ETV Bharat / bharat

Uddhav Reaction After EC Snub : নিৰ্বাচন আয়োগ প্ৰধানমন্ত্ৰীৰ দাস, উদ্ধৱ থাকৰে

author img

By

Published : Feb 18, 2023, 10:03 PM IST

Shiv Sena
Shiv Sena

একনাথ সিন্দেৰ নেতৃত্বত প্ৰতিদ্বন্দ্বী দলটোক প্ৰকৃত শিৱসেনা হিচাপে স্বীকৃতি দিয়াৰ নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ পিছত উদ্ধৱ থাকৰেয়ে শনিবাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ 'দলৰ প্ৰতীক চুৰি কৰা চোৰটোক এটা শিক্ষা দিব' (Uddhav Thackeray reaction on Shiv sena name symbol) ।

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী : নিৰ্বাচন আয়োগে (Election Commission of India) একনাথ সিন্দেৰ নেতৃত্বত প্ৰতিদ্বন্দ্বী দলটোক প্ৰকৃত শিৱসেনা হিচাপে স্বীকৃতি দিয়াৰ এদিন পিছত উদ্ধৱ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Uddhav Thackeray reacted on Shiv sena name symbol) । শনিবাৰে থাকৰেয়ে তেওঁৰ সমৰ্থকসকলক দলটোৰ 'ধনু আৰু কাঁড়' চিহ্ন চুৰি কৰা 'চোৰ'ক এটা পাঠ শিকোৱাৰ কথা কয় । তেওঁ লগতে তীব্ৰ আক্ৰমণ কৰি শিৱসেনাৰ সিন্দে গোটক 'প্ৰধানমন্ত্ৰীৰ দাস' বুলি উল্লেখ কৰে (Uddhav Thackeray attack Eknath Shinde) ।

উল্লেখ্য, শনিবাৰে হৈছে মহা শিৱৰাত্ৰি আৰু শিৱ জয়ন্তী বা ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্মজয়ন্তী হৈছে দেওবাৰে । আৰু এইবাৰ এই দুটা তিথিক 'শিৱসেনাৰ নাম আৰু প্ৰতীক লুটিবলৈ' বাছনি কৰা হৈছিল বুলি থাকৰেয়ে বিদ্ৰুপ কৰি কয়। ''চোৰে এখন মৌচাকত শিল নিক্ষেপ কৰিছে । কিন্তু তেওঁ মৌমাখিৰ দংশন অনুভৱ কৰা নাই ।" শনিবাৰে থাকৰেৰ বাসগৃহ 'মাতোশ্ৰী'ৰ বাহিৰত বান্দ্ৰাৰ মফচলীয় অঞ্চলত দলীয় কৰ্মীসকলক সম্বোধন কৰি থাকৰেয়ে এনেদৰে কয় (Uddhav Thackeray slammed EC on Shiv Sena issue) ।

''আপোনালোকে ভয় খাইছে নেকি ? এতিয়া অৱশ্যে আপোনালোকক দিবলৈ মোৰ একো নাই ।" তেওঁ সমবেত লোকসকলক উদ্দেশ্যি কয় । তেতিয়া তেওঁৰ সমৰ্থকসকলে ওলোটাই চিঞৰি উত্তৰ দিয়ে যে তেওঁলোকে ভয় খোৱা নাই আৰু তেওঁলোকক পৰৱৰ্তী পদক্ষেপৰ বাবে নিৰ্দেশনা দিব লাগে । ''আমি চোৰক নিৰ্বাচনৰ পাঠ নিশিকোৱালৈকে বিশ্ৰাম লোৱা উচিত নহয় । তৎক্ষণাৎ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক ।" একনাথ সিন্দে আৰু শিৱসেনাৰ সংখ্যাগৰিষ্ঠ বিধায়কে তেওঁৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পিছত যোৱা জুনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগা হোৱা থাকৰেয়ে এনেদৰে কয় (MH chief minister Eknath Shinde) ।

"মুখ্যমন্ত্ৰী সিন্দেয়ে চুৰি কৰা ধনু আৰু কাঁড় কঢ়িয়াই নিব নোৱাৰিব আৰু শিৱ ধনুষ উঠাব নোৱাৰা পৌৰাণিক ৰাক্ষস ৰজা ৰাৱণৰ দৰে খহি পৰিব ।" উদ্ধৱে লগতে কয় । তেওঁ লগতে কয় যে এনে বিবাদত নিৰ্বাচন আয়োগে এটা গোটক প্ৰতীক আৰু দলৰ নাম প্ৰদান কৰাৰ ৰেকৰ্ড আগতে কেতিয়াও নাছিল আৰু এনে পৰিস্থিতিত প্ৰতীকটো সদায় স্থবিৰ হৈ আছিল (Uddhav Thackeray and Shinde conflict) ।

''কিন্তু প্ৰধানমন্ত্ৰীৰ দাসসকলে এতিয়া এইটো কৰিছে ।'' তেওঁ এইবুলি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ কৰে । থাকৰেয়ে লগতে দাবী কৰে যে বৰ্তমানৰ নিৰ্বাচন আয়ুক্তজন অৱসৰৰ পিছত কোনোবা এখন ৰাজ্যৰ ৰাজ্যপাল হ'ব পাৰে । তেওঁ লগতে কয়, ''শিৱসেনা কোন সেয়া মানুহে সিদ্ধান্ত ল'ব ।" থাকৰেয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে মহাৰাষ্ট্ৰলৈ আহিবলৈ "বালাচাহেব থাকৰেৰ মুখা পিন্ধিব লাগিব ।"

লগতে পঢ়ক :Section 144 imposed in Arunachal: বাতিল হ’ল ৰাষ্ট্ৰপতিৰ অৰুণাচল ভ্ৰমণ; প্ৰতিবাদকাৰীৰে মুখ্যমন্ত্ৰীৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.