ETV Bharat / state

Dibrugarh road accident: একেখন ইন’ভাতে দুই পৰিয়ালে হাঁহি ফূৰ্তিৰে আহিছিল অন্নপ্ৰাসন খাই; আদ বাটতে দুৰ্ঘটনা !

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 8:56 AM IST

Updated : Sep 11, 2023, 2:30 PM IST

Etv Bharat
Etv Bharat

ডিব্ৰুগড় লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনৰো অৱস্থা সংকটজনক ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত শিৱসাগৰ আৰু গুৱাহাটীৰ দুটা পৰিয়ালৰ লোক আছিল ৷

ডিব্ৰুগড় লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিব্ৰুগড়, 11 ছেপ্টেম্বৰ: ডিব্ৰুগড় ৰাইজৰ বাবে যেন অভিশপ্ত হৈ পৰিল দেওবাৰৰ দিনটো । দিনৰ ভাগত জিলাখনত চাৰিটাকে হত্যাকাণ্ড পোহৰলৈ অহাৰ পাচতেই লেপেটকটাৰ ৰেডিঅ’ চেন্টাৰৰ সমীপত সন্ধিয়া সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ইন’ভা আৰু এখন ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত দুজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন কেইবাজনো ৷

উল্লেখযোগ্য যে, দেওবাৰে পুৱা একেলগ হৈ ডিব্ৰুগড় চহৰৰ শান্তিপাৰাৰ এটা পৰিয়ালৰ গৃহত অন্নপ্রাসন অনুষ্ঠানলৈ আহিছিল শিৱসাগৰ আৰু গুৱাহাটীৰ দুটা পৰিয়াল । অনুষ্ঠানটো শেষ কৰি নিশা ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে AS 1JC 3076 নম্বৰৰ ইন'ভা বাহনখনত উভতি গৈ আছিল দুয়োটা পৰিয়াল ।

তেনে সময়তে নিশা প্ৰায় 8 বজাত ডিব্ৰুগড়ৰ লেপেটকটাৰ ৰেডিঅ' চেন্টাৰৰ সমীপত ডিব্ৰুগড় অভিমুখে আহি থকা এখন ট্ৰাকৰে মুখামুখি সংঘর্ষ হয় ইন’ভাখনৰ । ফলত ইনভাখনত থকা শিৱসাগৰৰ পৰিয়ালটোৰ পুষ্পা সুৰেখা আগৰৱালা থিতাতে নিহত হয় । লগতে ঘটনাস্থলীৰ পৰা ইন’ভা চালকজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা অৱস্থাত চিকিৎসকে মৃত ঘোষণা কৰে । ঘটনাত আহতসকলক ডিব্ৰুগড়ৰ শংকৰদেৱ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

বাহনখনত থকা পৰিয়ালৰ অধিকাংশ লোকৰে অৱস্থা সংকটজনক । ইয়াৰ ভিতৰত এটি শিশু আৰু এগৰাকী মহিলা ICU ত অতি সংকটজনক অৱস্থাত আছে । ইফালে দুৰ্ঘটনাগ্ৰস্ত ইন'ভাখনত অহা লোকসকলৰ নাম প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তথ্য অনুসৰি সেইসকল হ’ল সতীশ কুমাৰ আগৰৱাল, পম্পী আগৰৱালা, কৃষ্ণ কুমাৰ আগৰৱালা, পুষ্পা সুৰেখা আগৰৱালা, নিৰ্মল কুমাৰ আগৰৱালা, নমল আগৰৱালা আৰু গোলো আগৰৱালা ৷

দুৰ্ঘটনাত পতিত হোৱা গুৱাহাটীৰ পৰিয়ালটো গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ আইটেক প্লাজাৰ ফ্লেট নম্বৰ ৪ৰ বাসিন্দা বুলি জানিব পৰা গৈছে । আনহাতে, ডিব্ৰুগড়ৰ শান্তিপাৰাৰ পৰিয়ালটোৰ লোকে দুৰ্ঘটনাৰ খবৰ পায় শংকৰদেৱ চিকিৎসালয়ত উপস্থিত হৈ গুৱাহাটী আৰু শিৱসাগৰ পৰিয়ালৰ লোকৰ লগত যোগাযোগ, আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰে । এই ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে সেই কথা ডিব্ৰুগড়ৰ আৰক্ষী এতিয়াও নিশ্চিত হ'ব পৰা নাই যদিও সমগ্ৰ ঘটনাই ডিব্ৰুগড়ত চাঞ্চল্য সৃষ্টি হৈছে ৷ ঘটনাৰ পাচতেই ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক আৰু ডিব্ৰুগড়ৰ আযুক্ত লেপেটকটাত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা চলাই । ট্ৰাকখনৰ চালক পলাতক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Terrible road accident: ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত 2 জন; 5 জন সংকটজনক

Last Updated :Sep 11, 2023, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.