহত কৰা ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল । ইয়াৰ পিচতে ৰাজ্যৰ বিয়াগোম লোকনিৰ্মাণ বিভাগটোৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ ৷ অৱশ্যে এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিকা কেনে হ’ব সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Dibrugarh road accident: একেখন ইন’ভাতে দুই পৰিয়ালে হাঁহি ফূৰ্তিৰে আহিছিল অন্নপ্ৰাসন খাই; আদ বাটতে দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.