Terrible road accident: ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত 2 জন; 5 জন সংকটজনক

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 10:32 PM IST

Updated : Sep 11, 2023, 8:20 AM IST

thumbnail

ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ: ডিব্ৰুগড়বাসীৰ বাবে অভিশপ্ত দেওবাৰ হৈছে আজিৰ দিনটো । ডিব্ৰুগড়ত আজিৰ দিনটোত চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাচতেই সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । ডিব্ৰুগড়ৰ লেপেটকটাৰ ঘূৰণীয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ইন’ভা আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ । থিতাতে নিহত হৈছে 2 জনকৈ ব্যক্তি । সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ইন’ভা বাহনখন সম্পূৰ্ণৰূপে চূড়মাৰ হৈ যায় । ইতিমধ্য আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰাৰ লগতে আহত কেইজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । এই মুহূৰ্তলৈকে ব্যক্তি কেইজনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । 

শেহতীয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী ৷ সমগ্ৰ ঘটনাটোৰ পৰ্যবেক্ষণ কৰিছে জিলা আয়ুক্তগৰাকীয়ে ৷ ট্ৰাকখনৰ চালকে দ্ৰুতগতি চলোৱাৰ বাবেই এই দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ ৷

উল্লেখ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে তিনিচুকীয়া জিলাৰ বৰ-ডিৰাকতো এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছিল 7 জন আৰু আহত হৈছিল 12 জন লোক ৷

লগতে পঢ়ক: Terrible Road Accident: তিনিচুকীয়াৰ বৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 7 গৰাকী

Last Updated : Sep 11, 2023, 8:20 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.